দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষ শাস্ত্ৰ অনুসৰি নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিৰে নিজৰ স্থান পৰিবৰ্তন কৰে। সকলোতকৈ ধীৰে স্থিৰে স্থান পৰিবৰ্তনকাৰী গ্ৰহ শনিয়ে একেটা ৰাশিতেই প্ৰায় আঢ়ৈ বছৰ ধৰিও অৱস্থান কৰে। কৰ্মফলৰ দেৱতা শনিয়ে সকলোকে কাম অনুযায়ীয়ে ফলাফল দিয়ে। ভাল কাম কৰিলে শনিয়ে যেনেকৈ ভাল ফল দিয়ে তেনেকৈ তেনেদৰে বেয়া কাম কৰিলে শনিৰ অশুভ প্ৰভাৱত জীৱন ছাৰখাৰো হৈ যাব পাৰে। সেয়ে শনিক সকলোৱেই ভয় কৰে।

বৰ্তমান স্ব-ৰাশি কুম্ভত শনিয়ে বাস কৰি আছে। আগন্তুক ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব দীপাৱলী। দীপাৱলীৰ পূৰ্বে ৪ নৱেম্বৰত শনিয়ে ৰাশি সলনি কৰি যাত্ৰা কৰিব। গ্ৰহৰাজ শনিয়ে স্থান সলনি কৰিলে জীৱনত প্ৰচুৰ উন্নতি হ’ব তিনি ৰাশিৰ জাতকৰ। জানি থওক শনিৰ শুভ প্রভাৱত কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব?

বৃষ ৰাশি
শনিয়ে স্থান সলনি কৰিলে আত্মবিশ্বাস বাঢ়িব বৃষ ৰাশিৰ জাতকৰ। এই সময়ত কেৰিয়াৰত প্ৰচুৰ উন্নতি হ’ব বৃষ ৰাশিৰ জাতকৰ। যি কামতেই হাতত নিদিয়ক কিয় সফল হ’ব বৃষ ৰাশিৰ জাতকসকল। ব্যৱসায়ত লাভ বাঢ়িব। চাকৰিত উন্নতিৰ যোগ। জীৱনত এই সময়ত সুখ আৰু সমৃদ্ধি বাঢ়িব বৃষ ৰাশিৰ জাতকৰ। নতুন নতুন সুযোগ আহিব। সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব বৃষ ৰাশিৰ জাতকৰ। শনিৰ শুভ প্ৰভাৱত আৰ্থিক পৰিস্থিতি উন্নত হ’ব।

কৰ্কট ৰাশি
শনিৰ স্থান সলনিয়ে দীপাৱলীৰ আগতেই ভাগ্য সলাই দিব কৰ্কট ৰাশিৰ জাতকৰ। আপোনাৰ সংসাৰত এই সময়ত সুখ, শান্তি আৰু সমৃদ্ধিয়ে বিৰাজ কৰিব। চাকৰি আৰু ব্যৱসায় সকলো কামতেই সফলতা লাভ কৰিব। এটাৰ পাছত আনটো সুখবৰ লাভ কৰিব। পৰিশ্ৰমৰ বাবেই শনিৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ’ব। কৰ্কট ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব।

কন্যা ৰাশি
শনিৰ স্থান সলনিত আশীৰ্বাদ লাভ কৰিব কন্যা ৰাশিৰ জাতকসকলে। দীপাৱলীৰ আগে আগে কৰ্মক্ষেত্ৰত বিশেষ কোনো সুখবৰ লাভ কৰিব। চাকৰিত পদোন্নতি আৰু বেতন বৃদ্ধি হ’ব পাৰে। ব্যৱসায়তো লাভ আহিব কন্যা ৰাশিৰ জাতকৰ। এই সময়ত ব্যৱসায় বৃ্দ্ধি কৰিব পাৰে। সংসাৰলৈ সুখ আহিব। এই সময়ত কৰ্মহীনসকলে চাকৰি লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *