ৰাজনীতিৰ বোকাময় পথাৰ চাফা কৰিম…ৰূপালী পৰ্দাৰ হিৰ’ থলপতি বিজয়ে খুলিলে নতুন ৰাজনৈতিক দল

ৰাজনীতিৰ বোকাময় পথাৰ চাফা কৰিম…ৰূপালী পৰ্দাৰ হিৰ’ থলপতি বিজয়ে খুলিলে নতুন ৰাজনৈতিক দল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এইবাৰ ৰাজনীতিত ভৰি থৈছে তামিল অভিনেতা থলপতি বিজয়ে৷ প্ৰকাশ কৰিলে নিজৰ ৰাজনৈতিক দলৰ নাম৷ বিজয়ে নিজৰ দলৰ নাম দিলে ‘তামিলগা ভেট্ৰি কাজগাম’৷ ইয়াৰোপৰি এক বিবৃতিত বিজয়ে জনাইছে, ‘২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো৷ এই নিৰ্বাচনত মই কোনো দলক সমৰ্থনো নজনাও৷ সাধাৰণ আৰু কাৰ্যনিৰ্বাহী পৰিষদে এই সিদ্ধান্ত লৈছো৷’

দলৰ কামক প্ৰভাৱিত নকৰাকৈ আসন্ন ছবিৰ কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে৷ বিজয়ৰ মতে, জনসেৱাৰ মাধ্যমেৰে ৰাজনীতিত নিজক নিয়োজিক কৰিব৷ ইয়াৰোপৰি তামিলনাডুৰ জনগণৰ প্ৰতি কৃতজ্ঞতাও প্ৰকাশ কৰিছে বিজয়ে৷ বিজয়ে কয়, ‘তামিলগা ভেট্ৰি কাজগাম’ৰ ৰেজিষ্ট্ৰেছনৰ বাবে আৱেদন জনোৱা হৈছে৷ নিৰ্বাচন কমিছনলৈ আমি আমাৰ আৱেদন প্ৰেৰণ কৰিছো৷ লক্ষ্য আসন্ন ২০২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰা৷ ইয়াৰ সৈতে মৌলিক ৰাজনৈতিক পৰিবৰ্তনো আহিব পাৰে যি জনগণই বিচাৰে৷ ৰাজনীতি কেতিয়াও এক পেছা হ’ব নোৱাৰে, ৰাজনীতি পবিত্ৰ সেৱা৷ তামিলগা ভেট্ৰি কাজগামৰ আক্ষৰিক অৰ্থ হৈছে তামিলনাডু বিজয় দল৷’ দলৰ নাম ঘোষণাৰ পাছতেই বিজয়ৰ নতুন দলৰ বাবে অভিনন্দন জনাইছে অনুৰাগীয়ে৷ কিছুদিন ধৰি জল্পনা চলিছিল অভিনেতা বিজয়ে ৰাজনীতিৰ ময়দানত প্ৰৱেশ কৰিব৷ পূৰ্বেও তামিলনাডুৰ অভিনয়ৰ জগতৰ পৰা বহু তাৰকা ৰাজনীতিত প্ৰৱেশ কৰিছে৷ তেওঁলোকৰ মাজতেই আছে এম জি ৰামচন্দ্ৰন, জয়ললিতা আদি৷

দক্ষিণী ছুপাৰষ্টাৰ বিজয়েও কেইবা বছৰ ধৰি ইণ্ডাষ্ট্ৰীত ভাল ভাল অভিনয়েৰে সুনাম কঢ়িয়াই আনিছে৷ তেওঁৰ অভিনয়ৰ বাবে ফেন ফলৱাৰ্ছৰ সংখ্যাও বহু আছে৷ বহুতৰে মতে বিজয়ৰ জনপ্ৰিয়তা ৰজনীকান্তৰ পাছতেই আছে৷ বিজয়ৰ ছবি বুলিলেই ৰিলিজৰ অপেক্ষাত থাকে ভক্তসকল৷ ৰিলিজৰ পাছতেই পেক্ষাগৃহৰ সন্মুখত ভক্তৰ লানি নিছিগা সোঁতো বয়৷ মূলত তামিল ছবিতেই অভিনয় কৰিছে বিজয়ে৷ কেৱল দক্ষিণী ছবিত অভিনয় কৰিলেও তামিলনাডুৰ বাহিৰতো আছে তেওঁৰ জনপ্ৰিয়তা৷ জনপ্ৰিয়তা থাকিলেও অৱশেষত ৰূপালী পৰ্দাৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি থৈছে অভিনেতা বিজয়ে৷ নিৰ্বাচন কমিছনলৈ যোৱাৰ পূৰ্বে পৰিষদীয় দলৰ বৈঠকো আয়োজন কৰিছিল বিজয়ে৷ সেই বৈঠকত উপস্থিত আছিল প্ৰায় ২০০ জন সদস্য৷ বিজয় এই সভাৰ সভাপতি আছিল৷ দলৰ সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষও নিযুক্তি দিয়া হৈছে৷ ইয়াৰোপৰি গঠন কৰা হৈছে দলৰ কাৰ্যনিৰ্বাহক কমিটিও৷ সূত্ৰৰ খবৰ অনুসৰি কাৰ্যনিৰ্বাহকৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে বিজয়কেই৷ বিজয়ে এই সন্দৰ্ভত কয়, ‘মই এনে এখন চৰকাৰৰ পৰিপন্থী য’ত দুৰ্নীতিৰ কোনো নাম গোন্ধই নাথাকিব৷ এই চৰকাৰ হ’ব লাগিব দুৰ্নীতিমুক্ত, ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল৷ আমি ধৰ্মীয় বৈষম্য, বৰ্ণ বিভাজন আৰু দুৰ্নীতিগ্ৰস্থ চৰকাৰৰ একেবাৰেই অৱসান ঘটাব বিচাৰিয়েই নতুন যাত্ৰা আৰম্ভ কৰিছো৷’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *