দুচকুলৈ চালেই প্ৰশান্তিৰ চাপ! ৰামলালাৰ মায়াবী নয়নৰ ৰহস্য জনালে শিল্পী অৰুণ যোগীৰাজে

দুচকুলৈ চালেই প্ৰশান্তিৰ চাপ! ৰামলালাৰ মায়াবী নয়নৰ ৰহস্য জনালে শিল্পী অৰুণ যোগীৰাজে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২২ জানুৱাৰীত অতি জাকজমকতাৰে ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে। সেই দিনটোতেই ৰামলালাৰ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। সেই বিশেষ বিগ্ৰহ দৰ্শনৰ বাবে প্ৰতিদিনেই লাখ লাখ ভক্তই ভিৰ কৰিছে অযোধ্যাৰ ৰাম মন্দিৰত। কেইটামান ছেকেণ্ডৰ বাবে হ’লেও ৰামলালাৰ সেই বিশেষ বিগ্ৰহ চাবৰ বাবে ভক্তই ভিৰ কৰিছে অযোধ্যাৰ ৰাম মন্দিৰত।

ৰাম মন্দিৰৰ মূল আকৰ্ষণেই হৈছে ৰামলালাৰ বিশেষ বিগ্ৰহ। এই বিগ্ৰহ তৈয়াৰৰ নেপথ্যত আছে ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ অৱদান। কৃষ্ণ শিলাৰে গঠিত ৰামলালাৰ বিগ্ৰহ তৈয়াৰৰ নেপথ্যত আছে বিশিষ্ট ভাস্কৰ অৰুণ যোগীৰাজৰ কৃতিত্ব। প্ৰথমবাৰ যেতিয়া ৰামলালাৰ মূৰ্তি সকলোৰে বাবে মুকলি কৰি দিয়া হৈছে তেতিয়াৰে পৰাই সকলোৰে দৃষ্টি ৰামলালাৰ নয়নাভিৰাম চকুযুৰি। ওঁঠত মিহি হাঁহি, দুচকুত প্ৰশান্তিৰ চাপ। দুচকুলৈ চালেই মন ভৰি উঠে। কেনেতৈ এই বিগ্ৰহ ইমান নিখুঁতভাৱে নিৰ্মাণ কৰিলে শিল্পী অৰুণ যোগীৰাজে? বহুতেই যোগীৰাজক সেই প্ৰশ্ন কৰি আহিছিল। অৱশেষত যোগীৰাজে সকলোবোৰ চিক্ৰেট নিজেই ফাঁচ কৰিছে।

ৰামলালাৰ মূৰ্তি নিৰ্মাণত কোনো সাধাৰণ উপকৰণ ব্যৱহাৰ কৰা নাই অৰুণ যোগীৰাজে। বিগ্ৰহৰ চকু খোদাই কৰিবলৈ তেওঁ ব্যৱহাৰ কৰিছিল ৰূপৰ হাতুৰি আৰু সোনৰ ছেনি। সেই হাতুৰি আৰু ছেনিৰ ছবিও সামাজিক মাধ্যমত প’ষ্ট কৰিছে অৰুণ যোগীৰাজে। ৰামলালাৰ চকু খোদাই কৰা কামটো এক শুভ সময়ত আৰম্ভ কৰিছিল অৰুণে। ইয়াৰোপৰি মূৰ্তি নিৰ্মানৰ কাম আৰম্ভ কৰাৰ পূৰ্বে প্ৰতিদিনেই তেওঁ সৰযূ নদীত গা ধুই আহি হনুমান পূজা কৰি লৈছিল।

ৰামলালা এখন বিশেষ বেদীৰ ওপৰত থিয় হৈ আছে। তেওঁৰ মুখত আছে মিহি হাঁহি। কপালত আচে তিলক আৰু হাতত তীৰ, ধনু। বিগ্ৰহটো ৫১ ইঞ্চি দীঘল আৰু ৩ফুট বহল। প্ৰায় ২০০ কিঃগ্ৰাঃ ওজন এই মূৰ্তিৰ। ভগৱান ৰামৰ এই মূৰ্তি তেওঁৰ পাঁচ বছৰ বয়স কল্পনা কৰি নিৰ্মাণ কৰা হৈছে। মূৰ্তিৰ চাৰিওকাষে আছে বিষ্ণুৰ দশাৱতাৰ, মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কি। মূৰ্তিৰ এফালে আছে হনুমান আৰু গৰুড়। মূৰ্তিৰ যি মুকুট আছে তাত অংকন কৰা আছে সূৰ্য, শংখ, স্বাস্তিক, চক্ৰ আৰু গদা।

ৰামলালাৰ এই বিগ্ৰহটো নিৰ্মাণ কৰা হৈছে কৃষ্ণশিলাৰে। ৰাম মন্দিৰ কৰ্তৃপক্ষই তিনিটা মূৰ্তি তৈয়াৰ কৰিবলৈ তিনিজন শিল্পীক দায়িত্ব দিছিল। যোগীৰাজে নিৰ্মাণ কৰি উলিওৱা মূৰ্তিটোহে শেষ পৰ্যন্ত চূড়ান্ত বুলি গৃহীত কৰে। এই মূৰ্তি নিৰ্মাণৰ বাবে প্ৰথমে নেপালৰ পা শিল অহা হৈছিল যদিও সেই শিল কামত নাহিল।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *