সজাগতাৰ অভাৱ, জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কিশোৰীয়ে কৰিলে এনে কাম…

সজাগতাৰ অভাৱ, জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কিশোৰীয়ে কৰিলে এনে কাম…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

সজাগতাৰ অভাৱ, জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কিশোৰীয়ে কৰিলে এনে কাম…

এইখন ভাৰতৰে এক কৰুণ ঘটনা। সজাগতাৰ অভাৱত এগৰাকী কিশোৰীয়ে কৰিলে নকৰিবলগীয়া কাম। জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কৰি পেলালে এনে কাম যে এতিয়া হিয়া ঢাকুৰি কান্দিছে পিতৃ-মাতৃয়ে।

মুম্বাইৰ পৰা আহিছে এই খবৰ। শিক্ষদিক্ষাৰে পিছ পৰা অতি দৰিদ্ৰ অঞ্চল মলাড়ৰ পৰা আহিছে এই খবৰ। খবৰ অনুসৰি এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ প্ৰথম ঋতুশ্ৰাৱ অহাৰ পাছতে নিজকে ঘিণ কৰিবলৈ ধৰিছিল।

ঋতুশ্ৰাৱ কি সেই বিষয়ে কোনো জ্ঞানেই নাছিল কিশোৰীৰ। যাৰ বাবে ঋতুশ্ৰাৱৰ প্ৰথমদিনটোত কেৱল নিজৰ শৰীৰটোক আৰু নিজকে ঘিন কৰাৰ কথা কৈ থকিল মাকৰ আগত।

মাকে বুজালে এইয়া সাধাৰণ কথা। ছোৱালীৰ এনে হইয়ে। পাছে কোনোদিনে এই বিষয়ে নুশুনা নজনা, কোনো দিনে বিদ্যালয়ৰ মুখ নেদেখা কিশোৰীয়ে ইমানেই হীনমান্যতাত ভোগে যে, পিছদিনা গ্ৰহন কৰে নিজকে শেষ কৰি দিয়াৰ চৰম সিদ্ধান্ত।

যি ঘটনাই লগে লগে তোলপাৰ লগাই দিয়ে। ঘটনাৰ খবৰ পোনা মাত্ৰেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত এগাৰকী সমাজ সেৱীকাই কোৱা অনুসৰি অঞ্চলটো যদিও মুম্বাইত, তথাপি বহুত পিছপৰা। এনেধৰণৰ শিক্ষা দিবৰ বাবে গ’লেও কোনো মহিলা বা যুৱতী, কিশোৰী ঘৰৰ পৰা ওলাই নাহে। মহিলা সম্পৰ্কীয় কথা ওলালে সকলো দূৰতে থাকে। কোনেও খোলাকৈ কথা পাতিব নিবিচাৰে মহিলাৰ সমস্যাৰ ওপৰত। যাৰেই পৰিণতি এই কিশোৰীৰ মৃত্যু।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *