ভাইজানৰ ৰেকৰ্ড ভাঙিলে কিং খানে! অগ্ৰিম টিকট বুকিঙত ৰেকৰ্ড গঢ়ি কিমান কোটি আয় কৰিলে জাৱানে?

ভাইজানৰ ৰেকৰ্ড ভাঙিলে কিং খানে! অগ্ৰিম টিকট বুকিঙত ৰেকৰ্ড গঢ়ি কিমান কোটি আয় কৰিলে জাৱানে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৩১ আগষ্টত মুক্তিলাভ কৰিছে শ্বাহৰুখ খানৰ জাৱান ছবিৰ ট্ৰেইলাৰে। ট্ৰেইলাৰ চোৱাৰ পাছৰে পৰাই দেশজুৰি চলিছে অগ্ৰিম টিকট বুকিং। ট্ৰেইলাৰেই জাৱানক লৈ উন্মাদনা বৃদ্ধি কৰিছে জনতাৰ মাজত। ছবিখনৰ মুক্তিৰ মাত্ৰ ৭ দিন পূৰ্বে অগ্ৰিম টিকট বুকিঙো আৰম্ভ হৈছে। শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে অগ্ৰিম টিকট বুকিং। শুকুৰবাৰে দুপৰীয়া ৩ বজালৈকে প্ৰায় ১ লাখ ১৮ হাজাৰ টিকট বিক্ৰি হোৱা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। এয়া কেৱল হিন্দী সংস্কৰণৰ টিকটহে।

বৰ্তমানলৈ জাৱানৰ প্ৰায় ৪ কোটিৰো অধিক টকাৰ অগ্ৰিম টিকট বিক্ৰি কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে নিশা ৯ বজালৈকে মুঠ ১ লাখ ২৪ হাজাৰ টিকট বিক্ৰি হৈছে। ছবিখনৰ তামিল সংস্কৰণৰ অগ্ৰিম টিকট বিক্ৰি হৈছে প্ৰায় ১৫-২০ লাখ টকাৰ। বিগত এপ্ৰিল মাহত মুক্তি পাইছিল ছলমানৰ, ‘কিছি কা ভাই কিছি কি জান’। ছলমানৰ এই ছবিখনে অগ্ৰিম টিকট বুকিঙৰ পৰা আয় কৰিছিল ৩ কোটি ৩৯ লাখ টকা। এইবাৰ শ্বাহৰুখৰ জাৱানে প্রথম দিনাই ভাইজানৰ ৰেকৰ্ড ভাঙিছে। এতিয়াও হাতত ৬ দিন বাকী। ৬ দিনত অগ্ৰিম টিকট বিক্ৰিত ৰেকৰ্ড গঢ়িব বুলি আশাবাদী হৈ উঠিছে চিনেমাৰ পৰিচালক। শ্বাহৰুখৰ শেষ ছবি ‘পাঠান’এ সমগ্ৰ বিশ্বত উপাৰ্জন কৰিছিল ১১০০ কোটি টকা। নিজৰ সেই ৰেকৰ্ড শ্বাহৰুখে নিজেই ভাঙিব নেকি এইবাৰ সেই বিষয়টোৱেও লাভ কৰিছে চৰ্চা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *