হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ছলমান খানৰ জীৱন শৈলীক লৈ মানুহৰ আগ্ৰহৰ শেষ নাই। অভিনেতাজনে কেতিয়া বিয়া কৰাব, জীৱনৰ নানান অধ্যায়ৰ প্ৰতিয়েই মানুহৰ আগ্ৰহ আছে। তেওঁৰ জীৱনৰ সকলোবোৰ অধ্যায় প্ৰায়েই লাইমলাইটত থাকে। বিগত কেইবাদিনো ধৰি ছলমান খানৰ এখন ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ছলমানৰ উপাৰ্জন কোটি কোটি টকা। কেতিয়াবা তেওঁ অভিনয় কৰা ছবিৰ বাবে ছবিৰ অৰ্ধেকেই তেওঁ লাভ কৰে। ছলমান খানৰ বৰ্তমান প্ৰায় ২৮৫০কোটিৰ সম্পত্তি আছে।

কিন্তু ইমানবোৰ সম্পত্তি থকা স্বত্ত্বেও এটা বেডৰুমৰ ফ্লেটতেই থাকে ছলমান। শুনিবলৈ মিছা যেন লাগিলেও এয়াই সত্য। ছলমান খানে মাত্ৰ ১৬কোটি টকীয়া ঘৰতে দীৰ্ঘদিন ধৰি বাস কৰি আহিছে। ভাইজানে এই বিশেষ ফ্লেটটোত বাস কৰাৰ আঁৰত আছে কেইটামান বিশেষ কাৰণো। ৰিপৰ্ট অনুসৰি ছলমান খানৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ২৮৫০ কোটি। তৎসত্ত্বেও ছলমান ১৬কোটি টকীয়া ঘৰত থকাৰ কাৰণ হৈছে এই ঘৰৰ সৈতে তেওঁৰ কেইবাটাও বিশেষ স্মৃতি জড়িত হৈ আছে। এক সাক্ষাৎকাৰত ছলমানে কয়, তেওঁ সৰুৰে পৰাই এই ঘৰত আছে। তেওঁৰ শৈশৱ এই ঘৰতেই পাৰ হৈছে। ৫০বছৰৰ সৰু বৰ সকলো স্মৃতি তেওঁৰ এই বিশেষ ঘৰটোৰ সৈতে জড়িত হৈ আছে। তেওঁ জীৱনকালত এনে ফ্লেট হাজাৰটা ক্ৰয় কৰিব পাৰিলেও ছলমানে এইক্ষেত্ৰত মুঠেও আগ্ৰহী নহয়। তেওঁৰ পৰিয়ালৰ সকলোবোৰ লোকেই তেওঁতকৈ বিলাসী ঘৰত বাস কৰে। কেৱল ছলমানৰহে নিজাকৈ কোনো ঘৰ নাই বুলিও ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত বাখ্যা কৰিছিল ছলমানে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *