তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

জ্যোতিষ গণনা অনুসৰি সূৰ্যই এটা এটা ৰাশিত ৩০ দিন ধৰি বিচৰণ কৰে৷ সূৰ্যই কেৱল ৰাশি পৰিবৰ্তন কৰে তেনে নহয় সকলোবোৰ নক্ষত্ৰই ৰাশি পৰিবৰ্তন কৰি থাকে৷ মে মাহত মাত্ৰ তিনি দিনৰ ব্যৱধানত সূৰ্যই ৰাশি পৰিবৰ্তন কৰিব৷ ১১ মেত সূৰ্যই ৭ বাজি ১৩ মিনিটত কৃতিকা নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ এই তিনি দিন অৰ্থাৎ ১৪ মেৰ সন্ধিয়া ৬ বাজি ৪ মিনিটত বৃষ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ৩ দিনৰ মাজত সূৰ্যৰ নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তনৰ ফল কেইটামান ৰাশিৰ জাতকৰ ধন সম্পত্তি বৃদ্ধি পাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ সূৰ্যৰ গোচৰৰ ফলত কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব জানি থওক৷

মেষ ৰাশি

সূৰ্যৰ নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তনৰ ফল মেষ ৰাশিৰ জাতকৰ জীৱনত আনন্দ বৃদ্ধি হ’ব৷ অৰ্থৰ আগমন হোৱাৰ সম্ভাৱনা আছে৷ মেষ ৰাশিৰ যিসকল জাতকে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ বদলিৰ যোগ আছে৷ আইনী গোচৰত জয় লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সামাজিক পদ-প্ৰতিষ্ঠা বৃদ্ধি পাব৷ আভিভাৱকৰ সমৰ্থন লাভ কৰিব৷ বাধা বিঘিনি দূৰ হ’ব৷

বৃষ ৰাশি

সূৰ্যৰ গোচৰত বৃষ ৰাশিৰ জাতকৰ জীৱনত শুভ সংযোগ তৈয়াৰ হ’ব৷ সূৰ্যৰ নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তনৰ শুভ প্ৰভাৱ বৃষ ৰাশিৰ জাতকৰ অসাধাৰণ লাভ হ’ব৷ সমাজত প্ৰশংসিত হ’ব৷ ব্যক্তিত্ব উন্নত হ’ব এই ৰাশিৰ জাতকৰ৷ সুখ-সুবিধা বৃদ্ধি হ’ব৷ সূৰ্যৰ ৰাশি পৰিবৰ্তন আপোনাৰ বাবে আশীৰ্বাদতকৈ কম নহয়৷ সমস্ত ৰৈ থকা কাম সম্পন্ন হ’ব৷ নতুন পৰিকল্পনাত সফল হ’ব৷

সিংহ ৰাশি

সূৰ্যৰ গোচৰৰ শুভ প্ৰভাৱ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ৷ কাৰ্যালয়ত নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে৷ উচ্চাধিকাৰীসকলৰ সহযোগিতা লাভ কৰিব৷ কেৰিয়াৰত উন্নতিৰ একাধিক সুবৰ্ণ সুযোগ পাব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ পদোন্নতিৰ সম্ভাৱনা বৃদ্ধি পাব৷ আয়ৰ নতুন উৎস পাব৷ ইয়াৰ দ্বাৰা ধন লাভৰ পথ প্ৰশস্থ হ’ব৷

মকৰ ৰাশি

সূৰ্যৰ কৃতিকা নক্ষত্ৰ আৰু বৃষ ৰাশিত প্ৰৱেশে মকৰ ৰাশিৰ জাতকক সহায় কৰিব৷ পৰিয়াল আৰু বন্ধুৰ সহায়ত ধন লাভৰ নতুন সুযোগ পাব৷ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা বৃদ্ধি পাব৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অসাধাৰণ সাফল্য লাভ কৰিব৷ সমাজত আপোনাৰ মান-সন্মান বাঢ়িব৷ এই ৰাশিৰ কিছু জাতকে বহুদিন ধৰি পাবলগীয়া ধন এই সময়তে লাভ কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *