শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

হিন্দু ধৰ্ম অনুসৰি দেৱাদিদেৱ মহাদেৱ সকলো দেৱতাতকৈ শ্ৰেষ্ঠ। অলপতে সন্তুষ্ট হয় তেখেত। হিন্দু ধৰ্মত ভগৱান শিৱক কল্যাণৰ দেৱতা বুলি গণ্য কৰা হয়, যাক পূজা কৰিলে সাধকৰ সকলো দুখ চকুৰ পলকতে গুচি যায়।

সনাতন পৰম্পৰাত প্ৰতিটো দিনকে শিৱ পূজাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। যদি কোনো ভক্তই কোনো শিৱ মন্দিৰলৈ গৈ সঠিক ৰীতি-নীতিৰে ভগৱান শিৱৰ নিৰাকাৰ ৰূপ অৰ্থাৎ শিৱলিংগক পূজা কৰে, তেন্তে সেই লোকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদৰ বৰষুণ হয়।

বিশ্বাস কৰা হয় যে শিৱলিংগৰ পূজা কৰিলে সাধকৰ সকলো কামনা চকুৰ পলকতে পূৰ্ণ হয়, কিন্তু মনত ৰাখিব যে শিৱলিংগ পূজাৰো নিজস্ব নিয়ম আছে। শিৱ পুৰাণত কোৱা হৈছে যে শিৱলিংগৰ ওপৰত পানী ঢালিলে বা অৰ্পণ কৰিলে মনেবিচৰা ফল লাভ কৰে।

পাছে শিৱলিংগৰ ওপৰত যি পানী ঢালা হয়, সেই পানীৰো বহু মাহাত্ম্য আছে। মান্যতা অনুসৰি কোনো কোনো কামত সেই পানী ব্যৱহাৰ কৰিলেও ফল পোৱা যায়।

লিংগৰ ওপৰত ঢালা পানী পদজল হিচাপে ব্যৱহাৰ কৰিব পাৰি। যিহেতু লিংগৰ পৰা সেই পানী যায়, সেয়ে ইয়াক প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাৰে। শিৱ পুৰাণত এই বিষয়ে ২২ নম্বৰ অধ্যায়ৰ ১৮ সংখ্যক শ্লোকতো পোৱা যায়। শিৱ পুৰাণ অনুসৰি, লিংগৰ পানী খালে মানুহ বহু প্ৰকাৰৰ ৰোগৰ পৰা মুক্ত হয়।

পানী ঢালাৰ ক্ষেত্ৰত সাৱধান হব। মান্যত অনুসৰি তথা হিন্দু বিশ্বাস অনুসৰি কেতিয়াও পূবমুখী শিৱলিঙত পানী ঢালি দিব নালাগে, কাৰণ সনাতন পৰম্পৰা অনুসৰি ইয়াক ভগৱান শিৱৰ প্ৰধান প্ৰৱেশদ্বাৰ বুলি গণ্য কৰা হয়। হিন্দু বিশ্বাস অনুসৰি উত্তৰ দিশলৈ মুখ কৰি শিৱলিংগৰ ওপৰত সদায় পানী ঢালিব লাগে।

অন্য দেৱ-দেৱতাৰ দৰে শিৱ মন্দিৰ বা শিৱ লিংগৰ কোনোদিনে প্ৰদক্ষিণ কৰিব নালাগে। কোৱা হয়, শিৱ লিংগৰ প্ৰদক্ষিণ কৰিলে পূজাৰ ফল লাভ নকৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *