ছানিয়াক এৰিলে! ছোৱেইব মালিকে পুনৰ পাতিলে বিয়া…

ছানিয়াক এৰিলে! ছোৱেইব মালিকে পুনৰ পাতিলে বিয়া…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ ভাৰতীয় তাৰকা মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছতে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিক পুনৰ বিবাহ পাশত আৱদ্ধ হ’ল। পাক অভিনেত্ৰী ছানা জাবেদৰ সৈতে দ্বিতীয় বিবাহৰ ফটো নিজে সামাজিক মাধ্যমত আপলোড কৰিলে পাক প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।  বিবাহৰ ফটো টুইটাৰত আপলোড কৰি ছোৱেইব মালিকে লিখিলে- Alhamdullilah   “And We created you in pairs”

উল্লেখ্য যে, প্ৰথমা পত্নী ছানিয়া মিৰ্জাৰ সৈতে ছোৱেইব মালিকৰ সম্পৰ্ক বহুদিনৰে পৰা যথেষ্ট তিক্ততাৰে পাৰ হৈছিল। ২০১০চনত দুয়ো মাজত বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰায় ১২বছৰ দুয়ো বৈবাহিক সম্পৰ্কত থকাৰ পাছত বিবাহ বিচ্ছেদ হৈছিল। ছানিয়া আৰু ছোৱেইবৰ এটি পুত্ৰ সন্তানো আছে। বৰ্তমান সেই সন্তানটো ছানিয়া মিৰ্জাৰ সৈতে থাকে।ই

ইফালে ছোৱেইব মালিকৰ সৈতে বিয়া বহা পাক অভিনেত্ৰী ছানা জাবেদৰো এয়া দ্বিতীয় বিবাহ। ২০২০চনত পাক অভিনেত্ৰীগৰাকী এগৰাকী ব্যৱসায়ীৰ সৈতে বিয়াত বহিছিল যদিও ২০২৩চনত সেই সম্পৰ্কৰ যতি পৰে। বৰ্তমান ছানা জাবেদৰ বয়স ২৮বছৰ।

ইপালে বৰ্তমান ভাৰততে বিভিন্ন কামত ব্যস্ত হৈ থকা ছানিয়া মিৰ্জাই স্বামীৰ দ্বিতীয় বিবাহৰ সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কেইবাটাও বিজ্ঞাপনৰ লগতে ভাৰতীয় ক্ৰীড়াৰ বহুকেইটা প্ৰকল্পৰ কামত ব্যস্ত ছানিয়া মিৰ্জা।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *