বিয়া পতাৰ নিৰ্দিষ্ট বয়স নাই, চাহিদা পূৰ কৰিব পৰা পুৰুষ পালেই বিয়া কৰামঃ সুস্মিতা সেন

বিয়া পতাৰ নিৰ্দিষ্ট বয়স নাই, চাহিদা পূৰ কৰিব পৰা পুৰুষ পালেই বিয়া কৰামঃ সুস্মিতা সেন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মাত্ৰ ১৮ বছৰ বয়সতেই  বিশ্বসুন্দৰী। বিশ্বসুন্দৰী হোৱাৰ ঠিক দুবছৰ পাছত সুস্মিতা সেনৰ অভিষেকৰ বলীউডত। ১৯৯৬ চনত দস্তক ছবিৰ মাধ্যমেৰে বলীউডত প্ৰৱেশ কৰিছিল সুস্মিতাই। তাৰপাছতেই বিবি নম্বৰ ৱান, ছিৰ্ফ তুম, ফিজা, আঁখে, মে হু নাৰ দৰে অসংখ্য চিনেমাত তেওঁ অভিনয় কৰিছে। তেওঁৰ ব্যক্তিত্বই বহুতকে আকৰ্ষণ কৰে। সৌন্দৰ্য, ব্য়ক্তিত্বতকৈ সুস্মিতা চৰ্চিত তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে।

সুস্মিতাৰ প্ৰেমৰ জীৱনটোক লৈ চৰ্চাৰ অন্ত নাই। লুক-ঢাক নোহোৱাকৈ মুকলিভাৱে প্ৰেম কৰাত বিশ্বাসী সুস্মিতা। কেতিয়াবা ৰণদ্বীপ হুডাৰ দৰে অভিনেতাৰ প্ৰেমত মছগুল যদি কেতিয়াবা আকৌ ৰেস্তোৰাৰ মালিক হৃতিক ভাছিন, কেতিয়াবা ছবি পৰিচালক বিক্ৰম ভট্ট আকৌ কেতিয়াবা ললিত মোদী। বয়সত বহু সৰু ৰহমান ছলৰ সৈতেও তেওঁৰ নাম মাজতে সাঙোৰ খাই পৰিছিল।

সুস্মিতাৰ বয়স অৰ্ধশতক ছুওঁ ছুওঁ। কিন্তু এতিয়াও প্ৰেমৰ ক্ষেত্ৰত সুস্মিতা পিছুৱাই আহিব খোজা নাই। তেওঁ তুলি লৈছে দুগৰাকী কন্যা সন্তান। ৰেনে আৰু আলিছাক লৈ এখন সুখৰ সংসাৰ। এই সংসাৰত তেওঁৰ কাষত থাকে প্ৰাক্তন প্ৰেমিক ৰহমান। শেহতীয়াকৈ সুস্মিতাই জনাইছে যে তেওঁ বিয়াত বহিব। কেইবাগৰাকী প্ৰাক্তনৰ কথাও তেওঁ শেহতীয়াকৈ প্ৰকাশ কৰিছে।

কিছু বছৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈছিল সুস্মিতা সেন। চিকিৎসাৰ অন্তত নৱজীৱন লাভ কৰিছে বিশ্বসুন্দৰী সুস্মিতাই। সেই সময়তেই সুস্মিতাক সংগ দিবলৈ কাষলৈ আহিছিল তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰহমান। তেতিয়াৰে পৰা বৰ্তমানলৈকে দুয়ো একেলগে সুমধুৰ সময় কটাই আছে। একেলগে থাকিলেও সুস্মিতা আৰু ৰহমান কোনোৱে প্ৰেমৰ সম্পৰ্কত থকা বুলি স্পষ্টকৈ কাহানিও উল্লেখ কৰা নাই।

অৱশ্যে শেহতীয়াকৈ সুস্মিতাই এক ইণ্টাৰভিউত জনাইছে যে, তেওঁৰ প্ৰতিগৰাকী প্ৰাক্তনৰ সৈতেই সুসম্পৰ্ক আছে। কেৱল সেয়াই নহয়, প্ৰতিজন প্ৰেমিকৰ ওচৰতেই তেওঁ কৃতজ্ঞ বুলিও জনাইছে। কাৰণ জীৱনত প্ৰেমিকৰ পৰাই বন্ধুত্ব কি জীৱন কি শিকিছে বুলিও সুস্মিতাই উল্লেখ কৰিছে। প্ৰেম শেষ হৈ যায় কিন্তু বন্ধুত্ব শেষ নহয় বুলিও উল্লেখ কৰিছে সুস্মিতাই। প্ৰেমৰ সীমা থাকে বন্ধুত্বৰ সীমা নাথাকে। ৰহমান তেওঁৰ জীৱনলৈ উভতি অহাটোও বন্ধুত্বই নেকি বুলি প্ৰশ্ন কৰা হৈছিল সুস্মিতাক। সেই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ নিদিলেও সুস্মিতাই কয় যে, এতিয়াও যদি বিয়াৰ কথা আহে তেন্তে তেওঁ বিবাহৰ বাবে অনিশ্চুক নহয়।

সুস্মিতাই কয়, ‘বিবাহৰ বাবে কেতিয়াও সামাজিক চাপ অথৱা বয়স হেঙাৰ হ’ব নোৱাৰে। বিয়া কৰোৱাৰ ইচ্ছা মোৰো আছে। কিন্তু জীৱনত সঠিক মানুহৰ অভাৱৰ বাবে এতিয়াও কৰোৱা নাই। যিদিনা সঠিক পুৰুষ মোৰ জীৱনলৈ আহিব মই নিশ্চয় বিয়া কৰাম। মোৰ চাহিদাৰ তালিকা তেওঁ পুৰণ কৰিব পাৰিব লাগিব। অৱশ্যে বিয়া নকৰালেও মই অসুখী নাৰী নহয়।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *