এমাহ সাৱধানে থাকক ৪ ৰাশিৰ জাতক! কন্যাত সূৰ্যৰ ভ্ৰমণে কেৰিয়াৰ আৰু ব্যৱসায়ত বঢ়াব সমস্যা

এমাহ সাৱধানে থাকক ৪ ৰাশিৰ জাতক! কন্যাত সূৰ্যৰ ভ্ৰমণে কেৰিয়াৰ আৰু ব্যৱসায়ত বঢ়াব সমস্যা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১৭ ছেপ্টেম্বৰত ৰাশি পৰিবৰ্তন কৰিব সূৰ্য। স্ব ৰাশি সিংহত এমাহ ভ্ৰমম কৰাৰ পাছত মিত্ৰ বুধৰ ৰাশি কন্যাত প্ৰৱেশ কৰিব সূৰ্যই। জ্যোতিষ গণনা অনুযায়ী ১৭ ছেপ্টেম্বৰত পুৱা ৭ বাজি ১২ মিনিটত কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। তাৰপাছতেই আগন্তুক এমাহ সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিব। সূৰ্যৰ কন্যা ৰাশিত প্ৰৱেশে কেইবাটাও ৰাশিৰ বাবে সমস্যা আনিব। ৪ ৰাশিৰ জীৱনত সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ পৰিব। আগন্তুক এমাহ ৪ৰাশিৰ জাতকৰ অৰ্থ আৰু কেৰিয়াৰত প্ৰভাৱ পৰিব। সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ ফলত কোন কোন ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰিব জানি থওক।

মেষ ৰাশি
সূৰ্যই আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব। জ্যোতিষ শাস্ত্ৰত সূৰ্যই কন্যা ৰাশিত থকাটোক শত্ৰুৰ স্থান বুলি কোৱা হয়। সূৰ্যৰ কন্যাৰ ভ্ৰমণৰ সময়ত মেষ ৰাশিৰ জাতকৰ শত্ৰু সক্ৰিয় হ’ব। কোনোৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। যিকোনো কাম কৰোতে সতৰ্ক হওক। আপোনাৰ স্বাস্থ্যও এই সময়ত প্ৰভাৱিত হ’ব। তেলত ভজা মছলাজাতীয় খাদ্য এৰাই চলক। নহলে পেটৰ সমস্যাত ভূগিব পাৰে।

তুলা ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি সূৰ্য এই সময়ত আপোনাৰ ক্ষতিৰ স্থানত থাকিব। সেয়ে তুলা ৰাশিৰ জাতকৰ আৰ্থিকত অসুবিধা আহিব। পিতৃ-মাতৃৰ স্বাস্থ্য দুৰ্বল হ’ব পাৰে। তেওঁলোকৰ যত্ন লওক। অৰ্থ সঞ্চয়ৰ বাবে বাবে বাজেট তৈয়াৰ কৰক। য’তে ত’তে ধন খৰচ নকৰিব। বিদেশী কোম্পানীত কৰ্মৰত বা বিদেশত ব্যৱসায়ৰ সৈতে জড়িত জাতকৰ বাবে এই সময় শুভ। অধ্যাত্মিক কামকাজত আগভাগ লওক। তেওঁলোকৰ বাবে এই সময় খুব বেয়াও নহয়।

কুম্ভ ৰাশি
সূৰ্যৰ পৰিভ্ৰমণে এই ৰাশিকো প্ৰভাৱিত কৰিব। সূৰ্যৰ অষ্টম কক্ষত বিচৰণে কুম্ভ ৰাশিৰ জাতকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমত্য দূৰ্বল কৰিব। এই মাহত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওতে ভাৱি চিন্তি লওক। বয়স্কসকলৰ সাহায্য লাভ কৰিব এই ৰাশিৰ জাতকে। আপোনাৰ স্বাস্থ্য দুৰ্বল থাকিব। আপোনাৰ মনত সকলোৱে যেন আপোনাক অৱজ্ঞা কৰিছে সেই ধাৰণা আহিব।

মীন ৰাশি
কন্যা ৰাশিত সূৰ্যৰ গোচৰৰ ফলত মীন ৰাশিৰ জাতকৰ অহং বোধ বাঢ়িব। এই সময়ত ভাৱিচিন্তি কথা ক’লে ভাল। দাম্পত্য জীৱনত সমস্যাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি নষ্ট হ’ব পাৰে। একাগ্ৰতাৰ সৈতে কাম কৰিলে সুফল পাব। জীৱনসংগীৰ সৈতে মনোমালিন্য হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত জাতকে প্ৰশংসা লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *