এইবাৰ ‘গুৱাহাটী’ সৰ্বানন্দ সোণোৱালৰ…

এইবাৰ ‘গুৱাহাটী’ সৰ্বানন্দ সোণোৱালৰ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ  ২০২৪ৰ পৰা অসমৰ ৰাজনীতিত বহু পৰিৱৰ্তন দেখিবলৈ পাব ৰাইজে।  ইতিমধ্যে জালুকবাৰী এৰি উজনিৰ যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ মন মেলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেৱল হিমন্ত বিশ্ব শৰ্মাকে নহয়, এইবাৰ বিজেপিয়ে সৰ্বানন্দ সোণোৱালক লৈও কৰিছে এক বিশেষ পৰিকল্পনা। লোকসভা নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক হিচাপ-নিকাচ কৰাৰ বাবে ১০জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি  জগত প্ৰসাদ নড্ডা।

২৪ৰ লোকসভা নিৰ্বাচনৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিৰ ৰূপৰেখা সলনি কৰি দিয়াৰ ব্লু-প্ৰিন্ট ৰচিয়ে সংঘৰ পৰিয়াল আৰু বিজেপিয়ে। ২০১৫চনৰ পৰাই বিজেপিৰ উজনি অসমৰ নেতা হিচাপে আগত থৈ বিজেপিয়ে কাম কৰি অহা সৰ্বানন্দ সোণোৱালক ২৪ৰ লোকসভা নিৰ্বাচনত অসমৰ এটা বিশেষ সমষ্টিৰ পৰা নিৰ্বাচনত নমোৱাৰ পৰিকল্পনা অতি সন্তপৰ্ণে কৰিছে সংঘৰ পৰিয়াল আৰু বিজেপিয়ে।

বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত নমোৱাৰ পৰিকল্পনা কৰিছে বিজেপিৰ নেতৃত্বই। কিন্তু সৰ্বানন্দ সোণোৱাল বৰ্তমান  বিজেপিৰ সংসদীয় বৰ্ড  আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ দৰে গুৰুত্বপূৰ্ণ বৰ্ডৰ সদস্য হৈ থকাৰ বাবে বিজেপিয়ে এই সিদ্ধান্তত আনুষ্ঠানিক মোহৰ মাৰিব পৰা নাই।

ক্লিক কৰি পঢ়কঃ EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে…

এতিয়ালৈকে উজনি অসমৰ পৰাই বিধায়ক, সাংসদ হৈ থকা সৰ্বানন্দ সোণোৱালক গুৱাহাটীত প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়াই স্বাভাৱিকতে বহু বিজেপিৰ নেতাৰ টোপনি হাৰিছে। সৰ্বানন্দ সোণোৱালেও লক্ষ্যণীয়ভাৱে গুৱাহাটী লোকসভা সমষ্টিত নিজৰ সক্ৰিয়তা তীব্ৰতৰ কৰা দেখা গৈছে। এতিয়া কেতিয়াকৈ বিজেপিয়ে চলি থকা এই ৰাজনৈতিক চৰ্চাত শেষ মোহৰ মাৰে সেয়াহে লক্ষ্যণীয় হব।

ইফালে বৰ্তমানো যোৰহাট বিধান সমষ্টিটো বিজেপিৰ দখলতে থকাৰ বাবে সেই সমষ্টিটোক লৈও অন্য এক অংক কৰিছে বিজেপিয়ে। বৰ্তমান সমষ্টিটোত বিধায়ক হৈ থকা হিতেন্দ্ৰ নাথ গোস্বামীক সমষ্টিটোৰ পৰা আতৰাই ৰাজ্যসভাৰ সাংসদ নাইবা গধুৰ দলীয় দায়িত্বও অৰ্পন কৰিব পাৰে বুলি চৰ্চা চলিছে। আনফালে গুৱাহাটী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ হৈ থকা কুইন ওজাকো পৰৱৰ্তী সময়ত কিদৰে, ক’ত বিজেপিয়ে সংস্থাপিত কৰে সেয়াও হ’ব লক্ষ্যণীয়।

 

২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল ডেস্কঃ জালুকবাৰী ত্যাগ কৰি উজনিমুখী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা। ৩০বছৰ ধৰি নিজা দখলত ৰখা জালুকবাৰী সমষ্টি এৰি যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ প্লেনিং কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাটত নিজে প্ৰতিন্দন্দ্বিতা কৰি উজনিৰ ৫০টা সমষ্টিত বিজেপিৰ জয় নিচান উৰুৱাৰ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাৰ। তলে তলে ইতিমধ্যে সকলো ৰাজনৈতিক কুজকাৱাজ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

২০২৬ৰ বিধানসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ আঁৰত আছে অন্য এটা কাৰন। ইতিমধ্যে হৈ যোৱা সমষ্টি পুণঃনিৰ্ধাৰণ প্ৰক্ৰিয়াত বিলুপ্তি ঘটিছে জালুকবাৰী বিধানসভা সমষ্টি। এই পৰিস্থিতিৰে সুযোগ লৈ মুখ্যমন্ত্ৰীয়ে এইবাৰ নামনিৰ পৰিৱৰ্তে উজনিত নিজৰ স্থিতি সবল কৰাৰ উদ্দেশ্যৰে যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ পৰিকল্পনা যুগুত কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই উজনিৰ ভিতৰত যোৰহাট বিধানসভা সমষ্টি বাচি লোৱাৰ অন্য এটা কাৰন আছে। যোৰহাটতে বাল্য কাল কটাইছিল হিমন্ত বিশ্ব শৰ্মাই। বাল্য শিক্ষা যোৰহাটতে গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ বাল্য ভৱন লৈ গৈ নষ্টালজিক হৈ পৰিছিল। ইয়ো অন্য এটা উল্লেখনীয় কাৰন বুলি কব পাৰি।

আনহাতে উজনিত বিজেপিয়ে ৫০টাকৈ সমষ্টি দখল কৰি আছে। এই শক্তিক আৰু অধিক শক্তিমান বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই উজনিত প্ৰতিন্দন্দ্বিতা কৰাৰ বাবে মন মেলিছে। আমি যদি চাও পূৰ্বৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তৰ পৰা সৰ্বানন্দ সোণোৱালৰ লৈকে সকলোৱে উজনি অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। সকলোবোৰ মিলাই এইবাৰ ২০১৬ত অন্য এক ৰণনীতিৰে নিৰ্বাচনত অৱৰ্তীণ হব শাসকীয় বিজেপি।

 

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *