স্মাৰ্টফোনৰ আয়ুস আৰু ১০ বছৰ! স্মাৰ্টফোনৰ ঠাই ল’ব কোনবিধ প্ৰযুক্তিয়ে? কি বিস্ফোৰক দাবী AI বিজ্ঞানীৰ? জানক সবিশেষ

স্মাৰ্টফোনৰ আয়ুস আৰু ১০ বছৰ! স্মাৰ্টফোনৰ ঠাই ল’ব কোনবিধ প্ৰযুক্তিয়ে? কি বিস্ফোৰক দাবী AI বিজ্ঞানীৰ? জানক সবিশেষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আপোনাৰ হাতত স্মাৰ্টফোন নাই? আচৰিত! এই যুগত যদি আপোনাৰ হাতত স্মাৰ্টফোন নাই সেইটোহে আচৰিত কথা৷ স্মাৰ্টফোনৰ নিচা এতিয়া সভ্যতাৰ আটাইতকৈ ডাঙৰ সংকট৷ কিন্তু এই সংকট অচিৰেই দূৰ হ’ব৷ আৰু মাত্ৰ ডেৰ দশক৷ ডেৰ দশকৰ পাছতেই পৃথিৱীৰ পৰা হেৰাই যাব স্মাৰ্টফোন৷ এই দাবী আমাৰ নহয় এই দাবী কৰিছে মেটাৰ এগৰাকী শীৰ্ষ এ আই বিজ্ঞানীয়ে৷

কিন্তু কেনেকৈ বিশ্বৰ পৰা হেৰাই যাব এই স্মাৰ্টফোন? ইয়ান লেকুন নামৰ এ আই বিজ্ঞানীয়ে কৰা দাবীত তেওঁ কৈছে, ‘শেষপৰ্যন্ত স্মাৰ্টফোনৰ বিকল্প হ’ব কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন এছিষ্টেণ্ট৷ যিয়ে আমাৰ দৈনন্দিন জীৱনত সহায়ক হৈ পৰিব৷ এতিয়াৰ স্মাৰ্টফোন তেতিয়া একেবাৰেই অদৰকাৰী বাকচ হৈ পৰিব৷ এই সময় আহিবলৈ সময় মাজত এতিয়াও প্ৰায় দহৰ পৰা পোন্ধৰ বছৰ আছে৷ এই সময়ত আমি নিজেই হাতৰ পৰা স্মাৰ্টফোনটো দলিয়াই দিম৷ নতুবা এটা যুগৰ সোঁৱৰণী বুলি স্মাৰ্টফোনটোক সংৰক্ষণ কৰিম৷ স্মাৰ্টফোনৰ বিকল্প হিচাপে আমাৰ হাতত থাকিব স্মাৰ্টফোনতকৈ উন্নত প্ৰযুক্তিৰ এগমেণ্টেড ৰিয়েলিটি গ্লাচেছ৷’

লগতে লিকুনৰ দাবী, ‘আমি বিশেষ ধৰণৰ চছমা আৰু ব্ৰেছলেটৰেই সকলো কাম কৰিব পাৰিম৷ কল্পবাস্তৱৰ জগতত চলাফিৰা কৰোতে আমাৰ কোনো সমস্যা নহ’ব৷ ফলত স্মাৰ্টফোনৰ প্ৰয়োজন একেবাৰেই শেষ হৈ যাব৷’ লেকুনেই প্ৰথম এই দাবী কৰিছে তেনে নহয়৷ নকিয়াৰ চিইঅ’ পেক্কা লেণ্ডমাৰ্কেও ২০২২ চনত এই দাবী কৰিছিল৷ তেওঁ কৈছিল ২০৩০ চনৰ ভিতৰতেই পৃথিৱীত আৰু স্মাৰ্টফোনৰ প্ৰয়োজনীয়তা নাথাকিব৷ বৰং শৰীৰতেই স্থাপিত হ’ব নানান যন্ত্ৰ৷

উল্লেখ্য যে চলিত বছৰত ধনকুবেৰ এলন মাস্কৰ সংস্থাই মানৱ দেহত যন্ত্ৰ লগোৱাৰ অসাধ্য সাধন কৰিছে৷   Neuralink য়ে মানৱ মস্তিষ্কত বহুৱাইছে বিশেষ ব্ৰেইন ইণ্টাৰফেচ অৰ্থাৎ চিপ৷ যিয়ে মানৱ মস্তিষ্কৰ সৈতে কম্পিউটাৰৰ পোনপটীয়া যোগাযোগ গঢ়ি তুলিব৷ সেই ব্যক্তিয়ে তেওঁৰ মস্তিষ্কক ব্যৱহাৰ কৰি টেলিপেথিৰ মাধ্যমেৰে ভিডিঅ’ গেম বা অনলাইন দবা খেলাইয়ো টেষ্ট কৰি চোৱা হৈছে৷ সকলো মিলি প্ৰযুক্তিৰ পৃথিৱীত আহিছে ভাৱিব নোৱাৰা বিপ্লৱ৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *