‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কথাতেই কয়, ভাদমহীয়া ৰ’দ৷ এই ৰ’দে অশান্ত কৰাৰ সময় ঠেলি আহিনৰ প্রথমজাক বৰষুণে চুই গ’ল ৰাজ্যবাসীক৷ আকাশৰ কলীয়া ডাৱৰ আঁতৰি মন চুই যোৱা শুকুলা ডাৱৰে ভুমুকি মাৰিছে৷ দুৰণিত যেন দীঘলীয়া এখন শুকুলা চাদৰ৷ যেন কোনোবা শিপিনীয়ে তাঁতৰ পৰা কাটি মেলিহে থৈছে৷ আহিনৰ আকাশৰ মোহনীয় ৰূপ দেখিয়েই হয়তো বিশ্ব বিশ্রুত গায়ক ভূপেন হাজৰিকাই গাইছিল,

‘কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি৷
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উলটি…’

আজি পহিলা আহিন৷ এয়া কুঁৱলী পৰাৰ সময়৷ কুঁৱলী পৰিবলৈ আৰম্ভ কৰিছে৷ দুৱৰী বনত, গছৰ পাতত আজিৰে পৰা লাগি থাকিব টোপ টোপ নিয়ৰ৷ তাত সুৰুযৰ পোহৰ পৰি মুকুতা সদৃশ হৈ জিলিকি থাকিব৷ সমগ্র পৰিবেশটোৱে সলনি হ’ব৷ দুৱৰীত দুভৰি থলে ভৰি তিতিব৷ শেৱালীয়ে হাঁহিব৷ আহিনৰ এই ৰূপত ভুল গৈয়েই কবি হীৰুদাই লিখিছিল, ‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’

এই নিয়ৰে ধৰিত্রীৰ বুকুলৈ নমাই আনিব এক বাতানুকুল পৰিবেশ৷ গৰমৰ ছটফটাই থকা দিনবোৰ নোহোৱা হ’ব৷ প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানে ধৰিত্ৰীৰ বুকুৰ পৰা সকলো মলি ধুই নিকা কৰি যোৱাৰ দুটিমান ক্ষণৰ পাছতেই শৰতে ভুমুকি মাৰিছেই৷ বাৰিষাৰ বোকোচাত উঠি অহা শৰতৰ আগমনে আৱাল-বৃদ্ধ-বনিতাৰ দেহ মনত নৱ-যৌৱনৰ হেন্দোলনি তুলি সৰ্বত্ৰে মানুহৰ খেয়ালী মনত নতুন অনুভূতি জগাই তুলিছে৷

শৰৎ মানেই শেৱালীৰ সুবাস, আহিনৰ কুৱঁলি, শ্যামলী পথাৰৰ মৃদু মলয়া, কৰম পুজাৰ মাদলৰ ছন্দত প্ৰাণ পাই উঠা বুধুৱা-মিনিহঁতৰ হেঁপাহ৷ চোতালৰ দুৱৰিত সূৰ্যৰ পোহৰত চিকমিকাই উঠা মুকুতাবোৰেও বতৰা দিলেহি শাৰদীয় ঋতু আগমনৰ৷ শৰতৰ এই নিয়ৰসিক্ত সেমেকা ৰাতিৰ কোনোবা ক্ষণতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল “শাৰদী ৰাণী তোমাৰ হেনো নাম…’’

হয়তো ভূপেন হাজৰিকাৰো প্ৰিয় ঋতু আছিল শৰৎ৷ কৃষকৰ হেপাঁহৰ সেউজীয়া ৰঙৰ চাদৰখনেও বতাহৰ সতে ছন্দ মিলাই ককাঁল ভাঙি ভাঙি হালি জালি নাচি বাগি শৰতক স্বাগতম জনাইছে৷ওৰেটো জীৱন এটি কলি দুটি পাতৰ চিঙি চিঙি শিৰিখৰ ছাঁত জিৰণি লৈ ভাগৰুৱা দেহাৰে পুনৰ মাদলৰ তালে তালে ঝুমুৰ নচা লচমীজনীৰ ওঁঠত হাঁহি বিৰিঙাই দিয়া শৰত এয়া৷ ঢাক, ওজাপালিৰ মাতেৰে মুখৰিত হৈ উঠা শৰৎ এয়া৷ বুকুৰ পথাৰত সেউজীয়া বিলাই ভৰুণ হোৱা শৰত এয়া৷

শৰত মানেই দেৱী দূৰ্গাৰ শক্তিৰ এচমকা চমকনি৷ ন ৰূপেৰে আকৌ এবাৰ বেলুন, পেঁপাই উমলিব আহিনৰ নঙলাত৷ শৰত মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ৷ শৰতৰ বুকুতে কবিতা, শৰত মানে শিৰাই শিৰাই প্ৰবাহিত হৈ থকা অফুৰন্ত উলাহ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *