৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

মালয়ালম চিনেমাৰ ছুপাৰষ্টাৰ এগৰাকীৰ নতুন চিনেমা আহি আছে। যাক লৈ এতিয়া দৰ্শকৰ মাজত হৈ চৈ লাগি গৈছে। চিনেমাৰ ট্ৰেইলাৰ মুকলিৰ পাছতে হাহাকাৰ লাগি গৈছে চাৰিওফালে। কিয়নো ৭২ বছৰ বয়সতো চিনেমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰি ছুপাৰ এক্সন দেখুাৱাইছে অভিনেতাই।

ছুপাৰষ্টাৰ মেমুট্টিয়ে এতিয়াও ৭২ বছৰ বয়সত এখন ভাল ছবি কৰি আছে। পৰ্দাত অভিনয় কৰি অভিনেতা এজনৰ বয়স অনুমান কৰাটো অতি কঠিন। মেমুটিয়ে তেওঁৰ আগন্তুক ছবি ‘টাৰ্বো’ৰ বাবে শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছে আৰু মুক্তিৰ লগে লগে ট্ৰেইলাৰে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। মালয়ালম নৱবৰ্ষ উপলক্ষে এই ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছিল নিৰ্মাতাসকলে। চলিত মাহত মুক্তিৰ বাবে সাজু হৈছে Mammootty ৰ ‘Turbo’।

ট্ৰেইলাৰত প্ৰবীণ অভিনেতা মেমুটিয়ে ডাঙৰ একচন কৰা দেখা গৈছে। ইয়াৰ লগতে ছবিখনৰ ২ মিনিট ১৩ ছেকেণ্ডৰ ট্ৰেইলাৰত প্ৰচণ্ড পৰিমাণৰ একচন আৰু কমেডী দেখা যায়।

‘টাৰ্বো’ৰ ট্ৰেইলাৰে হৃদয় জয় কৰিছে দৰ্শকৰ। ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰা টাৰ্বোক পছন্দ কৰিছে দৰ্শকে। ছবিখনৰ ট্ৰেইলাৰ দেখাৰ লগে লগে দৰ্শকে ছবিখনক ব্লকবাষ্টাৰ বুলি ঘোষণা কৰে।

https://youtu.be/fwXnFdV1Hbc?feature=shared

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *