কুম্ভ ৰাশিত জাগ্ৰত হৈছে শনি! ৪ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

কুম্ভ ৰাশিত জাগ্ৰত হৈছে শনি! ৪ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অস্ত অৱস্থান বিচৰণ কৰি থকা শনি চলিত মাহতেই উদিত হৈছে। কোনো গ্ৰহ অস্ত গ’লে তাৰ শক্তি কমি থাকে। আকৌ উদিত হ’লেই জাগ্ৰত হৈ নিজৰ শক্তি উভতাই পায়। জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো গ্ৰহ যেতিয়া ১ৰ পৰা ১০ ডিগ্ৰীত থাকে তেতিয়া সেই অৱস্থাক জাগ্ৰত অৱস্থা বুলি কোৱা হয়। কুম্ভ ৰাশিত জাগি উঠাৰ পাছত শনিয়ে সমস্ত ১২ ৰাশিৰ জাতককেই প্ৰভাৱিত কৰি আছে। গণনা অনুসৰি শনিৰ জাগ্ৰত অৱস্থাই ৪ ৰাশিৰ জাতকৰ হাতলৈ আকস্মিক ধন লাভ আৰু ভাগ্যোদয়ৰ যোগ তৈয়াৰ কৰিব। শনিৰ আশীৰ্বাদ কোন কোন ৰাশিৰ জাতকে লাভ কৰিব।

মেষ ৰাশি
উদিত হোৱা শনিয়ে মেষ ৰাশিৰ জাতকৰ জীৱনত শুভ সময়ৰ সূচনা কৰিব। শনি আপোনাৰ কোষ্ঠীৰ কৰ্ম স্থানৰ অধিপতি। উদিত অৱস্থাত শনিয়ে লাভপ স্থানত অৱস্থান কৰিছে। এই সময়ত আপোনাৰ সমস্ত ইচ্ছা পূৰণ হ’ব। পদোন্নতিৰ সম্ভাৱনা আছে। পছন্দমতে কৰ্মস্থান বদলিও কৰিব পাৰে। মেষ ৰাশিৰ জাতকৰ সমস্ত কাম সম্পন্ন হ’ব। পুৰণা কোনো কামত সফলতা লাভ কৰিব। বেকাৰ সকলেও চাকৰি লাভৰ সম্ভাৱনা।

বৃষ ৰাশি
জাগ্ৰত অৱস্থাত শনিৰ বিচৰণে বৃষ ৰাশিৰ জাতকৰ বাবেও শুভ সময় কঢ়িয়াব। এই ৰাশিৰ অধিপতি শুক্ৰ আৰু শনিৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। শনিৰ প্রভাৱতেই বৃষ ৰাশিৰ জাতকৰ সমস্ত কাম সম্পন্ন হ’ব। চাকৰীয়ালসকলৰ পদোন্নতিৰ যোগ। এই জাতকৰ ভাগ্যোদয় নিশ্চিত।

মিথুন ৰাশি
শনিৰ উদয় আৰু জাগ্ৰত অৱস্থাত কৰা বিচৰণে মিথুন ৰাশিৰ জাতকৰ বাবে শুভ প্ৰভাৱ পেলাব। এই ৰাশিৰ অধিপতি বুধৰ সৈতে শনিৰ বন্ধুত্ব আছে। আনহাতে আপোনাৰ কোষ্ঠীত ভাগ্য স্থানত শনিয়ে বিচৰণ কৰিব। এই স্থানত আহি শনি শক্তিশালী হৈ উঠে। এই সময়ত আপোনাৰ ভাগ্য চমকি উঠিব। সমস্ত ইচ্ছা পূৰণ হ’ব। আকৌ কোনো যাত্ৰা আৰম্ভ কৰিলে এই যাত্ৰাত সফলতা লাভ কৰিব। মিথুন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে বিদেশত গৈ পঢ়াশুনা কৰাৰ সপোন থাকিলে সেই সপোন পূৰ্ণ হ’ব।

তুলা ৰাশি
শনিৰ জাগ্ৰত দশাই তুলা ৰাশিৰ ভাগ্য উন্নীত কৰিব। শনিয়ে তুলা ৰাশিৰ কোষ্ঠীত ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব। সুখ-সাধনাৰ অধিপতি হিচাপে পঞ্চম স্থানত বিৰাজ কৰে শনিয়ে। এই সময়ত সম্পত্তি আৰু গাড়ী লাভ কৰিব তুলা ৰাশিৰ জাতকে। আকস্মিক ধন লাভৰ সম্ভাৱনা আছে। মেডিকেল, গৱেষণা আৰু বৈজ্ঞানিক ক্ষেত্ৰৰ সৈতে জড়িত জাতকে সফলতা লাভ কৰিব। আপোনাৰ মান-সন্মান আৰু প্ৰতিষ্ঠা বাঢ়িব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *