কেজৰিৱালৰ নিৰ্দেশতেই মোক মা* পিট কৰিছে! বিস্ফোৰক মন্তব্য আপ নেত্ৰী স্বাতী মালিওৱাৰ, কিমান সত্য এই ঘটনা?

কেজৰিৱালৰ নিৰ্দেশতেই মোক মা* পিট কৰিছে! বিস্ফোৰক মন্তব্য আপ নেত্ৰী স্বাতী মালিওৱাৰ, কিমান সত্য এই ঘটনা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আম আদমি পাৰ্টীৰ নেত্ৰী তথা দিল্লীৰ মহিলা কমিছনৰ প্ৰাক্তন চেয়াৰপাৰ্ছন স্বাতী মালিৱালে আনিছে বিস্ফোৰক অভিযোগ৷ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত নিৰ্যাতন চলোৱা হৈছে স্বাতী মালিওৱাৰ ওপৰত৷ অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ বৈভৱ কুমাৰে তেওঁক নিৰ্যাতন চলাইছিল বুলি অভিযোগ তুলিছে দিল্লী আৰক্ষীৰ ওচৰত৷

সূত্ৰৰ খবৰ অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী বাসভৱনৰ পৰা পোনতে দুটা PCR কল আহিছিল৷ সেই ফোন কল আছিল স্বাতী মালিয়ালৰ৷ আৰক্ষীলৈ তেওঁ সহায় বিচাৰি ফোন কিৰছিল৷ পুৱা ৯ বাজি ৩৮ মিনিটত আহিছিল প্ৰথমটো ফোন৷ তাৰপাছতেই সোঁশৰীৰে তেওঁ থানাত উপস্থিত হয়৷ সমগ্ৰ বিষয় ব্যক্ত কৰি আপ নেত্ৰীগৰাকীয়ে এখন FIR দাখিল কৰে৷ আৰক্ষীৰ ওচৰত দিয়া অভিযোগত তেওঁ লিখিছে, অৰবিন্দ কেজৰিৱালৰ সহায়কে মুখ্যমন্ত্ৰীৰ বাসভৱনতেই তেওঁ নিৰ্যাতন চলাব বিচাৰিছিল৷ সেই সময়তেই তেওঁ আৰক্ষীলৈ ফোন কৰে৷ তেতিয়া লগে লগেই আৰক্ষীৰ এটা দল অৰবিন্দ কেজৰিৱালৰ বাসভৱনত উপস্থিত হয়৷ কিন্তু আৰক্ষী সেই স্থানত উপস্থিত হোৱালৈকে স্বাতী কেজৰিৱালৰ ঘৰৰ পৰা ওলাই আহিছিল৷

স্বাতীৰ এই অভিযোগৰ পাছতেই বিজেপিয়ে সমগ্ৰ বিষয়টোক লৈ মন্তব্য কৰিছে৷ বিজেপিৰ আইটি ছেলৰ প্ৰধান অমিত মালব্যই তীব্ৰভাৱে কটাক্ষ কৰিছে স্বাতী মালিৱালাক৷ এক্স হেণ্ডেলত তেওঁ লিখিছে, স্বাতী মালিবালাৰ যি অভিযোগ সেয়া আমি মনত ৰাখিম৷ মুখ্যমন্ত্ৰীৰ বাসভৱনতে এই ঘটনা ঘটেনে? মুখ্যমন্ত্ৰী দপ্তৰ ইয়াৰবাবে জৱাবদিহি হ’ব লাগে৷ দেশৰ এগৰাকী সাংসদক কেনেকৈ মুখ্যমন্ত্ৰীৰ সহায়কে মাৰধৰ কৰিব পাৰে?’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *