নিমন্ত্ৰণ নাপালেও ৰাম মন্দিৰৰ বাবে ১০কোটি টকা দান বাদশ্বাহ শ্বাহৰুখৰ…

নিমন্ত্ৰণ নাপালেও ৰাম মন্দিৰৰ বাবে ১০কোটি টকা দান বাদশ্বাহ শ্বাহৰুখৰ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ বাবে বলিউদৰ তিনি খানক নিমন্ত্ৰণ নিদিলেও মন্দিৰ নিৰ্মাণৰ বাবে ট্ৰাষ্টৰ একাউন্টত শ্বাহৰুখ খানে দান দিছে প্ৰায় ১০কোটি টকা। এই কথা শেহতীয়াকৈ ট্ৰাষ্টে সদৰি কৰাৰ পাছতে পোহৰলৈ আহিছে বলিউদৰ কোন কোন শিল্পীয়ে কিমান টকা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দান কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, অক্ষয় কুমাৰেও ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১০কোটি টকা দান কৰিছে। ঠিক তেনেদৰে বিগ বি অমিতাভ বচ্ছনেও ৰাম মন্দিৰৰ বাবে ৫কোটি টকা দান কৰিছে। অভিনেত্ৰী কংগনা ৰাণাৱটেও মন্দিৰ নিৰ্মাণৰ বাবে ২কোটি টকা দান কৰিছে।

প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপি সাংসদ গৌতম গম্ভীৰেও ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১কোটি টকা প্ৰদান কৰিছে। চনু নিগমেও ১কোটি টকা ৰামমন্দিৰ নিৰ্মাণৰ দান কৰিছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *