উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মণিপুৰক লৈ অৱশেষত মুখ খুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি বিৰোধীয়ে অনা প্ৰশ্নৰ ওপৰত মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘মণিপুৰত নিশ্বয় শান্তিৰ সূৰ্যোদয় হ’ব। মণিপুৰ নতুন আত্মবিশ্বাসেৰে আগুৱাই যাব। মণিপুৰৰ জনতাক আমাৰ আৱেদন, দেশ আপোনাৰ সৈতে আছে। সংসদৰ সৈতে আছে। এই সমস্যাৰ সমাধান হ’ব। আমি মণিপুৰৰ মা, ভগ্নী সকলোকে এই কথা কৈছো।

শুনি বেয়া লাগিছে। এই সংসদত কোনো কোনোৱে ভাৰতমাতাৰ মৃত্যু কামনা কৰিছে। নাম নোলোৱাকৈয়ে প্রধানমন্ত্ৰীয়ে ৰাহুল গান্ধীক টানি এই বক্তব্য প্ৰদান কৰিছে। তেওঁ কয়, ভাৰতবাসীয়ে এনে কথা শুনি দুখ পাইছে। উত্তৰ পূব আমাৰ হৃদপিণ্ডৰ টুকুৰাৰ দৰে দামী। উত্তৰ পূবত যি সমস্যা চলি আছে এই সমস্যাৰ জন্মদাতা হৈছে কংগ্ৰেছ দল। যেতিয়া মণিপুৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তিত বোমা পেলোৱা হৈছিল তেতিয়া কংগ্ৰেছেই মণিপুৰত শাসনভাৰ লৈ আছিল। মণিপুৰত বহুদিন ধৰি কংগ্ৰেছ চৰকাৰ আছিল। কিন্তু সেই সময়ত বাৰে বাৰে মণিপুৰত বোমা বিস্ফোৰণৰ ঘটনা হৈছিল।

মণিপুৰত বিজেপি শাসনলৈ অহাৰ পাছত এই সমস্যা শেষ হৈছে। আমাৰ চৰকাৰে মণিপুৰত উন্নতিৰ চেষ্টা চলাইছে। আমি এয়া কেৱল ভোটলাভৰ বাবে কৰা নাই। কংগ্ৰেছ নেতা ৰাম মনোহৰ লোহিয়াই নিজেই উত্তৰ পূবক লৈ জৱাহৰলাল নেহৰুক দোষাৰোপ কৰিছে। তেওঁ নিজেই লিখিছে, ‘উত্তৰ পূব ভাৰতক কল্ড ষ্টোৰেজৰ মাজলৈ ঠেলি পঠিওৱা তেওঁলোকৰ উন্নতিৰ সুযোগ সুবিধা বন্ধ কৰাৰ আঁৰত নেহৰু আছিল।’ আমি মণিপুৰক লৈ এনেকুৱা ডাৰ্টি পলিটিক্স কৰা নাই। আমাৰ সময়তেই প্ৰথম মণিপুৰত বন্দে ভাৰতৰ দৰে ট্ৰেইন দিছো। বস্তু কঢ়িওৱা ট্ৰেইন দিছো। প্ৰথম মণিপুৰৰ পৰা সাংসদ আহিছে। প্ৰথমবাৰ মণিপুৰৰ পৰা বিশিষ্ট লোকে পদ্মশ্ৰী সন্মান লাভ কৰিছে। আমি সবকা সাথ সবকা বিকাশ বুলি যি শ্লোগান দিছো সেয়া কেৱল এক শ্লোগান নহয়। এয়া আমি বাস্তৱত কৰি দেখুৱাইছো।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *