দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত বিচৰণ কৰে৷ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ যাওঁতে শনিক সময় লাগে প্ৰায় আঢ়ৈ বছৰ৷ জ্যোতিষ শাস্ত্ৰমতে শনিৰ গতিপথত সামান্য পৰিবৰ্তন আহিলেই একাধিক শুভ যোগ তৈয়াৰ হয়৷ পঞ্চমহাপুৰুষৰ ৰাজযোগৰ মাজত অন্যতম শ শ মহাপুৰুষ ৰাজযোগ নিৰ্মাণ কৰিছে শনিয়ে৷ বৰ্তমান কুম্ভ ৰাশিত শনিয়ে বক্ৰী অৱস্থাত বিচৰণ কৰিছে৷ এই সময়ত ত্ৰিকোণ ৰাজযোগ তৈয়াৰ হ’ব৷ ৪ নৱেম্বৰত মাৰ্গী অৰ্থাৎ নিজৰ পথত উভতি আহিব শনি৷ অৰ্থাৎ শনিৰ দুটা অতি শুভ যোগৰ প্ৰভাৱ পৰিব৷ কেন্দ্ৰত ত্ৰিকোণ আৰু শ শ ৰাজযোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতকৰ সময় ভাল চলিব?

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে ত্ৰিকোণ আৰু ৰাজযোগে ইতিবাচক পৰিবৰ্তন আনিব৷ এই সময়ত লাভ অৰ্জনৰ বাবে একাধিক দুৱাৰ মুকলি হ’ব৷ চাকৰি আৰু ব্যৱসায়ত আৰ্থিক উন্নতি হ’ব৷ নতুন চাকৰি লাভৰ আশা৷ শনিয়ে এই ৰাশিৰ জাতকৰ সমস্ত মনোকামনা পূৰ্ণ কৰিব৷

সিংহ ৰাশি
শনিৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকৰো দিন ভাললৈ আহিব৷ আপোনাৰ সুখ সুবিধা বৃদ্ধি হ’ব৷ এই সময়ত গাড়ী কিনাৰ শুভ সংযোগ৷ আইনী মামলাতো জয়ী হ’ব৷ চাকৰিত পদোন্নতিৰ যোগ৷ ফচি থকা ধন উভতাই পাব৷ দাম্পত্য জীৱনত সুখৰ হ’ব৷

তুলা ৰাশি
শনিৰ ত্ৰিকোণ প্ৰভাৱ এই ৰাশিৰ বাবেও শুভ হ’ব৷ এই সময়ত আৰ্থিক উন্নতিৰ সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ আপোনাৰ আৰ্থিক পৰিস্থিতিক মজবুত কৰাৰ যোগ৷ আনহাতে চাকৰিত পদোন্নতিৰো যোগ আছে৷ আপোনালোকে আকস্মিক ধন লাভ কৰিব পাৰে৷ ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব৷

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবেও এই সময় শুভ৷ এই সময়ত শনিৰ আশীৰ্বাদ পাব কুম্ভ ৰাশিৰ জাতকে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হ’ব৷ কৰোবাত পাবলগীয়া ধন লাভ কৰিব৷ ভ্ৰমণৰ সম্ভাৱনা আছে৷ ভ্ৰমণৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *