মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?

মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মুছলমান দেশ শব্দটো শুনিলেই সেই দেশৰ নাৰী মানেই হিজাব, বোৰ্খা পিন্ধা এখন ছবি চকুত ভাঁহি উঠে৷ সেই দেশৰ পুৰুষক কল্পনা কৰিলেই দাঢ়ি-কূৰ্তা পায়জামা পিন্ধা এটা চেহেৰা চকুত ভাঁহে৷ কিন্তু বিশ্বত এনে এখন মুছলমান দেশ আছে যিখন দেশত হিজাব পিন্ধাটো একেবাৰেই নিষিদ্ধ৷ কোন দেশত আছে এই নিয়ম? মহিলাই হিজাৱ পৰিধান কৰিব নোৱাৰা দেশখন হৈছে তাজিকিস্তান৷ তাত ৯৬শতাংশ লোকেই মুছলমান৷ তাৰপাছতো সেই দেশত কোনো মহিলাই হিজাৱ পিন্ধিব নোৱাৰে৷ তাত দাঢ়ি আৰু হিজাব একেবাৰেই নিষিদ্ধ৷

কেতিয়াৰে পৰা চলি আছে এই নিয়ম?

প্ৰায় তিনি দশক ধৰি এই দেশ শাসন কৰিছে প্ৰেছিডেণ্ট ইমোমা লি ৰহমানে৷ তাজিকিস্তানে সাংবিধানিকভাৱে ধৰ্মনিৰপেক্ষ দেশ৷ কিন্তু ইয়াতেই জনসংখ্যাৰ ৯৫শতাংশতকৈয়ো অধিক মুছলমান৷ ধৰ্মৰ স্বাধীনতা ইয়াৰ সংবিধানত উল্লেখ আছে৷ কিন্তু ইয়াত এজনৰ ধৰ্ম পালন কৰাটো কঠোৰভাৱে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত৷  ইয়াৰোপৰি ইয়াত হজলৈ যোৱা মানুহৰ সংখ্যাও নিয়ন্ত্ৰণ কৰা হৈছে৷ ২০১৫ চনত দ্যা ডিপ্লোমেটত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ১৮ বছৰতকৈ কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে হিজাৱ পৰিধান কৰিব নোৱাৰে৷ ১৮ বছৰতকৈ তলৰ শিশুৱে অন্ত্যেষ্টিক্ৰিয়া অবিহনে জনসাধাৰণৰ ধৰ্মীয় কামত অংশ ল’ব নোৱাৰিব৷ এই আইনত অন্ত্যেষ্টিক্ৰিয়া আৰু বিবাহৰ দৰে ব্যক্তিগত অনুষ্ঠানসমূহো নিয়ন্ত্ৰণ কৰা হৈছে৷  কোনো অনুষ্ঠান পাতিবলৈ কিমান মানুহে অংশ ল’ব সেয়াও চৰকাৰেই ঠিক কৰে৷

ইউএছ ইণ্টাৰনেশ্ব্যনেল ৰিলিজিয়াছ ফ্ৰিডম ৰিপৰ্ট (USCIRF)য়ে জনাইছে, ‘ধৰ্মীয় স্বাধীনতাক লৈ তাজিকিস্তানৰ চৰকাৰে হতাশাজনক ৰেকৰ্ড ক্ৰমাগত বেয়াৰ দিশলৈকে গৈ আছে৷ প্ৰেছিডেণ্ট ইমোমালি ৰহমানৰ শাসনত দমনমূলক নীতি বজাই ৰাখিছে৷ এই সকল ধৰ্মীয় মানুহৰ পক্ষত থাকি প্ৰকাশ্যে ধৰ্মীয় প্ৰদৰ্শনক দমন কৰি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত নিপীড়ন চলাইছে৷ বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়া নিষিদ্ধ কৰাৰ ওপৰিও হিজাবৰ ওপৰতো তাজিকিস্তানত নিষেধাজ্ঞা ৰখা হৈছে৷

ইছলামীক গ্ৰন্থও নিষিদ্ধ

কেৱল হিজাৱেই নহয়, মাৰ্কিন প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত তাজিকিস্তানৰ দুশানবেত ইছলামিক গ্ৰন্থৰ দোকান জ্বলাই দিয়া হৈছিল৷ চৰকাৰী অনুমোদন অবিহনে ধৰ্মীয় সামগ্ৰীও আমদানি কৰা নিষিদ্ধ৷ ইয়াৰোপৰি দোকানসমূহত আৰু ইছলামিক বহী বিক্ৰীৰো অনুমতি নাই বুলি জনা গৈছে৷ তাজিকিস্তানত চৰকাৰে উগ্ৰভাৱে এই নীতিসমূহ জাপি দিছে জনতাৰ ওপৰত৷ তাজিকিস্তানৰ সীমনা লাগি আছে আফগানিস্তানৰ সৈতে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *