ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-সন্মুখত সৰস্বতী পুজা। হিন্দু ধৰ্মত দেৱী সৰস্বতীক বিদ্যা, শিল্প, সংগীত আৰু সাহিত্যৰ দেৱী বুলি কোৱা হয়। তেওঁৰ আৰাধনাত ব্ৰতী হ’লে বিদ্যা-বুদ্ধি লাভ কৰা যায় বুলি লোকবিশ্বাস। আগন্তুক ১৪ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী তিথিত সৰস্বতী পুজা পালিত হ’ব। ভগৱতী, সাৰদা, বীণাপাণি, বাগেশ্বৰী নামেৰে পৰিচিত দেৱী সৰস্বতী। ঋগ্বেদত সৰস্বতীক মানুহৰ বুদ্ধি, জ্ঞান আৰু মনোবৃত্তিৰ সংৰক্ষক বুলিও কোৱা হয়। শাস্ত্ৰত সৰস্বতীৰ মহিমা বৰ্ণনা কৰা আছে।

হিন্দু ধৰ্ম অনুসৰি বসন্ত পঞ্চমী তিথিত সৰস্বতীৰ জন্ম। প্ৰতি বছৰে এই তিথিত সৰস্বতী পুজা কৰা হয়। কিন্তু কেনেকৈ সৰস্বতীৰ উৎপত্তি? পুৰাণত সৰস্বতীৰ উৎপত্তিৰ কাহিনী সম্পৰ্কে বিশদভাৱে উল্লেখ আছে। পুৰাণত বৰ্ণিত কাহিনী অনুসৰি ব্ৰহ্মাই যেতিয়া জগৎ সংসাৰ ৰচনা কৰি আছিল তেতিয়া তেওঁ বিষ্ণুৰ আদেশত মানুহৰ যোনি আৰু অন্যান্য জীৱৰ সৃষ্টি কৰিছিল। সকলোবোৰ সৃষ্টি কৰাৰ পাছতো চাৰিওফালে আছিল কেৱল নিস্তব্ধ এক পৰিবেশ। বিশ্বৰ এই অৱস্থা দেখি একপ্ৰকাৰ হতাশ হৈ পৰিছিল ব্ৰহ্মা।

ব্ৰহ্মাই তেতিয়া চিন্তা কৰিবলৈ ধৰে যে কেনেকৈ বিশ্বৰ এই নিস্তব্ধতা দূৰ কৰা যায়। তেওঁ তেতিয়াই স্বৰ, বাণীৰ প্ৰয়োজন আছে বুলি ভাৱি বিষ্ণুৰ সৈতে বিষয়টো আলোচনা কৰে। বিষ্ণুৰ সৈতে আলোচনা কৰাৰ পাছত ব্ৰহ্মাই নিজৰ কমণ্ডলৰ পৰা পানী পৃথিৱীত ছটিয়াই দিয়ে। এই পানীৰ কণাই মৰ্ত্যৰ ভূমি স্পৰ্শ কৰাৰ লগে লগেই এক কম্পনৰ সৃষ্টি হয়। এই কম্পনৰ পৰাই চাওঁতে চাওঁতে এক নাৰীৰূপী অদ্ভুত শক্তিৰ সৃষ্টি হয়।

সেই নাৰী শক্তিৰ চাৰিখন হাত। তেওঁৰ এখন হাতত বীণা, এখন হাতত বেদ, এখন হাতত জপ কৰা মালা আৰু এখন হাতত কমণ্ডলু। তেওঁৰ বাহন হৈছে ৰাজহংস। পদ্ম আসনত তেওঁ বহি থাকে। ইয়াৰপাছতেই ব্ৰহ্মাই সেই বিশেষ শক্তিশালী নাৰীক বীণা বজাবলৈ অনুৰোধ কৰে। বীণাৰ মধুৰ স্বৰত সংসাৰৰ সমস্ত জীৱজন্তুৰ মাজত বাণীৰ সঞ্চাৰ হয়। স্তব্ধ জলধাৰাৰ কোলাহল আৰম্ভ হয়। বতাহতো শুনিবলৈ পোৱা যায় বিশেষ স্বৰ। অৰ্থাৎ বতাহ বলাৰো শব্দ শুনিবলৈ পোৱা যায়। এই শক্তিৰ উৎপত্তিৰ পাছতেই জগৎ সংসাৰত বাণীৰ সঞ্চাৰ হয়। সেই বিশেষ নাৰীশক্তিৰ নাম ব্ৰহ্মাই সৰস্বতী ৰাখে। বিশ্বক বিদ্যা আৰু বুদ্ধি তেওঁ প্ৰদান কৰিব বুলিও জনাই। শাস্ত্ৰমতে সৰস্বতীৰ পৰাই সংগীতৰো উৎপত্তি। সেয়ে তেওঁক সংগীত দেৱী বুলিও কোৱা হয়।

শাস্ত্ৰ অনুসৰি বসন্ত পঞ্চমী তিথিত সৰস্বতীৰ উৎপত্তি। সেয়ে প্ৰতি বছৰে এই তিথিত সৰস্বতী দেৱীক আৰাধনা কৰা হয়। ইয়াৰোপৰি সৰস্বতী পুজাৰ কাৰণ সম্পৰ্কে পুৰাণত আন এক কাহিনীও উল্লেখ আছে। পুৰাণ অনুসৰি কৃষ্ণ দেৱী সৰস্বতীৰ প্ৰতি মুগ্ধ হৈছিল। তাৰপাছতেই তেওঁ আশীৰ্বাদ দিয়ে যে যিসকলে বসন্ত পঞ্চমী তিথিত সৰস্বতীক আৰাধনা কৰিব তেওঁলোকে বিদ্যা আৰু শিল্পত নিপুণ হৈ উঠিব। তাৰপিছৰে পৰাই প্ৰতি বসন্ত পঞ্চমী তিথিত ব্ৰহ্মবিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পুজা কৰা হয়।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *