৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিধ্বংসী ভূমিকম্পত কঁপিল টাইৱান। বুধবাৰে পুৱাই এই দ্বীপৰাষ্ট্ৰ কঁপি উঠিল ৭.৪ ৰিখটাৰ স্কেলৰ ভয়াৱহ ভূমিকম্পত। ইতিমধ্যেই টাইৱানত জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কতাও। টাইৱানৰ ওপৰিও ভূমিকম্পৰ তীব্ৰতা অনুভূত হৈছে দক্ষিণ জাপান আৰু ফিলিপাইন্সতো। বৰ্তমান পৰ্যন্ত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৭লৈ বৃদ্ধি পাইছে। আহতৰ সংখ্যা কমপক্ষেও ৮০০ জন বুলি জানিব পৰা গৈছে।

টাইৱানৰ স্থানীয় সময় অনুসৰি পুৱা ঠিক ৮বজাত ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছিল টাইৱানত। টাইৱানৰ ভূমিকম্প পৰ্যবেক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল ৭.২। যদিও ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল ছাৰ্ভেই জনোৱা অনুসৰি কম্পনৰ মাত্ৰা আছিল ৭.৮। ভূমিকেন্দ্ৰৰ অভিকেন্দ্ৰ আছিল টাইৱানৰ হুৱালিয়েন চহৰৰ পৰা ১৮ কিঃমিঃ দূৰত্বত আৰু গভীৰতা আছিল ৩৪.৮ কিঃমিঃ। কম্পনৰ মাত্ৰা ইমানেই বেছি যে একাধিক ঘৰ তাচপাতৰ দৰে খহি পৰাৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। টাইৱানৰ স্থানীয় চেনেলত প্ৰকাশ পোৱা দৃশ্যত দেখা পোৱা অনুসৰি টাইৱানৰ অন্যতম পৰ্যটনকেন্দ্ৰ হুৱালিয়েনৰ একাধিক ঘৰ ভাঙি পৰিছে। ৰাস্তাঘাট সমূহো ফাঁটি দুভাগ হৈ পৰিছে। এই দৃশ্যসমূহেই প্ৰকাশ কৰে ভূমিকম্পৰ ভয়াৱহতাৰ কথা।

এটা ভাইৰেল ভিডিঅ’ত দেখা পোৱা অনুসৰি এখন অত্যাধুনিক ঘৰ হঠাতেই খহি পৰিছে। ল’গে ল’গেই ধূলি হৈ পৰিছে সকলো। আতংকত সকলো লোকেই বাহিৰলৈ ওলাই আহিছে। জাপানৰ পৰাও জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ছুনামীৰ সম্ভাৱনা ব্যক্ত কৰিছে জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই। জাপানৰ বন্দৰসমূহত তিনি মিটাৰ ওখ ছুনামী আহিব পাৰে বুলিও আশংকা কৰা হৈছে। বিশেষভাৱে ছুনামীৰ ফলত ক্ষতিগ্ৰস্থ হ’ব পাৰে মিয়াকোজিমা দ্বীপ। টাইৱান প্ৰশাসনে এটা অফিচিয়েল বিবৃত্তি জাৰি কৰি উল্লেখ কৰিছে, ‘উপকুলীয় অঞ্চলৰ বাসিন্দাসকল সজাগ হৈ থাকক।’

কেৱলমাত্ৰ এটাই নহয় ৭.৮ ৰিখটাৰ স্কে মাত্ৰাৰ মূল কম্পনৰ ওপৰিও আফটাৰশ্বক আহিয়েই আছে। প্ৰথম কম্পনৰ পাছতেই দ্বিতীয়টো কম্পনৰ মাত্ৰা আছিল ৬.৫। টাইৱানৰ হুৱালিয়েন চহৰ এই ভূঁইকঁপত মৃত উপত্যকাত পৰিণত হৈছে। বিশেষজ্ঞই জনোৱা অনুসৰি, চলিত দশকৰ মাজত টাইৱানৰ এয়া সকলোতকৈ ভয়াৱহ ভূমিকম্প। ১৯৯৯ চনৰ পাছত এনে বৃহৎ ভূঁইকপে কপাইছে টাইৱান। ১৯৯৯ চনত হোৱা ভূইকঁপত টাইৱানৰ ২ হাজাৰ ৪০০ মানুহে মৃত্যুক আঁকোৱালি লৈছিল। সেই ভূমিকম্প আছিল টাইৱান দ্বীপৰ ইতিহাসত সকলোতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *