এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা

এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পৰিবৰ্তিত জীৱনশৈলী, খাদ্যভাষৰ খেলিমেলিৰ বাবেই বহু সংখ্যক লোকৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাইছে৷ এই সমস্যাসমূহৰ ভিতৰত প্ৰধান হৈছে প্ৰেচাৰ, ডায়াবেটিছ৷ ডায়াবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা আমাৰ ৰাজ্যতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ এই ৰোগচ দেহত চেনীৰ মাত্ৰা অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাব ধৰে৷ এই চেনীৰ মাত্ৰা বৃদ্ধিয়ে এজন ব্যক্তিক অকাল মৃত্যুৰ দিশে ঠেলি নিয়ে৷ স্বাস্থ্য বিশেষজ্ঞসকলে এই ৰোগক ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়৷ কাৰণ এই ৰোগৰ লক্ষণ পূৰ্বতে দেখা নাযায়৷ সময়মতে চিকৎসা নকৰিলে এই ৰোগে শৰীৰৰ সকলো গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি কৰে৷ এই পৰিস্থিতিত ডায়বেটিছ লক্ষণসমূহ চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়৷ তেজত চেনীৰ পৰিমান বৃদ্ধি পালে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে৷

দৃষ্টিশক্তি অস্পষ্ট

পুৱা সাৰ পোৱাৰ পিছত যদি আপোনাৰ দৃষ্টিশক্তি ম্লান যেন লাগিছে তেন্তে এয়া ডায়বেটিছৰ লক্ষণ৷  ডায়বেটিছৰ বাবে চকুৰ লেন্সত প্ৰভাৱ পৰে৷ যাৰ বাবে দৃষ্টিশক্তি ম্লান হৈ পৰিব পাৰে। ইয়াৰ বাবে আপুনি পুৱা স্পষ্টকৈ দেখাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। যদি আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰাওক৷

মুখ শুকাই যোৱা

গৰমৰ দিনত মুখ শুকান লগাটো সাধাৰণ কথা। কিন্তু যদি আপুনি শীতকালতো ৰাতিপুৱা মুখ শুকান হোৱাৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ইয়াক আওকাণ নকৰিব। ৰাতিপুৱা সাৰ পোৱাৰ পিছত তীব্ৰ পিয়াহ মধুমেহ ৰোগৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত ব্লাড চুগাৰ পৰীক্ষা কৰাব লাগে।

বমি বমি ভাৱ

পুৱা সাৰ পোৱাৰ পিছত বমি বা বমি ভাৱ অহাটোও ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। সাধাৰণতে গৰ্ভৱতী মহিলাৰ প্ৰথম মাহত এই সমস্যা হয়। কিন্তু  গৰ্ভৱতী নোহোৱাকৈয়ে বা পুৰুষৰো এই সমস্যাই দেখা দিয়ে তেন্তে ডায়বেটিছৰ পৰীক্ষা কৰাওক৷

ভাগৰ লগা

সাধাৰণতে পুৱা সাৰ পোৱাৰ পিছত প্ৰতিজন ব্যক্তিয়ে সতেজ অনুভৱ কৰে। কিন্তু সাৰ পোৱাৰ পিছত যদি আপুনি ভাগৰুৱা অনুভৱ কৰে তেন্তে ই ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। আচলতে ইনচুলিনৰ উৎপাদন কম হোৱাৰ বাবে আৰু তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে শৰীৰ অলস হৈ পৰে। যদি আপোনাৰো এই লক্ষণে দেখা দিছে তেন্তে ইয়াক আওকাণ নকৰিব।

মূৰৰ বিষ হোৱা

পুৱা সাৰ পোৱাৰ লগে লগে যদি মূৰৰ বিষ হয়, তেন্তে ই তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱাৰ লক্ষণ হ’ব পাৰে। টোপনি কম হ’লে বা মানসিক চাপৰ ফলতো মূৰৰ বিষৰ সমস্যা হ’ব পাৰে। কিন্তু যদি নিয়মিতভাৱে ৰাতিপুৱা সাৰ পোৱাৰ পিছত মূৰৰ বিষ হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰোৱা উচিত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *