ধৰ্মনিৰপেক্ষ দেশত কোনো ধৰ্মগুৰুৱেই পৰমাত্মা হ’ব নোৱাৰে! আবেদনকাৰীক ওলোটাই জৰিমনা বিহিলে দেশৰ উচ্চতম ন্যায়ালয়ে…

ধৰ্মনিৰপেক্ষ দেশত কোনো ধৰ্মগুৰুৱেই পৰমাত্মা হ’ব নোৱাৰে! আবেদনকাৰীক ওলোটাই জৰিমনা বিহিলে দেশৰ উচ্চতম ন্যায়ালয়ে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ধৰ্মগুৰুক পৰমাত্মা ঘোষণাৰ আবেদন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল ধৰ্মপ্ৰাণ এজন ব্যক্তি। কিন্তু এই দাবী পোনচাটেই নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। এই বিষয়টোক লৈ বিচাৰপীঠে দিয়া যুক্তিক লৈ দেশজুৰি চৰ্চা। বিচাৰপীঠে দিয়া যুক্তিত উল্লেখ থকা অনুযায়ী, ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। ইয়াত কোনো নিৰ্দিষ্ট ধৰ্মগুৰুক উপাসনা কৰা নহয়। এই বিষয়টোত আদালতে কোনো ৰায় প্ৰদান কৰিব নোৱাৰে।

ধৰ্মগুৰু ঠাকুৰ অনুকূলচন্দ্ৰক পৰমাত্মা ঘোষণাৰ দাবী তুলি আদালতৰ কাষ চাপিছিল জনৈক অনুগামী। কিন্তু এই আবেদন আদালতে খাৰিজ কৰাৰ লগতে আবেদনকাৰীৰ ওপৰতো মোটা অংকৰ জৰিমনা বিহিছে উচ্চতম ন্যায়ালয়ে। সম্প্ৰতি নিজৰ ধৰ্মগুৰু অনুকূল ঠাকুৰক পৰমাত্মা হিচাপে ঘোষণা কৰাৰ বাবে আবেদন কৰিবলৈ গৈয়েই বিপদত পৰিছে ভক্ত জনৈক। এই আবেদন পোনছাটেই খাৰিজ কৰিছে বিচাৰপতি এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰে।

আদালতে দিয়া ৰায় অনুসৰি, যিসকলে এই বিষয়টো লৈ আদালতৰ কাষ চাপিছিল তেওঁলোকে নিজেই কাৰোবাৰ ধৰ্মগুৰু বা পৰমাত্মা বুলি মানিব পাৰে। কিন্তু দেশৰ ১৪০ কোটি জনতাক পৰমাত্মা বুলি মানিবলৈ জোৰ কৰিব নোৱাৰিব। কোনো এক নিৰ্দিষ্ট ধৰ্মৰ ধৰ্মগুৰুক পৰমাত্মা বুলি স্বীকৃতি দিয়া আদালতৰ পক্ষে সম্ভৱ নহয়। বিচাৰপীঠে লগতে কয়, ‘এইধৰণৰ আবেদন লৈ আদালতৰ কাষ চপাৰ আগতেই এশবাৰ ভাৱি ল’ব।’ ইয়াৰোপৰি আদালতে এই আৱেদনকাৰীৰ ১ লাখ টকাৰ জৰিমনাও বিহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *