ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰাম নৱমীত ৰামায়ণত বৰ্ণিত ৰাম জন্মকথা পাঠ কৰিলে সুফল পোৱা যায় বুলি ধৰ্মীয় বিশ্বাস। এই তিথিত ৰাম ভক্তসকলে অখণ্ড ৰামায়ণ পাঠ কৰে। ৰামৰ মূৰ্তিক শুদ্ধ গংগাজলেৰে গা ধুই নতুন বস্ত্ৰ আৰু অলংকাৰেৰে সজাই পৰাই পঞ্চোপচাৰ অথৱা ষড়োশোপচাৰ পূজা কৰা হয়। গাখীৰ, দৈ, ঘিউ, মৌ, চেনী মিশ্ৰিত পঞ্চামৃত ভোগ নিবেদন কৰা হয়। ৰামৰ পূজা, ভজন-কীৰ্তন কৰাৰ পাছত ভক্তক প্ৰসাদ বিতৰণ কৰা উচিত। ইয়াৰ পাছতেই উপবাস ভংগ কৰিব। শাস্ত্ৰমতে বিশেষ এক নিয়ম মানি ৰামৰ পূজা কৰিলে সমস্ত দুখ, কষ্ট, ভয় দূৰ হয়।

ৰাম নৱমীত ৰামৰ পূজা কেনেকৈ কৰিব?

ৰাম নৱমী তিথিত ৰামৰ আশীৰ্বাদ পাবলৈ উপবাসে থাকি ৰামচৰিতমানসৰ পূজা কৰক। ইয়াৰোপৰি ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ ছবি ঘৰত স্থাপন কৰিব।

ৰঙা ৰঙেৰে ১০৮ বাৰ ৰাম নাম অথৱা সীতাৰাম লিখক। এই তিথিত ৰামৰ নামেৰে মালা তৈয়াৰ কৰি বজৰংবলীক পূজা কৰিলে সুফল পাব।

এই তিথিত চ’ত নৱৰাত্ৰিৰ দুৰ্গাপূজা কৰা হয়। অৱশ্যেই সিদ্ধিদাত্ৰীৰ উপাসনা কৰিব।

কুমাৰী কন্য়াসকলক ভোজন কৰোৱাওক। দৰিদ্ৰ আৰু অসহায়সকলক সামৰ্থ্য অনুযায়ী দান দিয়ক।

ৰাম মন্ত্ৰ

ৰাম নৱমীত কিছু মন্ত্ৰ জপ কৰিলে শীঘ্ৰে মনোকামনা পূৰণ সম্ভৱ। এই দিনটোত ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰিলে সুফল পাব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *