3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

দেশৰ লগতে সমগ্ৰ বিশ্বতে অতিকে জনপ্ৰিয় হৈছিল মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে নিৰ্মাণ কৰা ছবি ৩ ইডিয়টছ। সেই ছবিৰ মূল কাহিনীভাগ লোৱা হৈছিল এগৰাকী ৰিয়েল হিৰোৰ পৰা। ৰিয়েল লাইফৰ সেই মানুহ গৰাকী পাছলৈ দেশৰ সকলো মানুহেৰ জনাজাত হৈ পৰিছিল।

চিনেমাত নাম লোৱা ফুংচুক ৱাংগৰু ৰিয়েল লাইফত সোনম বাংচুক। এগৰাকী ইঞ্জিনিয়াৰ তথা বৈজ্ঞানিক হিচাপে নাম থকা সোনম পাছে বিগত ১৩ দিনে ধৰি অনশনত। লাডাখতেই থাকি এইদৰে অনশনত বহিছে সোনম বাংচুক।

২১ দিনৰ আমৰণ অনশনত আছে সোনম ৱাংচুক। আজি অনশনৰ ১৩ দিন। তেখেতৰ এই অনশনত ইতিমধ্যে ১৫০০ৰ ঘৰত লোকে সমৰ্থিত কৰি একগোট হৈছে সেই স্থানত। সেই লোকসকলেও এতিয়া একেলগে অনশন আৰম্ভ কৰিছে।

পাছে কিয় তেনেদৰে অনশনত বহিল সোনম ৱাংচুক। লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীৰ ভিতৰত সন্নিবিষ্ট কৰাৰ বাবে এইদৰে অনশনত বহিছে ৱাংচুক। এই দাবি পুৰণ হলে লাডাখৰ লোকেও প্ৰশাসনৰ সকলো সুবিধা লাভ কৰিব।

তেখেতৰ মান্য যে, এই এই ষষ্ঠ অনুসূচী আৰতৰ একতাৰ ক্ষেত্ৰত এক উদাৰতাৰ প্ৰমাণ দাঙি ধৰে। উল্লেখ্য যে, বিগত ৬ মাৰ্চ তাৰিখৰ পৰা #SAVELADAKH, #SAVEHIMALAYAS নামেৰে এই ২১ দিনৰ অনশন আৰম্ভ কৰিছে। তেখেতে এই অভিযান আৰম্ভ কৰি ইয়াকো কয় যে, প্ৰয়োজন হলে এই অনশন কাৰ্যসূচী আৰু দীঘল হব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *