সৌৰৰশ্মি আহি তিলক আঁকিলে ৰামলালাৰ কপালত, ৰামলালাক সূৰ্যতিলক দিয়াৰ নেপথ্যৰ বিজ্ঞান জানেনে?

সৌৰৰশ্মি আহি তিলক আঁকিলে ৰামলালাৰ কপালত, ৰামলালাক সূৰ্যতিলক দিয়াৰ নেপথ্যৰ বিজ্ঞান জানেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সূৰ্য তেতিয়া মাজআকাশত। ৰামনৱমী উপলক্ষে মন্দিৰত যথেষ্ট ভিৰ। অযোধ্যাৰ ৰামমন্দিৰৰ গৰ্ভগৃহত মাহেন্দ্ৰক্ষণৰ অপেক্ষা কৰিছিল পুৰোহিতসহ মন্দিৰ কৰ্তৃপক্ষৰ অন্য সদস্য়সকলে। অৱশেষত সেই মুহূৰ্ত আহিল। আশা কৰাধৰণেই নীলা ৰঙৰ সূৰ্যৰ ৰশ্মি আহি পৰিল ৰামলালাৰ কঁপালত। ৰাম বিগ্ৰহত সূৰ্যতিলকৰ সেই দৃশ্যৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী। কাৰণ সূৰ্যৰ তিলক পৰাৰ সেই দৃশ্য দেশজুৰি লাইভ সম্প্ৰচাৰত দেখুওৱাৰ ব্যৱস্থাও কৰা হৈছিল।

বুধবাৰে ৰামনৱমী উপলক্ষে বিশেষ আয়োজন কৰিছে অযোধ্যাৰ ৰাম মন্দিৰ কৰ্তৃপক্ষই। সূৰ্যতিলকৰ ব্য়ৱস্থাও সেইবাবেই কৰা হৈছে। কেইবাজনো ভাৰতীয় বিজ্ঞানী মিনি এনে এক যন্ত্ৰ তৈয়াৰ কৰিছে যাৰ সহায়ত দুপৰীয়া ঠিক ১২ বজাত সূৰ্যৰ ৰশ্মি আহি ৰাম বিগ্ৰহৰ কঁপালত পৰে। ৫.৮ ছেণ্টিমিটাৰৰ পোহৰৰ ৰশ্মি বিগ্ৰহৰ কঁপালত বিচ্ছুৰিত হোৱাৰ ঘটনাকেই সূৰ্যতিলক হিচাপে আখ্যা দিছে মন্দিৰ কৰ্তৃপক্ষই।

ৰাষ্ট্ৰীয় সংবাদমাধ্যম এনডিটিভিৰ প্ৰতিবেদন অনুসৰি এক বিশেষ যন্ত্ৰৰ সহায়ত এই সূৰ্য তিলক দিয়া সম্ভৱ হৈছে। এক শীৰ্ষ স্থানীয় চৰকাৰী প্ৰতিষ্ঠানৰ ১০জন বিজ্ঞানীয়ে ৰাম মন্দিৰৰ বাবে এই যন্ত্ৰটো তৈয়াৰ কৰি উলিয়াইছে। আয়না বা লেন্স ব্য়ৱহাৰ কৰি সেই যন্ত্ৰ মন্দিৰৰ ভিতৰত থকা ৰাম মন্দিৰৰ বিগ্ৰহৰ ওপৰত এনেকৈ বহুওৱা হৈছে যাতে সূৰ্যৰ পোহৰ একাধিক আয়নাত বিচ্ছুৰিত হৈ বিগ্ৰহৰ কঁপাল উজলি উঠে।

চেন্ট্ৰেল বিল্ডিং ৰিচাৰ্ছ ইনষ্টিটিউটৰ বিজ্ঞানী তথা ডাইৰেক্টৰ প্ৰদীপ কুমাৰ ৰামচাৰলাই সূৰ্যতিলকৰ নেপথ্যত থকা বিজ্ঞানৰ বাখ্যা কৰিছে। ৰামচাৰলালে কয়, অপ্ট মেকানিকেল চিষ্টেমত চাৰিখন লেন্স ব্যৱহাৰ কৰা হৈছে। টিল্ট মেকানিজম ব্য়ৱহাৰ কৰি সেই আয়না আৰু লেন্সসমূহ পাইপৰ ভিতৰত লগোৱা হৈছে। পাইপটো মন্দিৰৰ ছাদত দীঘলকৈ লগাই দিয়া হৈছে। সূৰ্যৰ পোহৰ সেই পাইপৰ মুখেৰে ভিতৰলৈ আহি আয়না বা লেন্সত বিচ্ছুৰিত হৈ গৰ্ভগৃহত থকা ৰামলালাৰ মূৰত তিলক হৈ পৰিছে।

তেওঁ লগতে কয়, পাইপেৰে সকলোৰে শেষত থকা লেন্সত পোনতে পোহৰৰ ৰশ্মি পেলোৱা হৈছে। তাৰপিছতেই সূৰ্যৰশ্মি গৰ্ভগৃহত প্ৰৱেশ কৰি এটা ফিল্টাৰৰ মাজেৰে ৰামৰ বিগ্ৰহৰ কঁপালত গৈ পৰিছে। প্ৰতিবছতেই ৰামনৱমীত এনেকৈ সূৰ্যতিলক দিয়াৰ ব্যৱস্থা থাকিব। সূৰ্যৰশ্মি যাতে ৰামলালাৰ কঁপালত এনেকৈ প্ৰত্যেক বছৰে দিব পাৰি তাৰবাবে এই বিশেষ ব্যৱস্থা গঢ়ি তুলিছে বিজ্ঞানীয়ে।

ৰাম মন্দিৰৰ সূৰ্যতিলক সম্পন্ন কৰাৰ নেপথ্যত  আছে ছি বি আৰ আইৰ ওপৰিও বাংগালুৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰফিজিক্সৰ বিজ্ঞানী।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *