২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এই বছৰৰ প্রথম মাহতেই ৰাশি পৰিবৰ্তন কৰিছে শনিয়ে৷ স্ব ৰাশি কুম্ভত প্ৰৱেশ কৰিছে শনিয়ে৷ শনিয়ে এটা ৰাশিত আঢ়ৈ বছৰ ধৰি বিচৰণ কৰে৷ কুম্ভ ৰাশিত আগন্তুক ২০২৫ পৰ্যন্ত থাকিব এই গ্ৰহ৷ এই সময়ৰ ভিতৰত একাধিকবাৰ শনিৰ বক্ৰী-মাৰ্গী আৰু উদয়-অস্ত হ’ব৷ কুম্ভ ৰাশিত শনিৰ বিচৰণ বেছ কিছু জাতকৰ বাবে অত্যন্ত শুভ৷ ২০২৫ চন পৰ্যন্ত এই ৰাশিৰ জাতকসকলে শান্তিৰ সময় কটাব৷ ইয়াৰোপৰি প্ৰচুৰ লাভালাভো আহিব এই ৰাশিৰ জাতকৰ৷ ধন সম্পত্তি বঢ়াৰো যোগ আছে৷

বৃষ ৰাশি
শনিৰ গোচৰ আপোনালোকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ কাৰণ আপোনাৰ ৰাশিৰ দশম স্থানত বিচৰণ কৰিছে শনিয়ে৷ কিন্তু শনি আপোনাৰ ভাগ্যৰ স্থানৰ অধিপতি৷ এই সময়ত ভাগ্যৰ সংগ পাব বৃষ ৰাশিৰ জাতকে৷ আয় বৃদ্ধি পোৱাৰ লগতে আয়ৰ নতুন উৎসও বিচাৰি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে৷ এই ৰাশিৰ চাকৰীয়াল সকলৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰো আয় বৃদ্ধিৰ সম্ভাৱনা৷ ২০২৫ চনলৈকে ভাল সময় চলিব এই ৰাশিৰ জাতকৰ৷ কাম আৰু ব্যৱসায়ৰ বাবে বিদেশ যাত্ৰা কৰাৰ সুযোগো লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷

মিথুন ৰাশি
শনিৰ কুম্ভত বিচৰণে আপোনাৰ বাবে ভাল সময় কঢ়িয়াব৷ শনি আপোনাৰ ৰাশিৰ কৰ্মস্থানৰ অধিপতি৷ এই সময়ত ভাগ্যৰ সংগ লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ ইয়াৰোপৰি গাড়ী ক্ৰয়ৰো যোগ আছে৷ জীৱনত সুখ সমৃদ্ধি বাঢ়িব৷ ব্যৱসায়ত আগুৱাই যোৱাৰ সম্ভাৱনা আছে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব মিথুন ৰাশিৰ জাতকসকল৷ এই সময়ত আপোনাৰ আয় বৃদ্ধি পাব৷

কুম্ভ ৰাশি
এই ৰাশিত বিচৰণ কৰিছে শনিয়ে৷ জ্যোতিষ গণনা অনুসৰি শনিৰ গোচৰে কুম্ভ ৰাশিৰ জাতকসকল আৰ্থিকভাৱে লাভাম্বিত হ’ব৷ কাৰণ শনিয়ে আপোনাৰ ৰাশিৰ লগ্ন স্থান ভ্ৰমণ কৰিছে৷ সেয়ে এই সময়ত আত্মবিশ্বাস বৃদ্ধি পাব৷ ব্যক্তিত্ব উন্নত হ’ব৷ ব্যৱসায়ত বিশেষভাৱে সফলতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ অৰ্থ সঞ্চয়তো সফল হ’ব এই ৰাশিৰ জাতক৷ আইন আদালত আদি বিষয়ত সফলতা অৰ্জন কৰিব৷ শনিয়ে এই ৰাশিত প্ৰৱেশ কৰাৰ বাবে ৰাজসুখ ভোগ কৰিব কুম্ভ ৰাশিৰ জাতকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *