ডেৰ বছৰ পাছত মেষত সূৰ্য আৰু শুক্ৰৰ যুঁটি! সন্মান-প্ৰতিপত্তি বাঢ়িব তিনি ৰাশিৰ

ডেৰ বছৰ পাছত মেষত সূৰ্য আৰু শুক্ৰৰ যুঁটি! সন্মান-প্ৰতিপত্তি বাঢ়িব তিনি ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ডেৰ বছৰ পাছত মেষ ৰাশিত যুঁটি বান্ধিব সূৰ্য আৰু শুক্ৰই। ১৩ এপ্ৰিলত মেষ ৰাশিত প্ৰৱেশ কৰিব সূৰ্য। ইয়াৰ পাছতেই ২৪ এপ্ৰিলত সুখ-সমৃদ্ধিৰ কাৰক গ্ৰহ শুক্ৰই মেষ ৰাশিত গোচৰ কৰিব। জ্যোতিষ গণনা অনুসৰি ১৮ মাহৰ পাছত এই দুই গ্ৰহই মেষ ৰাশিত মিলিত হ’ব।

সূৰ্য আৰু শুক্ৰ পৰস্পৰৰ প্ৰৱল শত্ৰু। কিন্তু এই দুই গ্ৰহৰ সংযোগ শুভ ফলদায়ী। এই দুই গ্ৰহৰ মিলনৰ ফলত কেইটামান জাতকৰ মান-সন্মান বাঢ়িব। ইয়াৰোপৰি সুখ-সমৃদ্ধিত জীৱন কটাব। ২৪ এপ্ৰিলত মেষ ৰাশিত সূৰ্য আৰু শুক্ৰৰ মিলন কেইটামান ৰাশিৰ বাবে শুভ।

সিংহ ৰাশি
সূৰ্য আৰু শুক্ৰৰ যুঁটি সিংহ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। কাৰণ আপোনাৰ ৰাশিৰ নৱম স্থানত এই যুঁটি তৈয়াৰ হ’ব। ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি ধৰ্মীয় কামত মনোনিৱেশ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় যাত্ৰাত অংশ ল’ব পাৰে এই ৰাশিৰ জাতকে। ইয়াৰোপৰি এই সময়ত ৰৈ থকা কোনো কাম সম্পন্ন হ’ব। যি সিংহৰ জাতক বিদেশত গৈ শিক্ষা গ্ৰহণৰ বাবে ইচ্ছুক তেওঁলোকৰ ইচ্ছা পূৰণ হ’ব। কোনো সম্পত্তি বা বাহন ক্ৰয় কৰিব পাৰে।

তুলা ৰাশি

এই দুই গ্ৰহৰ যুঁটি তুলা ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী প্ৰমাণিত হ’ব। তুলা ৰাশিৰ গোচৰ কোষ্ঠীৰ সপ্তম স্থানত এই যুঁটি হ’ব। দাম্পত্য় জীৱন অসাধাৰণ হ’ব। দাম্পত্য জীৱনত কোনো সমস্যা থাকিলে দূৰ হ’ব। এই ৰাশিৰ অবিবাহিত জাতকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। অংশীদাৰীৰ ব্যৱসায়ত কাংখিত লাভ হ’ব। বেকাৰ যুৱকে চাকৰিৰ নতুন সুযোগ পাব।

ধনু ৰাশি

সূৰ্য আৰু শুক্ৰৰ সংযোগ ধনু ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ পঞ্চম কোষ্ঠীত এই যুঁটি হ’ব। সন্তান সংক্ৰান্তিয় শুভ সংবাদ পাব। চাকৰিয়াল জাতকে একাধিক সুযোগ লাভ কৰিব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনা পৰিচয় ঘটিব। প্ৰেমত সফলতা অৰ্জন কৰিব। ভৌতিক সুখ সুবিধা বৃদ্ধি পাব। সমস্ত চেলেঞ্জত মোকাবিলা কৰিব পাৰিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *