১৬ বছৰ পাছত আকৌ শীৰ্ষত! ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত সকলোতকৈ ওপৰত কোন?

১৬ বছৰ পাছত আকৌ শীৰ্ষত! ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত সকলোতকৈ ওপৰত কোন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সময়ৰ চকা এনেকৈয়ে ঘূৰে। মাজত ১৬ বছৰৰ এক বৃহৎ ব্যৱধান। ১৬ বছৰ পূৰ্বে ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত শীৰ্ষত আছিল দক্ষিণী ছুপাৰষ্টাৰ ৰজনীকান্ত। কিন্তু সেই সময়ৰ পৰা লাহে লাহে তেওঁৰ জনপ্ৰিয়তা কমি আহিল। দক্ষিণৰ পৰা বহু নতুন নতুন অভিনেতাই দক্ষিণী চিনেমাৰ ক্ষেত্ৰখন দখল কৰিবলৈ ল’লে। তাৰমাজতেই কিন্তু ৰজনীকান্ত একেবাৰে অতীত হৈ গ’ল তেনে নহয়। এখন দুখন চিনেমা ৰজনীকান্তই কৰি থাকিল। ছবি ছুপাৰহীট নহ’লেও হীট হয়েই, কাৰণ ৰজনীকান্ত দক্ষিণী চিনেমাক্ষেত্ৰৰ কিং। বিগত ১৬ বছৰত চিনেমাৰ কাম যিহেতু পূৰ্বতকৈ কমিল সেয়ে ধনৰ মোনাৰ ওজনো কমিছিল। কিন্তু শেহতীয়াভাৱে ৰজনীকান্ত আকৌ এবাৰ শীৰ্ষ উপাৰ্জনকাৰী অভিনেতাৰ তালিকালৈ আহিছে।

সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে দক্ষিণী ছুপাৰষ্টাৰ ৰজনীকান্তে। ২০০৭ চনত তামিল পৰিচালক এছ শঙ্কৰৰ পৰিচালনাত প্ৰেক্ষাগৃহত মুক্তি পাইছিল ‘শিৱাজী, দ্যা বছ’, এই ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰি ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছিল ৰজনীকান্তই। কেৱল ভাৰততেই নহয়, ‘শিৱাজী দ্যা বছ’, ছবিখন নিৰ্মাণ কৰোতে খৰচ হৈছিল ৬০ৰ পৰা ৮৯ কোটি টকা। ছবিখনে মুক্তিৰ পাছত বক্স অফিচত উপাৰ্জন কৰিছিল ১০০ ৰ পৰা ১৬০ কোটি।

২০০৭ চনৰ পৰা বৰ্তমানলৈ ১৬ বছৰীয়া ব্যৱধান। চলিত বছৰত ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতা হিচাপে নাম আহিছে ৰজনীকান্তৰ। ১০ আগষ্টত প্ৰেক্ষাগৃহত মুক্তিলাভ কৰিছে ৰজনীকান্তৰ ছবি,’জেইলাৰে।’ মুক্তিৰ ২৩ দিনত জেইলাৰে আয় কৰিছে ৬০০ কোটিৰো অধিক ধন। ‘জেইলাৰ’ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবদ ১০০ কোটি টকা পাৰিশ্ৰমিক লৈছে ৰজনীকান্তই। কিন্তু বক্স অফিচত, ‘জেইলাৰ’ৰ সফলতাৰ পাছত লাভ্যাংশৰ পৰাও আৰু ১১০ কোটি টকা লাভ কৰিছে ৰজনীকান্তই।

‘জেইলাৰ’ ছবিৰ প্ৰযোজক কলানিধি মাৰাণে ছবিখনৰ সাফল্যৰ বাবে ৰজনীকান্তক অভিনন্দন জনাইছে। জেইলাৰ ছবিখন কৰিয়েই ৰজনীকান্তই লাভ কৰিছে ২১০ কোটি টকা। কেৱল অৰ্থই নহয়, ছবিখন কৰি ৰজনীকান্তই লাভ কৰিছে বিলাসবহুল এখন বাহনো। সূত্ৰৰ খবৰ অনুসৰি ৰজনীকান্তৰ ঘৰত একাধিক বিলাসবহুল বাহন আছে। তাৰপিছতো প্ৰযোজকে ৰজনীকান্তক উপহাৰ হিচাপে দিছে বিএমডব্লিও এক্স ৭ মডেলৰ এখন বাহন। ৭ ছেপ্টেম্বৰত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাব জেইলাৰে। একেদিনাই প্ৰেক্ষাগৃহত মুক্তিলাভ কৰিব শ্বাহৰুখ খানৰ জাৱানেও।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *