‘বহুদিন পাৰ হ’ল মা, তুমি নাই, শুভ জন্মদিন…’ জন্মদিনত মাতৃক স্মৰণ শ্ৰীদেৱীৰ কন্যাৰ

‘বহুদিন পাৰ হ’ল মা, তুমি নাই, শুভ জন্মদিন…’ জন্মদিনত মাতৃক স্মৰণ শ্ৰীদেৱীৰ কন্যাৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কিংবদন্তি চুপাৰষ্টাৰ শ্ৰীদেৱী। তেওঁ এই পৃথিৱীত নাথাকিলেও তেওঁৰ অনুৰাগীৰ সংখ্যা আজিও কোটি কোটি। এতিয়াও অনুৰাগীৰ হৃদয়ত তেওঁৰ নিখুত অভিনয় আৰু আইকনিক ছবিৰ কাহিনীৰ সেই নায়িকা জীয়াই আছে। তেওঁ দক্ষিণ আৰু হিন্দী উভয় চলচ্চিত্ৰ জগততেই কাম কৰি গৈছে। বৰ্ণাঢ্য অভিনয় কেৰিয়াৰ শ্ৰী দেৱীৰ। পাঁচ দশকৰো অধিক সময় তেওঁ দৰ্শকক মুগ্ধ কৰি ৰাখিছিল। ২৪ ফেব্ৰুৱাৰী ২০১৮ ত হঠাৎ শ্ৰী দেৱী হেৰাই যায়। তেওঁ অকাল মৃত্যু সমগ্ৰ চিনেমা জগতৰ বাবেই অপূৰণীয় ক্ষতি।

শ্ৰী দেৱীৰ মৃত্যুৰ ৫ বছৰ পাৰ হ’লেও আজিও চিনেমাপ্ৰেমী প্ৰতিগৰাকী জনতাৰ হৃদয়ত তেওঁ আছে। শ্ৰী দেৱীৰ ৬০ সংখ্যক জন্মদিন আজি তেওঁৰ অনুপস্থিতিতো আয়োজন কৰা হৈছে। মাতৃৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি তেওঁ কন্যা খুছি কাপুৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট। অন্যধৰণেৰে মাতৃক ওপজা দিনত স্মৰণ কৰিছে খুছিয়ে। মাতৃৰ ৬০ সংখ্যক জন্মদিন। কিন্তু ওপজা দিনৰ আনন্দ ভগাই ল’বলৈ মাতৃ কাষত নাই। মাকক ভীষণভাৱে মিছ কৰাৰ কথাও তেওঁ পোষ্টত উল্লেখ কৰিছে। খুছিয়ে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা শ্ৰী দেৱী আৰু জাহ্নৱী কাপুৰৰ এখন ফটো শ্বেয়াৰ কৰিছে।

ছবিখনত এগৰাকী কমবয়সীয়া শ্ৰীদেৱী আৰু জাহ্নৱী খুছি দুয়োগৰাকীয়েই আছে। শ্ৰী দেৱীৰ মুখত চিৰপৰিচিত উজ্জল হাঁহিটো। খুচিয়ে এই ছবিৰ কেপশ্ব্যনত লিখিছে, ‘শুভ জন্মদিন মা(হোৱাইট হাৰ্ট ইমোজি)’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *