শনিৰ ৰাশি পৰিবৰ্তনৰ পাছতেই শনিৰ ৰোষত পৰিব ৩ৰাশি! ২০২৫ ৰ পৰা বেয়া সময় আৰম্ভ হ’ব এই তিনি ৰাশিৰ

শনিৰ ৰাশি পৰিবৰ্তনৰ পাছতেই শনিৰ ৰোষত পৰিব ৩ৰাশি! ২০২৫ ৰ পৰা বেয়া সময় আৰম্ভ হ’ব এই তিনি ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষ শাস্ত্ৰত শনিক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। ব্যক্তিক কৰ্মৰ ভিত্তিত ফলাফল প্ৰদান কৰে শনিয়ে। নৱগ্ৰহৰ মাজত শনিয়েই সকলোতকৈ ধীৰ গতিত বিচৰণ কৰি থাকে। ২০২৪ চনত শনি কুম্ভ ৰাশিত বিৰাজ কৰি আছে। ২০২৫ত ৰাশি পৰিবৰ্তন কৰিব এই গ্ৰহই। এই বছৰ কুম্ভ ৰাশিৰ পৰা বাহিৰলৈ ওলাই মীন ৰাশিত প্ৰৱেশ কৰিব শনিয়ে।

জ্যোতিষ অনুসৰি শনিৰ ৰাশি পৰিবৰ্তনৰ ফলত তিনি ৰাশিৰ জীৱনলৈ আহিব কেইবাটাও পৰিবৰ্তন। যাৰ ফলত ২০২৫চনৰ পৰা আগন্তুক ৭ বছৰ পৰ্যন্ত ওঠানমাৰ মাজেৰে দিন কটাব কেইটামান ৰাশিৰ জাতকে। শনিৰ পৰিবৰ্তনে কোন কোন ৰাশিৰ জীৱনত আনিব জানি থওক সবিশেষ।

শনিয়ে মুঠ আঢ়ৈ বছৰ পৰ্যন্ত এটা ৰাশিত বিৰাজ কৰে। শনিয়ে যেতিয়া লগ্ন স্থানৰ পৰা দ্বাদশ স্থানত প্ৰৱেশ কৰে। তেতিয়া সেই সময় চক্ৰ হয় ৭ বছৰীয়া। জ্য়োতিষ শাস্ত্ৰ অনুসৰি এই সময় চক্ৰই কেইটামান ৰাশিৰ জীৱনলৈ পৰিবৰ্তন আনিব। ২০২৫ত কোন কোন ৰাশিৰ জাতকৰ ওপৰত প্ৰভাৱ পৰিব?

মেষ ৰাশি

২০২৫ চনত শনিয়ে যেতিয়া মীন ৰাশিত প্ৰৱেশ কৰিব তেতিয়াই মেষ ৰাশিৰ জীৱনলৈ কেইটামান পৰিবৰ্তন আহিব। শনিৰ মীন ৰাশিত প্ৰৱেশে মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি দুৰ্বল কৰিব। আয় নাবাঢ়ে, ক্ৰমশ ব্যয়হে বৃদ্ধি পাব। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি দুৰ্বল হ’ব। ইয়াৰোপৰি শাৰীৰিক সমস্যাই দেখা দিব। হাড়ৰ ৰোগ হ’ব পাৰে। কোনো গভীৰ আঘাত পাব পাৰে। জীৱনসংগীৰ সৈতে সামঞ্জস্যৰ অভাৱে দেখা দিব। পাৰিবাৰিক জীৱনত অৱসাদ বৃদ্ধিৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি

২০২৫ৰ ২৯ মাৰ্চৰ পৰা কুম্ভ ৰাশিৰ জাতকৰ জীৱনত কিছু খেলিমেলিৰ সৃষ্টি হ’ব। এই ৰাশিৰ জাতক আৰ্থিক সমস্যাত পৰিব পাৰে। চাকৰিয়াল সকলৰ বদলিৰ সম্ভাৱনা আছে। কঠিন পৰিশ্ৰম সত্ত্বেও পৰিশ্ৰমৰ ফল লাভ নকৰিব। চাকৰিয়াল জাতকৰ সহকৰ্মীৰ সৈতে কথা কটাকটি হ’ব পাৰে। এই ৰাশিৰ ব্যৱসায়ীয়ে নানান সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰেম জীৱনত বিভ্ৰান্তিয়ে দেখা দিব পাৰে। এই ৰাশিৰ জাতকৰ নতুন ঘৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ফলত ব্যয়ৰ অতিৰিক্ত বোজা আপোনাৰ কান্ধত পৰিব।

 মীন ৰাশি

২০২৫ চনৰ পৰা মীন ৰাশিৰ জাতকৰ জীৱনত শনিৰ প্ৰভাৱ পৰিব। আৰ্থিক সমস্য়াই দেখা দিব পাৰে। এই ৰাশিৰ জাতকৰ স্বাস্থ্য দুৰ্বল হ’ব। শাৰীৰিক অসুস্থতাৰ বাবে মীন ৰাশিৰ জাতকৰ মনত নেতিবাচক চিন্তাভাৱনা বাঢ়িব। কোনো সিদ্ধান্ত গ্ৰহণৰ সময়ত খেলিমেলিৰ সৃষ্টি হ’ব। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে।

শনি দশাৰ পৰা মুক্তিৰ উপায়

এই সময়ত শ্ৰমজীৱীক ভুলতো অপমান নকৰিব। শনিক শ্ৰমিকৰ দেৱতা বুলিও কোৱা হয়। শনিবাৰে পাৰিলে শ্ৰমিকক দান কৰক।

শনিবাৰে ক’লা পৰুৱাক গুড়় খোৱাব। শনিবাৰে অশ্বত্থ গছত তিলৰ তেল নিবেদন কৰক। এই উপায় কৰিলে মুক্তি লাভ কৰিব।

১১ বাৰ শনি স্তোত্ৰ পাঠ কৰিলে শনিৰ নেতিবাচক প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব।

ব্যৱসায়ী বা উচ্চপদাধিকাৰীসকলে নিজৰ কৰ্মচাৰীসকলক ধন ঠিকমতে প্ৰদান কৰি থাকিব। অন্যথা শনি ৰুষ্ট হ’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *