সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: এই সময়ছোৱাত সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰচুৰভাৱে ভাইৰেল হৈ আছে। টুইটাৰৰ ট্ৰেণ্ডিঙত থকা এই ভিডিঅ’টোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে। এজন সংখ্যালঘু ছাত্ৰক কৰা অপমানক লৈ দেশজুৰি অনলাইন কাজিয়াৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। আচলতে হৈছিল কি?

কৰ্ণাটকৰ মণিপাল ইনষ্টিটিউট অফ টেকনলোজীৰ এজন ছাত্ৰ আৰু অধ্যাপকৰ মাজত হোৱা বাক-বিতৰ্কই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। চলি থকা ক্লাছত এজন মুছলমান ছাত্ৰক সন্ত্ৰাসবাদী বুলি গালি পাৰিছিল এজন অধ্যাপকে।

ভাইৰেল হৈ পৰা ভিডিঅ’টো ২৬ নৱেম্বৰৰ। বাংগালুৰুৰ মণিপাল ইনষ্টিটিউট অফ টেকনলোজীৰ অধ্যাপক এজনে এজন ছাত্ৰক সন্ত্ৰাসবাদী বুলি উপলুঙা কৰিছিল। অৱশেষত ছাত্ৰজন অতিষ্ঠ হৈ পৰিছিল আৰু অধ্যাপকজনক প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল।

মুছলমান ছাত্ৰজন বহুত আৱেগিক হৈ পৰিছিল আৰু কৈছিল- ছাৰ, এইটো ধেমেলীয়া কথা নহয়। এজন মুছলমান ল’ৰাই হে জানে প্ৰতিদিনে আমি কিমান এনেকুৱা ধৰণৰ কথাৰ সন্মুখীন হ’ব লাগে। ছাৰ আপুনি নিজৰ সন্তানৰ লগতো এনেকুৱা ব্যৱহাৰ কৰে নেকি ? নিজৰ সন্তানকো আপুনি সন্ত্ৰাসবাদী বুলি মাতে নেকি ?

ছাত্ৰজন ইমানতেই ক্ষান্ত নাথাকিল। তেওঁ ক’লে- আপুনি মোক তেনেদৰে কেনেকৈ মাতিব পাৰে? মই মুছলমান হ’লো বুলিয়েই শ্ৰেণীকোঠাত ইমান মানুহৰ সন্মুখত মোক সন্ত্ৰাসবাদী বুলি কিয় মাতিলে? আপুনি এজন পেছাদাৰী, আপুনি শিকাই আছে আমাক।

অৱশেষত অধ্যাপকজনে ক্ষমা খুজিছিল ছাত্ৰজনৰ ওচৰত, কিন্তু তথাপিও খং যেন কমা নাছিল ছাত্ৰজনৰ। তেওঁ পুনৰাই কৈছিল- ক্ষমা খুজিলেই আপুনি সাৰি নাযায়, ক্ষমা খুজিলেই আপোনাৰ চিন্তাধাৰাত পৰিৱৰ্তন নহয়।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে মণিপাল ইনষ্টিটিউট অফ টেকনলোজীৰ অধ্যাপকজনক বহিষ্কাৰ কৰা হয়। ইনষ্টিটিউটখনৰ পৰিচালন সঞ্চালকসকলে  অধ্যাপকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ছাত্ৰজনৰ লগত ঘটা ঘটনাটো অতি দুখজনক বুলি প্ৰকাশ কৰে।

সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেলৰ পাছতে একাংশ সচেতন নাগৰিকে সমবেদনা জ্ঞাপন কৰিছে। ধিক্কাৰ দিছে এনে মানসিকতাৰ চিন্তাধাৰাক। এজন ব্যৱহাৰকাৰীয়ে লিখিছে- এই যুৱকজনক অভিনন্দন যিয়ে এই ফাল্টু কথাবোৰ নীৰৱে গ্ৰহণ নকৰি সঠিক প্ৰত্যুত্তৰ দিলে। এজনে আকৌ লিখিছে- তেওঁক নিজৰ বাবে, নিজৰ পৰিচয়ৰ বাবে থিয় হোৱা দেখি বহুত সুখী। মানুহে সহ্য কৰিব লাগে। কিন্তু কোনেও এজন শিক্ষকৰ পৰা বৈষম্য, কুসংস্কাৰ সহ্য কৰিব নালাগে।

হায়!! সংখ্যালঘু ছাত্ৰ ওপৰত এনে ব্যৱহাৰ উচিত নে ? কৰ্ণাটকৰ শিক্ষানুষ্ঠানৰ এই ভিডিঅ’টো সঁচাই দুখজনক। জনতাৰ মনত কেৱল এটাই প্ৰশ্ন, কোন দিশে গতি কৰিছে ভাৰত? এজন ডিগ্ৰীধাৰী অধ্যক্ষৰ মুখত এনে কঠোৰ ভাষাই কি শিক্ষা দিছে ভৱিষ্যতমুখী প্ৰজন্মক?

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *