নিজৰ জংঘাৰ ছালেৰে নিৰ্মিত চেন্দেল উপহাৰ দিলে মাতৃক

নিজৰ জংঘাৰ ছালেৰে নিৰ্মিত চেন্দেল উপহাৰ দিলে মাতৃক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

নিজৰ জংঘাৰ ছালেৰে নিৰ্মিত চেন্দেল উপহাৰ দিলে মাতৃক

কলি যুৱগৰ শ্ৰৱণ কুমাৰে ক’ব নে কি ক’ব, নিজৰ শৰীৰৰ ছাল কাটি সেই ছালেৰে মাতৃলৈ নিৰ্মাণ কৰিলে চেন্দেল। যি ঘটনা বৰ্তমানে সকলো ফালে চৰ্চাৰ বিষয় হৈ পৰিছে। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে ভিডিঅ’।

ৰৌণক গুৰ্জৰ নামৰ এগৰাকী ব্যক্তিয়ে মাতৃক দিলে এনে এক অভিন্ন উপহাৰ। উপহাৰ দেখি পুত্ৰস্নেহত হুকহুকাই কান্দি উঠিল মাতৃ। মধ্যপ্ৰদেশৰ উজ্জৈনৰ নিবাসী ৰৌনক গুৰ্জৰে এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰি মাতৃক এই উপহাৰ আগবঢ়ায়।

গুৰ্জাৰে নিজৰ শৰীৰৰ জংঘাৰ ছাল হাস্পতাললৈ গৈ কাটি আনি সেই ছালৰে চেন্দেল এযোৰ বনাই মাকক উপহাৰ দিয়ে। এই ক্ষেত্ৰত লোকগৰাকীয়ে কয় যে, এনে এক কাম কৰিবলৈ তেওঁ ভগৱান ৰামৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

এক সাক্ষাতত গুৰ্জাৰে কয়, ‘মই নিয়মিতভাৱে ৰামায়ণ পাঠ কৰো, আৰু ভগৱান ৰামৰ চৰিত্ৰৰ দ্বাৰা মই গভীৰভাৱে প্ৰভাৱিত হওঁ। ভগৱান ৰামে নিজেই কৈছিল যে নিজৰ ছালৰ পৰা চেন্দেল বনোৱাটোও মাতৃৰ বাবে যথেষ্ট নহয়। গতিকে, এই ধাৰণাটো মোৰ মনলৈ আহে আৰু মই সিদ্ধান্ত ল’লোঁ যে মোৰ ছালৰ পৰা চেন্দেল বনাই মাক উপহাৰ দিম।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *