সন্ধান ওলাল ৰাৱণৰ লংকাৰ, দেখি আচৰিত জনতাৰ লগতে পুৰাতত্ববিদ সকলো

সন্ধান ওলাল ৰাৱণৰ লংকাৰ, দেখি আচৰিত জনতাৰ লগতে পুৰাতত্ববিদ সকলো

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

সন্ধান ওলাল ৰাৱণৰ লংকাৰ, দেখি আচৰিত জনতাৰ লগতে পুৰাতত্ববিদ সকলো

শ্ৰীলংকাৰ এক সুউচ্চ পাহাৰৰ ওপৰত থকা বিশাল শিলাখণ্ডৰ ওপৰত দেখা গৈছে এখন পুৰণি চহৰ। এই চহৰৰ আৱিষ্কাৰে স্তম্ভিত কৰি তুলিছে পুৰাতত্ত্ববিদ আৰু ইতিহাসবিদসকলক। শ্ৰীলংকাৰ মাজভাগত অৱস্থিত ছিগিৰিয়া চহৰৰ ধ্বংসাৱশেষে ইয়ালৈ অহা পৰ্যটকসকলক আচৰিত কৰি তোলে।

ধ্বংসাৱশেষবোৰত থকা অৱশিষ্টবোৰলৈ চালে এনে লাগে যেন এসময়ত ই এখন নিশ্চয় এখন বিশাল চহৰ আছিল, যি কোনোবা ৰজাৰ ৰাজধানী আছিল সন্দেহ কৰিছে পুৰাতত্ত্ববিদ সকলে।

এই চহৰখন এখন ওখ পাহাৰৰ ওপৰত অৱস্থিত, যাৰ নিৰ্মাণ কৌশলে এতিয়াও পুৰাতত্ত্ববিদসকলক আচৰিত কৰি তুলিছে। এয়া বহু হাজাৰ বছৰ পূৰ্বৰ উজ্জ্বল অভিযান্ত্ৰিকতাৰ নিদৰ্শন। লগতে ১৮০ মিটাৰ উচ্চতাত অৱস্থিত এই ছিগিৰিয়া চহৰখন।

কোনো কোনো লোকৰ মতে ইয়াত এটা বৌদ্ধ মঠ আছিল, কিন্তু ইয়াত পোৱা বস্তুবোৰৰ ভিত্তিত কিছুমানে কয় যে এইটো হিন্দু ধৰ্মীয় গ্ৰন্থ ৰামায়ণত উল্লেখ কৰা লংকাৰ ৰজা ৰাৱণৰ ৰাজপ্ৰসাদ আছিল।

ছিগিৰিয়া নগৰ শ্ৰীলংকাৰ অন্যতম প্ৰসিদ্ধ পুৰণি নগৰ সমুহৰ ভিতৰত অন্যতম। লগতে ইয়াক বিশ্বৰ আশ্চৰ্য্যৰ ভিতৰত গণ্য কৰা হয়। ছিগিৰিয়াক সিংহৰ শিল বুলিও কোৱা হয়, যাৰ উচ্চতা ১৮০ মিটাৰ। এই শিল ইমানেই ওখ যে হাবিৰ বাহিৰৰ পৰাই কেৱল শিলটো দেখা যায়।

লিখিত তথ্য অনুসৰি ই পূৰ্বে ৰজা কাশ্যপৰ ৰাজধানী আছিল। একাংশ লোকৰ মতে ৰজা কাশ্যপে এই ঠাইখনক নিজৰ ৰাজপ্ৰসাদ হিচাপে প্ৰস্তুত কৰিছিল। বৰ্তমান এই স্মৃতিসৌধ ইউনেস্ক’ৰ ঐতিহ্যৰ অন্তৰ্ভুক্ত।

বহু ইতিসাহবিদ এনেও আছে যিয়ে এই চহৰ ৰামায়ণত উল্লেখ কৰা লংকাপতি ৰাৱণৰ সৈতে সংযোগ কৰে। কোৱা হয়, প্ৰায় ৫ হাজাৰ বছৰ পূৰ্বে এই পৰ্বতৰ ওপৰত ৰাৱণৰ ৰাজপ্ৰসাদ আছিল, যি কুবেৰে নিৰ্মাণ কৰিছিল।

এই ৰাজপ্ৰসাদলৈ যাবলৈ ১০০০ চিৰি ব্যৱহাৰ কৰা হৈছিল বুলি কোৱা হয়। লগতে ৰাজপ্ৰসাদৰ ওপৰলৈ যাবলৈ লিফ্টৰো ব্যৱস্থা কৰা আছিল । পাঁচ হাজাৰ বছৰৰ আগতে লিফট এটা কল্পনা কৰিলেই ৰোমাঞ্চকৰ।

এই শিলৰ পাহাৰৰ তললৈ চালে বহু গুহা দেখা যায়, ৰাৱণে সীতাক অপহৰণ কৰি সেই গুহাবোৰৰে এটাত ৰাখিছিল বুলি বিশ্বাস কৰা হয় । গুহাবোৰৰ ভিতৰত অনেক চিত্ৰ অংকিত কৰা আছে, কোৱা হয় এই চিত্ৰবোৰ ৰাৱণৰ বহু কেইগৰাকী পত্নীৰ।

পৌৰাণিক কাহিনী বাদ দি চিগিৰিয়াক এসময়ত বৌদ্ধ মঠ বুলি গণ্য কৰা হৈছিল। চতুৰ্দশ শতিকালৈকে ইয়াত বৌদ্ধ সন্ন্যাসীসকলে বাস কৰিছিল বুলি বিশ্বাস কৰা হয় যদিও এই সত্যৰো কোনো প্ৰমাণ পোৱা নাযায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *