১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বলীউডৰ অন্যতম কৃতী আৰু জনপ্ৰিয় নৃত্য প্ৰশিক্ষক তেওঁ৷ এক দৌ তিন, হাৱাই হাৱাইৰ দৰে গানত নৃত্য কৰিবলৈ শিকাইছিল জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিতক৷ শ্ৰী দেৱীৰ দৰে নায়িকাকো তেঁৱেই নৃত্য শিকাইছিল৷ মাত্ৰ ১৭ বছৰ বয়সতে নৃত্য পৰিচালক হিচাপে বলীউডত ভৰি থোৱা নৃত্য পৰিচালক গৰাকী আন কোনো নহয়, তেওঁ হৈছে সৰোজ খান৷

বলীউডত ভৰি দিয়াৰ এক দশক ভিতৰতেই স্বাধীনভাৱে তেওঁ কৰিঅ’গ্ৰাফীৰ কেৰিয়াৰ আৰম্ভ কৰে৷ সুভাষ ঘাইৰ ‘হিৰো’ ছবিত নৃত্যপ্ৰশিক্ষক হিচাপে কাম কৰি সকলোৰে দৃষ্টি কাঢ়ে সৰোজ খানে৷ তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৭ বছৰ৷ ১৭ বছৰতেই তেওঁৰ প্ৰথম বিবাহ ইতিমধ্যেই ভাঙিছিল৷ পেছাগত জীৱনে নতুন মূৰ লোৱাৰ সেই সময়তেই তেওঁ দ্বিতীয় বিবাহৰ বাবেও আগবাঢ়িছিল৷ সৰোজে প্ৰথম বিবাহ কৰাইছিল মাত্ৰ ১৩ বছৰ বয়সতে৷ ১৩ বছৰীয়া সৰোজে তেওঁৰ নৃত্যগুৰু ছহনলালক বিয়া কৰাইছিল৷ অৱশ্য প্ৰথম বিবাহৰ সময়ত তেওঁৰ নাম সৰোজ খান নাছিল৷ তেতিয়া তেওঁৰ নাম আছিল নিৰ্মলা নাগপাল৷

সৰোজ খান নামটো দিছিল মাতৃয়েই৷ নিৰ্মলা নামেৰে বিনোদন জগতত জীয়ৰীয়ে খোজ পেলোৱাটো মাতৃয়ে বিচৰা নাছিল সেয়ে নিৰ্মলা নামটো সলনি কৰি মাতৃয়ে নাম দিছিল সৰোজ৷ মাতৃৰ এই নাম সলনিৰ আঁৰৰ প্ৰধান উদ্দেশ্য আছিল তেওঁৰ সন্তানে যে নাচি ধন উপাৰ্জন কৰে সেই কথা কোনোৱে গম পাব নালাগে৷ সৰোজৰ বয়স ১৩ বছৰ হওঁতে তেওঁৰ স্বামীৰ বয়স আছিল ৪৩ বছৰ৷ বিবাহৰ এবছৰৰ পাছত অৰ্থাৎ ১৪ বছৰ বয়সতেই সৰোজৰ কোলালৈ আহিছিল প্ৰথমটো সন্তান৷

প্ৰথম সন্তান জন্মৰ পাছতেই সৰোজে গম পায় যে তেওঁৰ স্বামী সোহনলাল পূৰ্বৰে পৰাই বিবাহিত৷ কেৱল বিবাহিতই নহয় সন্তানো আছে তেওঁৰ৷ ১৯৬৫ চনত সৰোজ দ্বিতীয় সন্তানৰ মাতৃ হয়৷ দুটাকৈ সন্তান জন্মৰ পাছত সোহনলালে কিন্তু সন্তান দুটাক পিতৃ পৰিচয় দিবলৈ মান্তি নহয়৷ সেই বিষয়টোক লৈয়েই বিয়া ভাঙি যায় সৰোজ আৰু সোহনলালৰ৷ প্রথম বিবাহ ভাঙি যোৱাৰ পাছত ১৯৭৫ চনত ব্যৱসায়ী চৰ্দাৰ ৰোশন খানক বিয়া কৰাইছিল সৰোজে৷ তাৰ পাছতেই সৰোজে গ্ৰহণ কৰে ইছলাম ধৰ্ম৷ ইছলাম গ্ৰহণৰ পাছতেই সৰোজৰ টাইটেল হৈ পৰে সৰোজ খান৷

২০২০ চনত ৭১ বছৰ বয়সত মৃত্যু হয় সৰোজ খানৰ৷ বলীউডলৈ তেওঁৰ অৱদান চিৰস্মৰণীয় কৰি ৰাখিবলৈ এখন বায়গ্ৰাফী বনোৱাৰো সিদ্ধান্ত লৈছে পৰিচালক হংসল মেহতা আৰু ভূষণ কুমাৰে৷ সৰোজ খানৰ বায়গ্ৰাফীত অভিনয় কৰিবলৈ আগ্ৰহী বলীউড তাৰকা মাধুৰীয়ে৷ ছবি নিৰ্মাতাসকলৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *