‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বলীউড অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ পূৰ্বেই সংসাৰৰ পাতনি মেলিছিল ছেঈফ আলি খানে। মাত্ৰ ২১ বছৰ বয়সত অভিনেত্ৰী অমৃতা সিঙক বিয়া কৰাইছিল ছেইফে। সেই সময়ত অমৃতাৰ বয়স ৩৩ বছৰ। ১৯৯১ চনত ছেইফ-অমৃতা বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰায় ডেৰ দশকৰ সংসাৰ অমৃতা-ছেইফৰ। কিন্তু কথাবোৰ লাহে লাহে যেন সলনি হ’ল। ২০০৪ চনত অমৃতা আৰু ছেইফৰ মাজত বিবাহবিচ্ছেদ হয়।

সম্পৰ্ক শেষ হোৱাৰ পাছত অমৃতা আজিও অবিবাহিত যদিও ছেইফে আকৌ সংসাৰৰ পাতনি মেলে। অমৃতাৰ সৈতে ডিভোৰ্ছৰ প্ৰায় এক দশক পাছত ২০১২ চনত কৰিনা কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ছেইফ আলি খান। ছেইফৰ দ্বিতীয় বিবাহক লৈ অসন্তুষ্ট হোৱা নাছিল অমৃতা। আনকি ছেইফৰ বিয়ালৈ নিজৰ দুটি সন্তানকো পঠিয়াইছিল অমৃতা সিঙে। সম্প্ৰতি কফি উইথ কৰণৰ শ্ব’ত অতিথি হিচাপে উপস্থিত আছিল ছেইফ আলি খান আৰু তেওঁৰ মাতৃ তথা এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী শৰ্মিলা ঠাকুৰ।

কৰণ জোহাৰৰ সেই কফি আড্ডাত শৰ্মিলাই ছেইফ আৰু অমৃতাৰ ডিভোৰ্ছ সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে। শৰ্মিলাই এই শ্ব’ত কয় যে, অমৃতাৰ সৈতে নিজৰ সন্তানৰ বিবাহৰ কথা শুনি তেওঁ মানসিক কষ্ট পাইছিল। ছেইফে শৰ্মিলাৰ এই মন্তব্যত কয়, ‘মই মাক যেতিয়া অমৃতাৰ কথা কৈছিলো, বিয়া কৰাম তাইক বুলি কৈছিলো তেতিয়া মায়ে মোক একাষৰীয়াকৈ মাতি কৈছিল, কি হৈছে তোমাৰ প্ৰকৃত কথাবোৰ খুলি কোৱা? তেতিয়া মই মাক সকলোবোৰ কথা খুলি কৈছিলো। মায়ে তেতিয়া কৈছিল, ঠিকেই আছে কেৱল বিয়া কৰাই নলবা। তেতিয়া মই মাক কেনেকৈ বুজাও যে, মই অমৃতাক বিয়া কৰাইছো!’

সেই সময়ৰ স্মৃতি সোঁৱৰি ছেইফে কয়, ‘মোৰ কথাত মায়ে কান্দি পেলাইছিল।’ ইফালে শৰ্মিলা ঠাকুৰে এই সন্দৰ্ভত কয়, ‘মই পূৰ্বেও অমৃতাক লগ পাইছিলো। তাইক মই ব্যক্তিগতভাৱে বেয়া নাপাও। তাইক মোৰ ভালেই লাগিছিল।’ শৰ্মিলাই তাৰ পিছত কয় যে তেওঁ বা ছেইফৰ পিতৃ তথা ভাৰতীয় ক্ৰিকেট তাৰকা প্ৰয়াত টাইগাৰ পটৌদীয়ে কেতিয়াও ভৱা নাছিল যে, ছেইফে তেওঁলোকক নোকোৱাকৈ ইমান ডাঙৰ এটা সিদ্ধান্ত অকলে লৈ পেলাব। ১৯৯১ চনত বিয়াৰ পাছত ২০০৪ চনত অমৃতা ছেইফৰ সংসাৰ ভাঙি যায়। বিবাহৰ সময়ত কৰা ভুল বিচ্ছেদৰ সময়ত কৰা নাছিল ছেইফে। সেইবাৰ বিচ্ছেদৰ সিদ্ধান্তৰ কথা প্ৰথম শৰ্মিলাকেই জনাইছিল অভিনেতা ছেইফে। শৰ্মিলাই তেতিয়া ছেইফক কৈছিল, ‘ইমান দিন একেলগে কটোৱা এটা সম্পৰ্ক যেতিয়া ভাঙে তেতিয়া জীৱনটো মুঠেও সুখকৰ নহ’ব। ইয়াৰোপৰি আমি সকলোৱেই ছাৰা আৰু ইব্ৰাহিমক খুব বেছি ভালপাও। যেতিয়া ছেইফ আৰু অমৃতাই বিচ্ছেদৰ সিদ্ধান্ত লৈছিল তেতিয়া ইব্ৰাহিমৰ বয়স আছিল মাত্ৰ তিনি বছৰ। ককাকৰো খুব মৰমৰ আছিল ইব্ৰাহিম। ছেইফ আৰু অমৃতাৰ বিচ্ছেদে আমাৰ পৰা নাতিকেইটাকো আঁতৰাই দিছিল। সেই কথাটোৱে আমাৰ মানসিক দুখ দিয়ে। সেয়া আমাৰ বাবে খুবেই কষ্টকৰ আছিল।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *