এক ৰাতিতেই ৩০ গৰাকী যৌনকৰ্মীৰে গণমিলন! ফিফা বিশ্বকাপত ফুটবলৰ সমান্তৰালকৈ থাকে নেকি যৌনতাৰ খেল?

এক ৰাতিতেই ৩০ গৰাকী যৌনকৰ্মীৰে গণমিলন! ফিফা বিশ্বকাপত ফুটবলৰ সমান্তৰালকৈ থাকে নেকি যৌনতাৰ খেল?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: বিশ্বকাপ ফুটবল বুলিলেই যেনেকৈ উত্তেজনা থাকে তেনেকৈ থাকে কেলেংকাৰীৰ ঘটনাও৷ বিভিন্ন সময়ত বিভিন্ন দেশৰ ফুটবলাৰেই যে বিতৰ্কত সাঙোৰ খাই এনে নহয়৷ বিতৰ্কত সাঙোৰ খাই প্ৰশিক্ষকৰ নামো৷ কিছু সংখ্যকে বিতৰ্ক ঠেলি ওলায় অহাৰ বিপৰীতে কিছুসংখ্যকৰ বিতৰ্কতেই কেৰিয়াৰ শেষ হয়৷ তেনে কিছু চৰ্চিত বিতৰ্ক হৈছে-

চেক গণৰাজ্য
২০১০ চনত তুমুল বিতৰ্ক হৈছিল চেক গণৰাজ্যৰ কেইগৰাকীমান খেলুৱৈক লৈ৷ প্ৰশিক্ষক পিটাৰ ৰাদাসহ ৬ খেলুৱৈয়ে বহু বিতৰ্কিত ছবি ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত৷ অভিযোগ আছিল শ্লোভাকিয়াৰ বিৰুদ্ধে এখন যোগ্যতা অৰ্জনকাৰী মেচত পৰাজিত হোৱাৰ পিছত, চেক গণৰাজ্যৰ দলটোৱে যৌন কৰ্মীৰ সৈতে ৰাত্ৰি যাপনৰ বাবে গৈছিল৷

ফ্ৰান্স
২০১০ চনতেই বিতৰ্কত সাঙোৰ খাইছিল ফৰাচী ফুটবল দলটোও৷ ফ্ৰান্সৰ খেলুৱৈ কৰিম বেঞ্জিমা আৰু ছিডনী গভলৌকে ধৰি তিনিজন ফুটবল তাৰকাৰ নামেই সাঙোৰ খাইছে যৌন কেলেংকাৰীত৷ চেম্প এলিছৰ নৈশ ক্লাবত গৈ তিনিওগৰাকী খেলুৱৈয়ে সুৰাপান কৰাতেই শান্ত নাথাকি যৌনসম্ভোগতো লিপ্ত হয়৷ ৰিবেৰী আৰু বেঞ্জিমাই যাৰ সৈতে যৌন সম্ভোগ কৰিছিল তাৰেই এগৰাকী আছিল নাবালিকা৷ দুই তাৰকাৰ বিৰুদ্ধে আদালতত গোচৰ তৰে নাবালিকাৰ পৰিয়ালে৷

আমেৰিকা

১৯৮৮ চনৰ বিশ্বকাপৰ পূৰ্বে আমেৰিকাৰ খেলুৱৈ জন হাৰকেছক দলটোৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছিল ষ্টিভ ছেম্পছনে৷ ইয়াৰ কাৰণো আছিল যৌনতা৷ খেলুৈগৰাকীয়ে তেওঁৰেই সতীৰ্থ খেলুৱৈৰ পত্নীৰ সৈতে বিবাহ বহীৰ্ভূত সম্পৰ্কত লিপ্ত হৈছিল যাৰ বাবে শাস্তিমূলকভাৱে সেই বৰ্ষৰ ফিফা বিশ্বকাপত ভাগ ল’ব পৰা নাছিল জনে৷

মেক্সিকো
২০১৮ চনত ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপত মেক্সিকো দলৰ খেলুৱৈয়ে ৩০ গৰাকী যৌনকৰ্মীৰ সৈকে গণ সঙ্গমত লিপ্ত হৈছিল৷ এই গণ সঙ্গমৰ ছবি প্ৰকাশ হোৱাৰ পিছতেই আৰম্ভ হৈছিল বিতৰ্ক৷ বহুতেই দাবী কৰিছিল এয়া বিশ্বকাপ খেলিবলৈ যোৱাৰ পূৰ্বে দলটোক বিদায় পাৰ্টী দিয়া হৈছিল৷ মেক্সিকোৰ ফুটবল কৰ্তৃপক্ষই এই সন্দৰ্ভত দিয়া স্পষ্টিকৰণত কয় যে, এজন খেলুৱৈয়ে তেওঁলোকৰ ব্যক্তিগত সময়ত কি কৰিব সেয়া তেওঁলোকৰ ব্যক্তিগত কথা৷ ফুটবলাৰসকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱাৰ অধিকাৰ নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *