এদিনৰ পাছতে সলনি হ’ব শনি গ্ৰহৰ স্থান, ৩ ৰাশিৰ ওপৰত আশীৰ্বাদ পৰিব শনি দেৱতাৰ

এদিনৰ পাছতে সলনি হ’ব শনি গ্ৰহৰ স্থান, ৩ ৰাশিৰ ওপৰত আশীৰ্বাদ পৰিব শনি দেৱতাৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

এদিনৰ পাছতে সলনি হ’ব শনি গ্ৰহৰ স্থান, ৩ ৰাশিৰ ওপৰত আশীৰ্বাদ পৰিব শনি দেৱতাৰ

শনি বুলি কলেই সাধাৰণতে মানুহে ভয় কৰা দেখা যায়। পাছে এই শনি দেৱতাই কেতিয়াবা বেয়াৰ সলনি অধিক ভাল হে কৰে মানুহৰ ভাগ্য চক্ৰৰ।

এইবাৰ তেনেই এক সংযোগ ঘটিবলৈ গৈ আছে। মাথো এটা দিনৰ পাছতেই শনি গ্ৰহৰ স্থান সলনি হৈ পৰিব। আৰু এই স্থান সলনিৰ পাছতে কেইটামান ৰাশিৰ লোকৰো ভাগ্য উদয় হ’ব।

১৮ মাৰ্চ সোমবাৰে শনিদেৱতা কুম্ভ ৰাশিত উদয় হ’ব। জ্যোতিষ শাস্ত্ৰ মতে কোৱা হয় যে, শনিদেৱৰ উদয় আৰু অস্ত হোৱা শুভ কাৰক।

কুম্ভ ৰাশিত উদয় হৈ ২৯ জুন তাৰিখে বক্ৰ অৱস্থাত প্ৰৱেশ কৰিব। শাস্ত্ৰত কোৱা অনুসৰি, শনিদেৱে এটা ৰাশিত প্ৰায় আঢ়ৈ বছৰ ধৰি ভ্ৰমণ কৰে। যিহেতু শনিক কৰ্মফলদাতা হিচাপে ধৰা হয়, সেয়ে সেই ৰাশিৰ কৰ্ম যোগ ভাল বুলি ধৰা হয়।

শনিগ্ৰহৰ উদয় হোৱাৰ ফলত বৃষ ৰাশিৰ লোকৰ লাভ হোৱা দেখা যায়। কৰ্মক্ষেত্ৰতো ভাল লাভ হোৱাৰ সম্ভাৱনা। অহা ৩ মাহলৈ এই ৰাশিৰ জাতক-জাতিকাৰ আৰ্থিক উন্নতি হোৱাৰ যোগ।

তুলা ৰাশিৰ জাতক-জাতিকাৰো ভাল হোৱা দেখা যায়। সুখৰ আগমন ঘটিব এই সময়ছোৱাত। নতুন দায়িত্ব পাব যাৰ ফলত লাভ হ’ব। দাম্পত্য জীৱনলৈয়ো সুখৰ আগমন ঘটিব।

ধনু ৰাশিৰ লোকৰ বাবেও শনিৰ কুম্ভ ৰাশিত উদয় হোৱা এক সকৰাত্মক দিশ। চাকৰিৰ ক্ষেত্ৰত ভাল দেখা যায়, পদোন্নতিৰো যোগ আছে। সমাজত মান বৃদ্ধি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *