ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীৰ আজি ওপজা দিন৷ ছানী আজিও বহু লোকৰ হৃদয়ৰ ৰাণী৷ ছানীৰ সুন্দৰ চেহেৰাই আজিও আকৰ্ষিত কৰে বহুজনক৷ বি-গ্ৰেড ছবিৰ পৰা ছানীৰ বলীউড যাত্ৰা কিন্তু বৰ এটা সহজ নাছিল৷ ২০১২ চনত ছানীয়ে ভৰি দিছিল বলীউডত৷ তাৰপিছতেই ছানিৰ পৰিচয় হৈ পৰিল বলীউড অভিনেত্ৰী৷ বলীউডৰ বহুকেইখন হীট ছবিত অভিনয় কৰিছে ছানীয়ে৷

ওপজা দিনতেই জানি থওক ছানী কিমান সম্পত্তিৰ মালিক?

২০১২ চনত ছানী লিয়নীয়ে পূজা ভাট্টৰ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল৷ এই ছবিখনৰ পাছতেই ছানিৰ জনপ্ৰিয়তা বলীউডত বৃদ্ধি পালে৷ পূজা ভাট্টৰ ছবিৰ পাছতেই ছানীয়ে জেকপট, ৰাগিনী এম এম এছ-২, এক পেহলি লীলা, ৱান নাইট ষ্টেণ্ড আৰু তেৰা ইন্তিজাৰত অভিনয় কৰিছে৷ ইয়াৰ ওপৰি ছানী লিয়নীয়ে বহুতো ছবিত আইটেম ছংত নৃত্য কৰিও চিনেমাপ্ৰেমীৰ মন জয় কৰিছে৷

বলীউডত প্ৰৱেশ কৰাৰ আগৰ জীৱনটোৰ কথা মুকলিকৈ আলোচনা নহ’লেও ছানী সকলোৰে চিনাকী চৰিত্ৰ৷ শেহতীয়াকৈ ছানীৰ সম্পত্তিক লৈ এক ৰিপৰ্ট প্ৰকাশ পাইছে৷ সেই ৰিপৰ্ট অনুসৰি  ছানী বৰ্তমান প্ৰায় কেইবাকোটিও৷ মুম্বাইৰ বিলাসী এলেকাত আছে ছানীৰ ১৬ কোটি টকাৰ এটা ফ্লেট৷ ছানীয়ে অভিনয়, মডেলিং কৰাৰ ওপৰিও নিজাকৈ ব্যৱসায়ো চলাই আছে৷ ষ্টাৰ ষ্ট্ৰাইক নামৰ এটা প্ৰসাধনৰ ব্ৰেণ্ড আছে ছানীৰ৷ ইয়াৰোপৰি ছানীৰ আছে এটা কাপোৰৰ ব্ৰেণ্ডো৷

বিলাসী গাড়ীৰ চখ

বিলাসী বাহন সংগ্ৰহটো ছানীৰ বিশেষ চখ আছে৷ ছানীৰ গেৰেজত আছে মাৰ্ছিডিছ, অডি এ৫, বিএমডব্লিউ৭ চিৰিজ ৭৪০ লি, মাৰ্চিডিছ জি এল এ ৩৫০ ডি আৰু মাচেৰটি কোৱাট্ৰাপোৰ্ট৷ এই বিলাসী জীৱন কটোৱা ছানীয়ে কিন্তু এসময়ত টকাৰ বাবে বেকাৰীতো কাম কৰিছিল৷ কিন্তু জীৱনে সুযোগ দিলে ছানী হৈ পৰিল বিশ্বৰ চিনাকি চৰিত্ৰ৷ ২০১১ চনত ছানীয়ে প্ৰেমিক ডেনিয়েলৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ডেনিয়েলক বিয়া কৰোৱাৰ পাছতেই তেওঁ তিনিটা সন্তান তুলি লৈছে এই শিশুকেইটাক লৈ ছানীয়ে এখন সুখৰ সংসাৰ চলাই আছে৷ ছানীৰ সংসাৰখনক আজি বহুতেই প্রশংসাও কৰে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *