ব্ৰেকআপ! প্ৰেমিক শান্তনুক এৰি আকৌ চিংগল হ’ল শ্ৰুতি,কিন্তু কিয় এই বিচ্ছেদ?

ব্ৰেকআপ! প্ৰেমিক শান্তনুক এৰি আকৌ চিংগল হ’ল শ্ৰুতি,কিন্তু কিয় এই বিচ্ছেদ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চাৰি বছৰীয়া প্ৰেমত ইতি। শ্ৰুতি হাছান আৰু শান্তনু হাজৰিকাৰ ৪বছৰীয়া প্ৰেমৰ সম্পৰ্ক শেষ। অসমৰ জনপ্ৰিয় ডুডল আৰ্টিষ্ট শান্তনু হাজৰিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ সমাপ্তি ঘটিছে। কোনোৱে প্ৰকাশ্যে নকলেও দুয়োৰে ইনষ্টাগ্ৰামেই স্পষ্ট কৰিছে এই কথা।

সামাজিক মাধ্যমত শান্তনুৰ সৈতে থকা সমস্ত ছবি আৰু পোষ্ট ডিলিট কৰিছে শ্ৰুতিয়ে। ভাইৰেল খবৰ অনুসৰি দুমাহ পূৰ্বেই ব্ৰেকআপ কৰিছে শান্তনু আৰু শ্ৰুতিয়ে। প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে প্ৰায় ৪ বছৰ প্ৰেমৰ সম্পৰ্কত থাকি অৱশেষত এই প্ৰেমত যতি পেলাইছে দুয়োৱে। শেহতীয়াকৈ শ্ৰুতিৰ সৈতে সম্পৰ্কক লৈ সংবাদ মাধ্য়মে কৰা প্ৰশ্নৰ উত্তৰত শান্তনুৱে কৈছিল, ‘আমি বিবাহ নামৰ এই প্ৰতিষ্ঠানক বিশ্বাস নকৰো। শিল্পী হিচাপে মই এক গণ্ডিৰ মাজত আৱদ্ধ হৈ থাকিব নিবিচাৰো। সম্পৰ্ক সময়ৰ সৈতে বিবৰ্তিত হৈ থাকে। মই আৰু শ্ৰুতিয়েও নিজৰ সম্পৰ্কক বলপূৰ্বক ধৰি নাৰাখো।’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *