খৰধৰ কৰক বেছি দিন নাই! ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বেই কৰক এই কাম

খৰধৰ কৰক বেছি দিন নাই! ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বেই কৰক এই কাম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শাওন মাহত শিৱক সুখী কৰাৰ বহু উপায় আছে। শিৱ পুৰাণত এনে বহু উপায়ৰ বিষয়ে উল্লেখ আছে। এই উপায়সমূহ অৱলম্বন কৰিলে জীৱনৰ বহু দুখ দুৰ্দশা দূৰ হয়। জ্যোতিষ শাস্ত্ৰমতে নৱগ্ৰহৰ শক্তি আৰু দুৰ্বলতাই মানৱ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি থাকে। কোষ্ঠীত নৱগ্ৰহ দুৰ্বল অৱস্থাত থাকিলেই শাৰীৰিক কষ্টই দেখা দিয়ে। তেতিয়াই শিৱ পুৰাণত বৰ্ণিত উপায় ব্যৱহাৰ কৰিয়েই সুফল পাব।

শাওন মাহ শেষ হ’বলৈ মাজত মাত্ৰ ৬ দিন। শাওন মাহত শিৱ পুৰাণ পাঠ অত্যন্ত কাৰ্যকৰী। ইয়াত শিৱৰ মহিমা ব্যাখ্যা কৰা আছে। কেৱল শিৱৰ মহিমাই নহয় তাৰ ওপৰিও জীৱনৰ বিভিন্ন সমস্যৰ পৰা মুক্তিৰ উপায়ো বৰ্ণনা কৰা আছে। শাস্ত্ৰমতে নৱগ্ৰহই আমাৰ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি থাকে। এই গ্ৰহৰ প্রভাৱতেই আমাৰ বিভিন্ন ৰোগো হয়। শিৱ পুৰাণত এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বৰ্ণনা কৰা হৈছে।

সূৰ্য
সূৰ্যৰ কাৰণে মূৰৰ বিষ, চকুৰ ৰোগ, অস্থিৰোগ হয়। এইসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ শাওন মাহত শিৱলিংগত পূজা কৰক। শিৱ পুৰাণ অনুযায়ী এই পূজাত আকন্দ আৰু বেলপাত অৰ্পণ কৰিলেই স্বাস্তি লাভ কৰিব।

চন্দ্ৰ
কোষ্ঠীত চন্দ্ৰ দূৰ্বল পৰিস্থিতিত থাকিলে ব্যক্তিৰ চৰ্দি, কাঁহ, নাকৰ পৰা পানী উলিওৱা, মানসিক সমস্যা, ৰক্তচাপৰ দৰে সমস্যাই দেখা দিয়ে। এই সমস্যাৰ পৰা মুক্তি লাভ কৰিবলৈ শিৱ পুৰাণ অনুসৰি শিৱলিংগত ৰুদ্ৰীপাঠ কৰা উচিত। ক’লা তিল মিহলোৱা গাখীৰ শিৱৰ ৰূদ্ৰাভিষেক কৰিলেও স্বাস্তি লাভ কৰিব।

মঙল
মঙল গ্ৰহ ৰক্তৰ কাৰক। সেয়ে দুৰ্বল মঙলৰ প্ৰভাৱত ৰক্তবিকাৰ থাকিলে শিৱলিংগত অভিষেক কৰাটো জৰুৰী। ইয়াৰ ফলত স্বাস্তি লাভ কৰিব।

বুধ
জ্যোতিষ শাস্ত্ৰমতে কোষ্ঠীত বুধ দুৰ্বল হ’লে ব্যক্তিৰ চৰ্মৰোগ, কিডনিৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। এইক্ষেত্ৰত পৰিত্ৰাণ পাবলৈ জড়ি বুটিৰ ৰসেৰে শিৱৰ অভিষেক কৰাটো জৰুৰী বুলি শিৱ পুৰাণত উল্লেখ আছে।

বৃহস্পতি
কোনো জাতকৰ কোষ্ঠীত বৃহস্পতি দুৰ্বল হ’লে ব্যক্তিৰ অন্ত্ৰ, লিভাৰৰ সমস্যাই দেখা দিয়াৰ প্ৰৱল সম্ভাৱনা আছে। শিৱ পুৰাণত কোৱা হৈছে যে, শিৱলিংগত হালধি মিহলোৱা গাখীৰ অভিষেক কৰিলে মুক্তি লাভ কৰিব।

শুক্ৰ
শুক্ৰ যৌন সুখৰ কাৰক গ্ৰহ। জাতকৰ কোষ্ঠীত শুক্ৰ পীড়িত থাকিলে বীৰ্যৰ অভাৱ, শাৰীৰিক ক্ষমতা বা শক্তি কমি যোৱাৰ সম্ভাৱনা বৃদ্ধি ৰায়। এই সময়ত পঞ্চামজত, মধু, ঘিউ দি শিৱলিংগত অভিষেক কৰক। এনে কৰিলে শুক্ৰই শুভ ফল প্ৰদান কৰিব।

শনি
মাংসপেশীৰ বিষ, আঁঠুৰ বিষ, গাঁঠিৰ বিষ, বাত বিষৰ বাবে শনিৰ অশুভ দশা দায়ী। এই পৰিস্থিতিতো শিৱলিংগৰ অভিষেক কৰিলে সুফল পাব। ইয়াৰ ফলত ব্যক্তিয়ে স্বাস্তি লাভ কৰিব।

ৰাহু আৰু কেতু
মূৰ ঘূৰণি, মানসিক সমস্য, ৰঙ চিনিপোৱাত অসুবিধা আদি সমস্যা ৰাহু কেতুৰ দুষ্প্ৰভাৱ পৰা হয়। এই দুষ্প্ৰভাৱৰ পৰা বাচি থাকিবলৈ জপ কৰক। ভাং আৰু ধতুৰাৰে শিৱলিংগৰ অভিষেক কৰক। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *