ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন! তৰুণ গগৈয়ে কিয় অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত মুখ্যমন্ত্ৰী হোৱাত হেঙাৰ হৈ থিয় হৈছিল?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আজি ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী,’পদ্মভূষণ’ তৰুণ গগৈৰ ৮৯তম জন্ম বাৰ্ষিকী। তৰুণ গগৈৰ ওপজা দিনত বহুতেই জানিবলৈ আগ্ৰহী হৈ উঠিছে যে তেওঁৰ অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক কিয় মুখ্যমন্ত্ৰী হ’বলৈ দিয়া নাছিল তৰুণ গগৈয়ে? মুখ্যমন্ত্ৰী হ’বলৈ নোপোৱাৰ বেদনাতেই কংগ্ৰেছ ত্যাগ কৰিছিল নেকি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

হিমন্ত বিশ্ব শৰ্মাই কিয় ত্যাগ কৰিছিল কংগ্ৰেছ দল? সকলোবোৰ কথা মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ নকৰিলেও প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নৱী আজাদে বৰ্ণনা কৰিলে সকলো কথা। গোলাম নৱী আজাদে বৰ্ণনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ কাহিনী। সাংবাদিক বৰ্ষা দত্তৰে হোৱা এক সাক্ষাৎকাৰত এই সকলোবোৰ কথা বৰ্ণনা কৰিছে গোলাম নৱী আজাদে। গোলাম নৱী আজাদে এই সম্পৰ্কত কয়, ‘শ্ৰী নগৰত আছিলো। আহমেদ পেটেলৰ পৰা মোলৈ এটা ফোন আহে। ছোনীয়া গান্ধীয়ে সেইদিনা আহমেদ পেটেলৰ সৈতে কথা পাতিব বিচাৰে। অসমৰ বিসম্বাদক লৈ শ্ৰী নগৰৰ পৰা ছোনীয়া গান্ধীয়ে মোক মাতি পঠিয়ালে।’

গোলাম নৱী আজাদৰ ঘনিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা। এই কথা ছোনীয়া গান্ধীয়ে গম পাইছিল। সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই ৪০-৫০ গৰাকী বিধায়কক লগত লৈ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল। পদত্যাগ পত্ৰ দাখিল কৰাৰ দিনাই সন্ধিয়া ৫ বজাত গোলাম নৱী আজাদে ছোনীয়া গান্ধীক সাক্ষাৎ কৰে। হিমন্ত বিশ্ব শৰ্মা ব্ৰিগেডৰ বিধায়কসকলক দিল্লীলৈ লৈ অহাৰ কথা ক’লে গোলাম নৱী আজাদে। ৪৫ গৰাকী কংগ্ৰেছী বিধায়কক লগত লৈ হিমন্ত বিশ্ব শৰ্মাই গোলাম নৱী আজাদক সাক্ষাৎ কৰে। দুটা দিনৰ বাবে সকলো বিধায়কক দিল্লীতেই থকাৰ কথা ক’লে আজাদে।

ইয়াৰ পাছত তৰুণ গগৈক ফোন কৰে গোলাম নৱী আজাদে। তৰুণ গগৈৰ সমৰ্থনত থকা বিধায়কক দিল্লীলৈ পঠিয়াবলৈ ক’লে। মাত্ৰ ৭ জন বিধায়কহে তৰুণ গগৈৰ সমৰ্থনত আছিল। ১০ জন বিধায়কে ক’লে তেওঁলোক হাইকামাণ্ডৰ লগত আছে। ছোনীয়া গান্ধীক এই সকলো নম্বৰৰ কথা উল্লেখ কৰিলে আজাদে। তৰুণ গগৈক আঁতৰাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় সুনিশ্চিত হৈ পৰিল। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কৰিবলৈ গোলাম নৱী আজাদে অসমলৈ যাত্ৰা কৰিবলৈ সাজু হয়। কিন্তু যাত্ৰাৰ এদিন পূৰ্বে হঠাৎ আজাদলৈ ৰাহুল গান্ধীৰ ফোন আহে। ৰাহুল গান্ধীয়ে তেতিয়া ক’লে, ‘আপোনালোক অসমলৈ যোৱাৰ প্ৰয়োজন নাই।’

১০ বজাত ৰাহুল গান্ধীৰ ঘৰলৈ মাতি পঠিওৱা হ’ল গোলাম নৱী আজাদ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদকক। ৰাহুল গান্ধীৰ ঘৰত তৰুণ গগৈ আৰু গৌৰৱ গগৈয়ে চাহ খাই আছিল। এই দৃশ্য দেখি আচৰিত হৈ পৰিছিল কংগ্ৰেছৰ শীৰ্ষ নেতাসকল। ৰাহুল গান্ধীক গোলাম নৱী আজাদে ক’লে, ‘হিমন্ত বিশ্ব শৰ্মাৰ লগত সংখ্যা আছে
মুখ্যমন্ত্ৰীৰ পদ নিদিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিব।’ তেতিয়া প্ৰত্তুত্তৰত ৰাহুল গান্ধীয়ে ক’লে, ‘হিমন্ত বিশ্বক গ’লে যাবলৈ দিয়ক। হিমন্তক আৰ এছ এছলৈ যাবলৈ দিয়ক।

এই উত্তৰ শুনি হতবাক হোৱা গোলাম নৱীৰ মনলৈ আহিছিল ইন্দিৰা গান্ধীৰ কথা। ইন্দিৰা গান্ধীয়ে বেয়া দিনটো কংগ্ৰেছৰ নেতাক ধৰি ৰখাৰ চেষ্টা কৰিছিল কিন্তু ৰাহুল সম্পূৰ্ণ বিপৰীত। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সপক্ষে নে বিপক্ষে কাম কৰে! এই প্ৰশ্ন আহিছিল গোলাম নৱী আজাদৰ মনত। বহু প্ৰশ্ন আহিলেও ৰাহুলে কিন্তু কোনো কথাৰেই উত্তৰ দিয়া নাছিল।বৰ্ষা দত্তৰ এই সমগ্ৰ সাক্ষাৎকাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে, ‘গোলাম নৱী আজাদ বিফল হোৱাৰ পাছতো মই ১২ মাহ কংগ্ৰেছত আছিলো। এই ১২ মাহৰ কাহিনী যথেষ্ট আকৰ্ষণীয় আছিল। ২০১৫ৰ আগষ্ট মাহত মই কংগ্ৰেছ ত্যাগ কৰিলো।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *