মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?

মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মমতা বেনাৰ্জীৰ আঁচনি এইবাৰ ছোনীয়াৰ হাতত৷ পশ্চিমবংগৰ ‘মহালক্ষ্মী’ প্ৰকল্প এইবাৰ আৰম্ভ কৰিছে কংগ্ৰেছ দলেও৷ তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছে ঘোষণা কৰিছে মহালক্ষ্মী প্ৰকল্পৰ৷ দেওবাৰে হায়দৰাবাদৰ পৰা তেলেংগানালৈ যাত্ৰা কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাই৷ মঞ্চত ছোনীয়া গান্ধীৰ উপস্থিতিত কংগ্ৰেছে তেলেংগানাবাসীক দিছে ৬টা বিশেষ গেৰাণ্টি৷ এইসমূহৰ ভিতৰত অন্যতম হৈছে মহালক্ষ্মী প্ৰকল্প৷ এই আঁচনিৰ অধীনত প্ৰতিমাহে মহিলাৰ বেংক একাউণ্টত সোমাব ২৫০০ টকাকৈ ধন৷ ইয়াৰোপৰি চৰকাৰী বাছত বিনামূলীয়া যাত্ৰা৷ ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম ৫০০ টকা বুলি ঘোষণা কৰিছে কংগ্ৰেছ দলে৷ ৰাজনৈতিক মহলত সকলোৰে নজৰ এতিয়া মহালক্ষ্মী আঁচনিৰ ওপৰতেই৷ কাৰণ I.N.D.I.A জোঁটত থকা তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত পাৰস্পৰিক বিৰোধীতা থাকিলেও দেশৰ প্ৰেক্ষাপটত একেলগে কাম কৰিবলৈ আগবাঢ়িছে দুয়োটা দলেই৷ সেয়ে তৃণমূলৰ আঁচনিকেই কংগ্ৰেছে তেলেংগানাত এপ্লাই কৰিছে৷

ইতিমধ্যে কংগ্ৰেছশাসিত কৰ্ণাটকত আৰম্ভ হৈছে এই প্ৰকল্প৷ শুকুৰবাৰে তামিলনাডুত এই প্ৰকল্প আৰম্ভ কৰিছে এম কে ষ্টেলিনেও৷ মহালক্ষ্মী আঁচনিৰ প্ৰতিশ্ৰুতি নিজেই দিছে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে৷ এই আঁচনিৰ কথা টুইটযোগে জনাইছে কংগ্ৰেছ নেতা কে চি বেণুগোপালে৷ ৰাজনৈতিক মহলতো লোকসভা নিৰ্বাচনৰ পূৰ্বে মহালক্ষ্মী আঁচনিৰ চাহিদা সমগ্ৰতে বৃদ্ধি পাইছে৷ এই আঁচনিৰ জনপ্ৰিয়তা মহিলাসকলৰ মাজত বিশেষভাৱে বৃদ্ধি পাইছে৷ তৃণমূল কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰলৈ আহি মেঘালয়তো এই আঁচনিৰ কথা প্ৰচাৰ কৰিছিল৷ আগন্তুক ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে এইবাৰ এই আঁচনিকেই বিশেষভাৱে প্ৰচাৰ কৰিছে৷

এক সমীক্ষা অনুসৰি দক্ষিণৰ ৰাজ্যসমূহত মহিলা ভোটাৰৰ প্রধান ভূমিকা আছে৷ সেয়ে প্ৰত্যেকটো দলেই মহিলাক বিশেষ টাৰ্গেট কৰি লয়৷ মহিলাৰ উদ্দেশ্যেই আঁচনিও প্ৰদান কৰে সকলোবোৰ ৰাজনৈতিক দলেই৷ বিজেপিয়েও মহিলাৰ বিভিন্ন আঁচনি এই ৰাজ্যসমূহত প্ৰচাৰৰ আওতালৈ আনিছে৷ বিজেপিয়ে আঁচনি আনিলেও মহিলাসকলে কিন্তু কংগ্ৰেছৰ আঁচনিৰ প্ৰতিহে বেছিকৈ আকৃষ্ট হোৱা বুলি জনাইছে সমীক্ষাটোৱে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *