মাতৃ দিৱসৰ দিনাই জন্মদাত্ৰীক জীৱন্তে অগ্নি সংযোগ কৰিলে কুলাংগাৰ পুত্ৰই

মাতৃ দিৱসৰ দিনাই জন্মদাত্ৰীক জীৱন্তে অগ্নি সংযোগ কৰিলে কুলাংগাৰ পুত্ৰই

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

মাতৃ দিৱসৰ দিনাই জন্মদাত্ৰীক জীৱন্তে অগ্নি সংযোগ কৰিলে কুলাংগাৰ পুত্ৰই

আজিৰ মাতৃ দিৱসৰ দিনাই শিৱসাগৰত সংঘটিত হৈছে এক অতিকে নিকৃষ্ট কাণ্ড। কুলাংগাৰ পুত্ৰৰ নৃশংস কাণ্ডত কৰুণভাৱে মৃত্যুক আকোঁৱালী লয় মাতৃয়ে। জীৱন্তে মাতৃৰ শৰীৰত অগ্নিসংযোগ কৰে পুত্ৰই। যাৰ ফলত অগ্নিদ্বগ্ধ হৈ মৃত্যু হয় মাতৃৰ।

শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি ৰজাবাম ডিব্ৰুৱাল গাঁৱত সংঘটিত হৈছে এই ঘটনা । মাতৃ বীণা গগৈ(প্ৰায় ৬০)ক জীৱন্তে জ্বলাই প্ৰাণ মাৰে পুত্ৰ মানস গগৈয়ে।

দিনহাজিৰা কৰি যেনে তেনে জীৱিকা নিৰ্বাহ কৰিছিল মাতৃ পুত্ৰই । জুপুৰীসদৃশ এটা কোঠালীৰ সৰু কেঁচা ঘৰ এটাত বাস কৰিছিল দুয়ো মাতৃ-পুত্ৰ। আৰ্থিক দৈন্যতাৰ মাজেৰেই পাৰ কৰিছিল দুখৰ দিন। তাৰ মাজতে আকৌ মাতৃয়ে সহি গৈছিল পুত্ৰৰ অকথ্য নিৰ্যাতন। দৈনিক সুৰাপান কৰি অহা পুত্ৰৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হব লগা হৈছিল মাতৃ।

দৈনিক সুৰাৰ ৰাগীত মাতাল হৈ অহা কুলাংগাৰ, পশুতকৈও অধম পুত্ৰ মানস গগৈয়ে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে। মদ্যপান কৰি অহা মানস গগৈয়ে সুৰাৰ ৰাগীত মাতৃ বীণা গগৈক বাসগৃহৰ চোতালতে জীৱন্তে জ্বলাই দিয়ে । মাতৃৰ সৈতে একেলগে শোৱা বাঁহৰ বিছনাখনৰ পৰাই বাঁহ আৰু ঘৰৰ কাপোৰ আনি চোতালত মাতৃক জ্বলাই দিয়াৰ উপৰিও অগ্নিদগ্ধ হৈ চটফতাই থকাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল নৰ পিশাস মানস গগৈয়ে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি ওচৰতে নামঘৰৰ ভাওনাৰ আখৰাত ব্যস্ত থকা কেইজনমান স্থানীয় যুৱকে কোনো বস্তু পোৰাৰ গোন্ধ অনুসৰণ কৰি সেই বুকু কপি যোৱা দৃশ্য প্ৰত্যক্ষ কৰি মানস গগৈক কি বস্ত জ্বলাইছে বুলি প্ৰশ্ন কৰাত তেওঁ মাতৃক জ্বলাই দিয়া বুলি নিজ মুখে স্বীকাৰ কৰে ।

লগে লগে স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মানস গগৈক আটক কৰে । আনহাতে বীণা গগৈৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষা সম্পাদনৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *