ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  মকৰ ৰাশিত তৈয়াৰ হৈছে বুধাদিত্য যোগ। ১ ফেব্ৰুৱাৰীত মকৰ ৰাশিত প্ৰৱেশ কৰিব বুধে। এই স্থানত পূৰ্বৰে পৰাই সূৰ্যই বিৰাজ কৰি আছে। একেই ৰাশিত সূৰ্য আৰু বুধৰ আগমন হোৱাত বুধাদিত্য যোগ তৈয়াৰ হ’ব। মিথুন আৰু কন্যা ৰাশিৰ অধিপতি বুধ ১ফেব্ৰুৱাৰী দুপৰীয়া ২বাজি ২৩ মিনিটত মকৰ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ পাছতেই ৮ফেব্ৰুৱাৰীত মকৰ ৰাশিতেই অস্ত যাব এই গ্ৰহ। ২০ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ পৰা বাহিৰ হৈ ধনু ৰাশিত প্ৰৱেশ কৰিব। মকৰ ৰাশিত বুধাদিত্য যোগ তৈয়াৰৰ ফলত বেছ কিছু ৰাশিৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। ইয়াৰোপৰি বুদ্ধিৰ বিকাশো হ’ব। মকৰ ৰাশিত বুধৰ প্ৰৱেশৰ পাছতেই কোন কোন ৰাশিৰ জাতকৰ ফেব্ৰুৱাৰী মাহ শুভ হ’ব জানি থওক।

মেষ ৰাশি
বুধাদিত্য ৰাজযোগৰ প্রভাৱত মেষ ৰাশিৰ জাতকে ফেব্ৰুৱাৰী মাহত সফলতা লাভ কৰিব। এই ৰাশিৰ জাতকে একাধিক সুযোগ লাভ কৰিব পাৰে। ইয়াৰ ফলত কেৰিয়াৰত উন্নতি হ’ব। ইয়াৰোপৰি আৰ্থিক পৰিস্থিতি মজবুত হ’ব। চাকৰিৰ সন্ধানত থকা জাতকে সুযোগ লাভ কৰিব। বিদেশ যাত্ৰাৰো সুযোগ লাভ কৰিব পাৰে। ইয়াৰোপৰি এই ৰাশিৰ জাতকে পৰিয়ালৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। আত্মবিশ্বাস বাঢ়িব। সহজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ ধন বৃদ্ধিৰ শুভ সংযোগ তৈয়াৰ হৈছে। ভাৱমূৰ্তি উন্নত হ’ব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ প্রভাৱ বাঢ়িব। ইয়াৰোপৰি ব্যৱসায়িক সিদ্ধান্ত মজবুত হ’ব। লগ্নিৰ দ্বাৰা ভাল লাভৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। চাকৰিয়াল জাতকৰ কেৰিয়াৰত উন্নতি। সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। এই সময়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে ফুৰিবলৈ যোৱাৰো সুযোগ আছে।

সিংহ ৰাশি
বুধাদিত্য যোগৰ ফলত সিংহ ৰাশিৰ জাতকে ফেব্ৰুৱাৰী মাহত উল্লেখযোগ্য অভিজ্ঞতা অৰ্জন কৰিব। বিভিন্ন ব্যৱসায়িক কামৰ সৈতে যুক্ত সিংহ ৰাশিৰ জাতকৰ সফলতা বৃদ্ধি পাব। এই ৰাশিৰ জাতকে এই সময়ত কঠিন পৰিশ্ৰম কৰিব। অধিকাৰিসকলৰ পূৰ্ণ প্ৰশংসা লাভ কৰিব। ফেব্ৰুৱাৰী মাহত পৰিয়ালৰ সদস্যসকলৰ সৈতে তীৰ্থ যাত্ৰাত যাব পাৰে। পৰিয়ালত শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। প্ৰতিদ্বন্দ্বীসকলৰ বাবে কঠিন চেলেঞ্জ আহিব। অৰ্থ সঞ্চয়ৰ দ্বাৰা সফলতা আহিব।

কন্যা ৰাশি
সূৰ্য আৰু বুধৰ যুঁটিৰ ফলৰ সৃষ্টি হোৱা বুধাদিত্য যোগৰ ফলত কন্যা ৰাশিৰ জাতকে পাবলগীয়া ধন লাভ কৰিব। ভাগ্যৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে। চাকৰিয়াল জাতকে ভিন্ন কোম্পানীত ইণ্টাৰভিউৰ বাবে আমন্ত্ৰণ লাভ কৰিব পাৰে। বুদ্ধি আৰু কৌশল ব্যৱহাৰ কৰি অন্যান্যসকলক প্ৰভাৱিত কৰিব পাৰিব। প্রভাৱশালী ব্যক্তিৰ সৈতে সাক্ষাৎ হোৱাত সহজেই চৰকাৰী কামত সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সু সম্পৰ্ক বৰ্তাই ৰাখিব। জীৱনসংগীৰ সহায় লৈ সম্পত্তি ক্ৰয় কৰিব পাৰে। এই ৰাশিৰ জাতকৰ অৰ্থ উপাৰ্জনৰ ভাল সুযোগ হাতলৈ আহিব। অৰ্থ সঞ্চয় কৰিব পাৰে।

তুলা ৰাশি
বুধাদিত্য যোগৰ প্রভাৱত তুলা ৰাশিৰ জাতকে অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। ইয়াৰ বাবে অধিক পৰিশ্ৰম কৰিব পাৰিব তুলা ৰাশিৰ জাতকে। সাফল্য লাভ কৰিব। ব্যৱসায় বৃদ্ধিৰ ফলত আৰ্থিক পৰিস্থিতি উন্নত হ’ব। ব্যৱসায়ত বিস্তাৰ কৰিব। এই সময়ত সফল নেতা হিচাপে নিজকে গঢ়ি তুলিব পাৰিব। আনকি বাণীৰ সহায়ত সহজেই নিজৰ কাম হাচিল কৰিব পাৰিব। গোচৰ কালৰ সময়ত তুলা ৰাশিৰ জাতকে সুখ সুবিধা বৃদ্ধি পাব। ঘৰৰ বাবে বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰিব। স্বাস্থ্য ভালে থাকিব। পৰিয়ালৰ দায়িত্ব ভালধৰণে ল’ব পাৰিব।

কুম্ভ ৰাশি
জ্যোতিষ অনুসৰি বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতকৰ কৰ্মক্ষেত্ৰত নিজৰ প্রভাৱ বৰ্তাই ৰাখিব। ব্যৱসায়ত ভাল ফল লাভ কৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰা ফেব্ৰুৱাৰী মাহ অতি উত্তম। কঠিন পৰিশ্ৰমৰ ফল লাভ কৰিব। নিজৰ প্ৰচেষ্ঠাৰ দ্বাৰা সাফল্য লাভ কৰিব। এই সময়ত ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে। পুৰণা ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰিব। পাৰিবাৰিক আৰু দাম্পত্য জীৱন সুখৰ হ’ব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *