দৈনিক এটাকৈ সূৰ্য গিলি খাব পাৰে! বিজ্ঞানীয়ে সন্ধান পাইছে অতিকায় কৃষ্ণগহ্বৰৰ

দৈনিক এটাকৈ সূৰ্য গিলি খাব পাৰে! বিজ্ঞানীয়ে সন্ধান পাইছে অতিকায় কৃষ্ণগহ্বৰৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ব্লেক হোল(Black Hole), মহাকাশৰ অনন্ত বিস্ময়। মাহজাগতিক অন্য এক পৰিঘটনা ঘটি থাকে এই ব্লেক হোলত। এইবাৰ মহাকাশ বিজ্ঞানী সাক্ষী হৈছে কৃষ্ণগহ্বৰ বা ব্লেক হোলৰ বিশেষ এক দৃশ্যৰ। প্ৰতিদিনেই এই ব্লেক হোলৰ ভিতৰত সোমাই যাব পাৰে এটাকৈ সূৰ্য। অর্থাৎ দৈনিক এটাকৈ সূৰ্য গিলি খাব পৰাকৈ বিশাল এটা কৃষ্ণগহ্বৰ দেখা পাইছে মহাকাশ বিজ্ঞানীয়ে।

আকাৰত এই কৃষ্ণগহ্বৰ  ১৭০০ কোটি সূৰ্যৰ সমান। এই ব্লেক হোলটোৰ আৰু এক বিশেষত্ব হৈছে যে এই কৃষ্ণগহ্বৰৰ চৌপাশ বহু পৰিমানে উজ্জল। ব্ৰহ্মাণ্ডৰ সকলোতকৈ উজ্জল বস্তু। যি ঔজ্জ্বল্য আমাৰ সূৰ্যতকৈ ৫০০ ট্ৰিলিয়ন গুণ উজ্জ্বল। নেচাৰ এষ্ট্ৰনমি নামৰ এক জাৰ্নেলত প্ৰকাশিত হৈছে এই সংক্ৰান্তিয় গৱেষণা পত্ৰ। তাতেই এই ব্লেক হোলৰ কথা প্ৰকাশিত হৈছে। এই কৃষ্ণগহ্বৰ পৃথিৱীৰ পৰা ১২০০ কোটি আলোকবৰ্ষ দূৰৈত আছে।

উল্লেখ্যে যে ব্লেক হোলৰ গঠন আৰু চৰিত্ৰক নিখুতভাৱে জানিবলৈ সমগ্ৰ পৃথিৱীতেই কাম কৰি আছে বিজ্ঞানীয়ে। লাভ কৰিছে নিত্য নতুন তথ্য। বিজ্ঞানীৰ দাবী যে অদূৰ ভৱিষ্যতে এই ব্লেক হোলেই মহাকাশত ছুনামীও আনিব পাৰে। পূৰ্বেও বিজ্ঞানীয়ে ১৮টা ডাঙৰ কৃষ্ণগহ্বৰ সন্ধান পাইছিল বিজ্ঞানীয়ে। এইকেইটা ব্লেক হোলো পৃথিৱীৰ পৰা প্ৰায় ৬০কোটি আলোকবৰ্ষ দূৰৈত আছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *