৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৩০ বছৰৰ পাছত শনি, সূৰ্য আৰু শুক্ৰ মিলি কুম্ভ ৰাশিৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হৈছে। বৰ্তমান শনিয়ে কুম্ভ ৰাশিত বিৰাজ কৰিছে। ১৩ ফেব্ৰুৱাৰীত সূৰ্যই এই ৰাশিত প্ৰৱেশ কৰিব। তাৰপাছতেই ৭মাৰ্চত অৰ্থ আৰু সমৃদ্ধিৰ কাৰক গ্ৰহ কুম্ভত প্ৰৱেশ কৰিব। উল্লেখ্য যে সূৰ্যৰ সৈতে শনি আৰু শুক্ৰ বৰ্তমান শত্ৰুতাৰ সম্পৰ্কত আছে। কিন্তু শনি আৰু শুক্ৰ পৰস্পৰৰ বন্ধু। এইবাৰ কুম্ভত সৃষ্ট এই ত্ৰিগ্ৰহী যোগ নানান কাৰণত বিশেষ। এই যোগৰ প্ৰভাৱত সমস্ত ৰাশিৰ জীৱন প্ৰভাৱিত হ’ব। আকস্মিক ধনলাভ আৰু উন্নতিৰো যোগ তৈয়াৰ হ’ব কেইটামান ৰাশিচ। কোন কোন ৰাশি এই তালিকাত আছে জানি থওক সবিশেষ।

মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই ত্ৰিগ্ৰহী যোগ লাভজনক প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত এই যোগ তৈয়াৰ হৈছে। এই সময়ত মেষ ৰাশিৰ জাতকৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব। লগ্নিৰ দ্বাৰা লাভৰ প্ৰৱল যোগ আছে। ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত কেৰিয়াৰত নতুন অভিজ্ঞতা অৰ্জন কৰিব পাৰিব মেষ ৰাশিৰ জাতক। সাফল্যৰ নতুন সংযোগ তৈয়াৰ হৈছে। পুত্ৰ বা পৌত্ৰ লাভ কৰিব পাৰিব। শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীৰ দ্বাৰা মুনাফা অৰ্জন কৰিব পাৰে।

বৃষ ৰাশি
ত্ৰিগ্ৰহী যোগ কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশত অত্যন্ত শুভ। আপোনাৰ ৰাশিৰ কৰ্ম স্থানত এই যোগ তৈয়াৰ হৈছে। এই যোগৰ প্রভাৱত কাম আৰু ব্যৱসায়ত সফলতা লাভ কৰিব বৃষ ৰাশিৰ জাতকে। চাকৰিৰ ক্ষেত্ৰত শুভ পৰিণাম পাব। কৰ্মক্ষেত্ৰত আপোনাৰ প্রভাৱ বাঢ়িব। চাকৰিয়াল জাতকসকলৰ পদোন্নতি হ’ব। পিতৃৰ সহযোগিতা লাভ কৰিব।

মকৰ ৰাশি
জ্যোতিষ গণনা অনুসৰি ত্ৰিগ্ৰহী যোগ মকৰ ৰাশিৰ জাতকৰ বাবে অনুকূল। আপোনাৰ গোচৰ কোষ্ঠীৰ অৰ্থ আৰু বাণী স্থানত এই যোগ তৈয়াৰ হ’ব। আকস্মিক ধন লাভ হ’ব। বেংক বেলেন্স বৃদ্ধি পাব। আৰ্থিক পৰিস্থিতি মজবুত হ’ব। পাবলগীয়া ধন লাভ কৰিব। সমস্ত ইচ্ছাপূৰণ হ’ব এই ৰাশিৰ জাতকৰ। আমদানি বৃদ্ধি পাব। আত্মবিশ্বাসৰ ফলত ভাল সিদ্ধান্ত ল’ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *