বোৰ্খা এৰি মিছ ইউনিভাৰ্ছত খোজ পেলালে আৰৱৰ প্ৰথমগৰাকী সুন্দৰীয়ে

বোৰ্খা এৰি মিছ ইউনিভাৰ্ছত খোজ পেলালে আৰৱৰ প্ৰথমগৰাকী সুন্দৰীয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

বোৰ্খা এৰি মিছ ইউনিভাৰ্ছত খোজ পেলালে আৰৱৰ প্ৰথমগৰাকী সুন্দৰীয়ে

আৰৱ দেশৰ কথা সকলোৱে জানে, দেশ খনত মহিলাই কিমান নীতি-নিয়মৰ মাজেৰে থাকিব লগা হয়। অৱশ্যে বৰ্তমানে ৰাজকুমাৰ মহম্মদ বিন ছলমান অল ছাউদৰ শাসনকালত বহু পৰিমানে হ্ৰাস পাইছে বাধা সমূহ।

পূৰ্বে খেলপথাৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ আছিল, এতিয়া খেল পথাৰত বহি খেল উপভোগ কৰিব পাৰে মহিলাই। তেনেদৰে আছে অন্যান্য সুবিধা।

এইবাৰ আন এক ইতিহাস ৰচিবলৈ গৈ আছে আৰৱৰ এগৰাকী সুন্দৰীয়ে। প্ৰথমবাৰৰ বাবে দেশখনৰ এগৰাকী সুন্দৰীয়ে অংশ গ্ৰহন কৰিব এইবাৰৰ মিছ ইউনিভাৰ্চ তথা ব্ৰহ্মাণ্ড সুন্দৰীত।

ৰুমী আলকাহতানী নামৰ এগৰাকী ২৭ বছৰীয়া সুন্দৰীয়ে এইবাৰ অংশ গ্ৰহন কৰিব মিছ ইউনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাত। যি হ’ব দেশ খনৰ বাবে এক উল্লেখনীয় ঘটনা।

সুন্দৰী ৰুমীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টযোগে ফটো শ্বেয়াৰ কৰি এই বিষয়ে সদৰি কৰে। এই সুন্দৰী প্ৰতিযোগিতাত অংশ লবলৈ পাই ৰুমী অত্যন্ত সুখী বুলি মনৰ ভাৱ প্ৰকাশ কৰে।

উল্লেখ্য যে, মিছ ইউনিভাৰ্ছত এয়া প্ৰথম হলেও ইয়াৰ পূৰ্বে কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছে ৰুমী আলকাহতানীয়ে। মিছ এছিয়া ইন্টাৰনেশনেল ২০২৪ত অংশ লোৱাৰ লগতে মিছ মিডিল ইষ্ট, মিছ অৰৱ ৱৰ্ল্ড পীছ ২০২১, মিছ ওমেন(আৰৱ) আদি বিভিন্ন খিতাপো দখল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *